অসমলৈ পর্যটক অহাৰ অনুমতি অষ্ট্রেলিয়াৰ, কিন্তু কেইখনমান ঠাইলৈ যোৱা বন্ধ
🔴 জাপানেও অনুৰূপ সিদ্ধান্ত লোৱাৰ আশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ এডভাণ্টেজ আছাম ২.০ৰ প্রাক্ক্ষণত ৰাজ্যখনৰ বাবে সুখবৰ৷ অষ্ট্রেলিয়াৰ পৰা অসমলৈ পর্যটক অহাৰ ক্ষেত্রত দেশখনে ইতিপূর্বে আৰোপ কৰা নিষেধাজ্ঞা পুনৰীক্ষণ কৰি চাৰি জিলা তিনিচুকীয়া–ডিব্রুগড় বাদ দি অসমৰ আন স্থানলৈ যোৱাৰ অনুমতি প্রদান কৰিছে৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়াও সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন বলৱৎ থকা তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাত অষ্ট্রেলিয়াৰ পর্যটকসকল অহাৰ অনুমতি দিয়া নাই৷ সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন বলৱৎ হৈ নথকা ৰাজ্যখনৰ আন স্থানলৈ দেশখনৰ পর্যটকসকলক অহাৰ বাবে অষ্ট্রেলিয়াৰ দূতাৱাসে অনুমতি দিছে৷ পূর্বতে সমগ্র ৰাজ্যখনতে দেশখনৰ পৰা পর্যটক অহাটো বন্ধ কৰি ৰাখিছিল৷ সেইদৰে জাপানেও অসমলৈ পর্যটক অহাৰ ক্ষেত্রত আৰোপ কৰা নিয়ন্ত্রণ প্রত্যাহাৰ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ এডভাণ্টেজ আছাম ২.০ৰ প্রাক্ক্ষণত এয়া এক শুভবার্তা বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷