নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত নিৰ্বাচনী ৰণশিঙা অগপৰ

🔹 ডিফুত অগপৰ বিশাল কাৰ্যকৰ্তা সন্মিলনত সভাপতি অতুল বৰা-কাৰ্যকৰী সভাপতি কেশৱ মহন্ত

🔹 কাৰ্বি আংলঙত নতুন ৰূপত জিলিকিব অগপ

🔹 বিৰোধী ৰাজনৈতিক দলৰ ক্ষমতা দখলৰ অৰ্থহীন কচৰত

🔹 তথাকথিত জাতীয়তাবাদী মুখাপিন্ধা দলৰ কংগ্ৰেছৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ৯ জুলাই : অগপৰ কৰ্মকৰ্তাসকলক অধিক সক্ৰিয় কৰি তোলা তথা দলৰ প্ৰতিজন কৰ্মকৰ্তাৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা অগপই আৰম্ভ কৰা লোকসভা সমষ্টিভিত্তিক কৰ্মকৰ্তা সন্মিলনৰ অংশ হিচাপে আজি ডিফুত অনুষ্ঠিত হয় বিশেষ কৰ্মকৰ্তা সন্মিলন। পাহাৰীয়া অঞ্চলটোত থকা অগপৰ কৰ্মকৰ্তাসকলক লৈ অনুষ্ঠিত হোৱা এই বিশেষ কৰ্মকৰ্তা সন্মিলনত সভাপতিত্ব কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বৰাক, ব্ৰহ্মপুত্ৰৰ লগতে ডিমা হাছাও, কাৰ্বি পাহাৰতো অসম গণ পৰিষদৰ গৌৰৱধ্বজা নতুন ৰূপত জিলিকি উঠিব বুলি উল্লেখ কৰি পাহাৰীয়া অঞ্চলটোৰ কৰ্মকৰ্তাসকলৰ নতুন উদ্যম, সঁহাৰি আৰু মনোবলে আজি দলৰ প্ৰতিজন নেতা-কৰ্মীকে উৎসাহিত কৰিছে বুলি মন্তব্য কৰে।

বৰাই লগতে শেহতীয়া কংগ্ৰেছ তথা বাৰটা ৰাজনৈতিক দলৰ কাৰ্য্যকলাপ অৰ্থহীন ৰাজনৈতিক কচৰতহে বুলি কয় । বৰাই অসম আন্দোলনৰ ৮৫৫গৰাকী শ্বহীদৰ তেজেৰে হাত ৰাঙলী কৰা কংগ্ৰেছ দলৰ ওচৰত জাতীয়তাবাদৰ মুখাপিন্ধা এই ৰাজনৈতিক দলসমূহে নিৰ্লজ্জ আত্মসমৰ্পণ কৰা বুলি মতপোষণ কৰে। জাতীয়তাবাদ তথা অসমৰ অস্তিত্ব বিপদাপন্ন কৰা কংগ্ৰেছ দলটো সমূলঞ্চে ৰাজ্যৰ পৰা উৎখাত হলেহে খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব বুলি বৰাই লগতে মন্তব্য কৰি কংগ্ৰেছৰ ভেটি সমূলঞ্চে উছন কৰি ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সংগঠনৰ প্ৰতিটো স্তৰ শক্তিশালী কৰাত দলীয় কৰ্মকৰ্তাসকলক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ সভাপতি বৰাই আহ্বান জনায়। সভাত দলৰ কৰ্মকৰ্তাসকলৰ উদ্যম আৰু তৎপৰতাই অনাগত দিনবোৰত পাহাৰীয়া জিলাকেইখনত অসম গণ পৰিষদ সবল ৰূপত উজ্জীৱিত হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। ঐতিহাসিক অসম আন্দোলনৰ সময়ৰে পৰা অসম গণ পৰিষদৰ অগ্ৰগামী যাত্ৰালৈকে আঞ্চলিকতাবাদৰ উত্থানত ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাকেইখনৰ ৰাইজে যথেষ্ট অৰিহণা যোগাইছে ৷ ডিফু লোকসভা সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰে আজি অনুষ্ঠিত হোৱা ডিফু লোকসভা সমষ্টিৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি দলৰ চালিকা শক্তি কৰ্মকৰ্তাসকলক সম্বোধন কৰি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই অসম গণ পৰিষদে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অভেদ্য শক্তি হিচাপে সদায়ে শক্তিশালী ভূমিকাত অৱতীৰ্ণ হৈ আহিছে বুলি উল্লেখ কৰে ৷ মহন্তই কয় যে ৰাজ্যখনৰ বিকাশ আৰু সুৰক্ষাই অসম গণ পৰিষদ দলৰ প্ৰধান লক্ষ্য। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত মিত্ৰদলৰ চৰকাৰে দ্ৰুত উন্নয়নৰ সমান্তৰালভাৱে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰন্তৰভাৱে মনোনিৱেশ কৰিছে । ৰাইজৰ আশিস আৰু সহযোগিতাই সফলতাৰ উৎস বুলি মন্তব্য কৰি কাৰ্য্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে অসম গণ পৰিষদ নিশ্চিত যে ত্বৰান্বিত উন্নয়ন আৰু সুশাসনৰ স্বাৰ্থত বিৰোধীক পৰাভূত কৰি ডিফু সমষ্টিৰ ৰাইজে আসন্ন নিৰ্বাচনসমূহত মিত্ৰজোঁটৰ পক্ষত বিপুল জনাদেশ প্ৰদান কৰিব।

                                               

সভাত দলৰ ৰাজ্যসভাৰ সাংসদ তথা দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড০ নৃপেন বৰুৱা, সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল উপস্থিত থাকে।

You might also like