নিয়মীয়া বাৰ্তা ৮ জুনঃ বিজেপি অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত কার্যালয়ত, বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠনৰ হোৱাৰ পিছত সোমবাৰে মিত্রদল অগপ আৰু ৰাজ্যিক বিজেপিৰ মাজত প্রথমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়।বৈঠকত অগপ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তই ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ লগত মত বিনিময় কৰাৰ উপৰি অনাগত সময়ত দুয়োটা দলৰ কার্যকর্তাসকলে মিত্রতাৰ ধর্ম পালন কৰি ঐক্যবদ্ধভাৱে কেনেদৰে ৰাজ্য চৰকাৰৰ হৈ কাম কৰি যাব সেই সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰে৷
বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অনাগত সময়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা সভাপতি তথা দলৰ তৃণমূল পর্যায়ৰ কার্যকর্তাৰ সহায়–সহযোগত অগপ–বিজেপিৰ মিত্রতা আৰু অধিক সুদৃঢ় হৈ উঠিব বুলি আশা প্রকাশ কৰে৷
সভাপতি দাসে আগন্তুক সময়তো ৰাজ্যিক আৰু জিলাৰ কার্যালয়সমূহত এনেদৰেই সৌজন্যমূলক মত বিনিময় বৈঠক অব্যাহত ৰখাৰ পৰামর্শ আগবঢ়ায়৷ ভাষণ প্রসংগত অগপ দলৰ সভাপতি অতুল বৰাই কয় যে নির্বাচনৰ প্রাকমুহূর্তত অগপ আৰু বিজেপি কার্যকর্তাসকলৰ মাজত সু–সমন্বয় গঢ়ি তুলিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত বিজেপিৰ কার্যকর্তাসকলে লোৱা পদক্ষেপ আদৰণীয় আছিল৷ বৈঠকত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাংসদ তপন গগৈ, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আদি উপস্থিত আছিল৷