নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত শৰতৰ মায়াময় পৰিৱেশত চলিছে আখৰা

🔹 ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : শুভ্ৰ কঁহুৱা, ৰূপালী জোনাক আৰু নিৰ্মল আকাশেৰে ঢকুৱাখনাত  এতিয়া শৰতৰ মায়াময় পৰিৱেশ। ইয়াৰ মাজতে শৰতৰ কোমলতা ভৰা স্নিগ্ধ জোনাকৰ কল্লোলিত ধ্বনিয়ে কঢ়িয়াই আনিছে প্রেম প্রাচুর্যৰে ভৰা ভগৱত প্রেমৰ প্রতিভূস্বৰূপ উৎসৱ শ্রীশ্রী কৃষ্ণৰ ৰাসলীলাৰ বতৰা । শ্রীকৃষ্ণৰ জীৱন-জিজ্ঞাসাৰ মর্মার্থ একত্রিত হৈ থকা ৰাসোৎসৱে আনিছে ঐক্য, শান্তি তথা সম্প্রীতিৰ এনাজৰী৷ এনে এক সমাজৰ সকলো স্তৰৰ লোককে জড়িত কৰি কৃষ্ণপ্রেমৰ মাদকতাৰে সমাজ-সংস্কৃতি গঢ়ি তোলাৰ কচৰৎ কৰা ৰাসোৎসৱৰ আনন্দ-উৎসৱে সমগ্র ৰাজ্যখনকে চুই গৈছে । ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাসৰ আখৰা। উজনিৰ পৰা নামনিলৈ ৰাসক লৈ ব্যস্ততা। ইয়াৰ ব্যতিক্ৰম নহয় ঢকুৱাখনাও। কৃষ্ণ বন্দনা তথা খোল-তালৰ শব্দত উখল-মাখল হৈ পৰিছে ঢকুৱাখনাৰ চৌদিশ । ঢকুৱাখনাৰ প্রান্তে প্রান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। চন্দ্ৰাৱলী ৰাতি বৃন্দাবনত কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হ’বলৈ ব্যস্ত হৈ পৰিছে প্ৰতিটো অঞ্চলৰ ৰাইজ। যোৱা লক্ষ্মী পূর্ণিমাতে ৰাসৰ আখৰা আৰম্ভ কৰি শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো লোকে গীত-নৃত্য, আলাপ-আখৰাত সর্বত্রে মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ প্রায় ২০ৰো অধিক ৰাসস্থলী। শৰৎ কালৰ স্নিগ্ধ জোনাকত ৰাস মহোসৎৱত ভাগ ল’বলৈ এতিয়া দিন-ৰাতি একাকাৰ কৰি সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। কোনোৱে যদি লৈছে শ্ৰীকৃষ্ণৰ ভাও, আন কোনোৱে লৈছে ৰাধা, শংখচূড়, যশোদাৰ ভাও৷ খোল, তাল, বাঁহীৰ মায়াময় সুৰৰ ছন্দত কণ কণ শিশু, যুৱক-যুৱতীসকলে নাচি-বাগি বৃন্দাবনৰ পৰিৱেশ সৃষ্টি কৰিছে গাঁৱৰ ৰংগমঞ্চত । গাঁৱৰ প্ৰতিজন ডেকাই এতিয়া অত্যাধুনিক কাৰিকৰী কলা-কৌশলেৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত মুখাশিল্লীসকলৰ আছে এক নিবিড় সম্পৰ্ক, কিয়নো বিভিন্ন ধৰণৰ মুখা অবিহনে ৰাস প্ৰদৰ্শন কৰাটো অসম্ভৱ।  দিনে-নিশাই শিল্পীসকল ব্যস্ত হৈছে বিভিন্ন মুখাত শেষ পৰশ দিয়াত। শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছ অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰৰ মুখা। ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ লগতে অসমৰ বোলছবি আৰু ধাৰাবাহিকৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব। জানিব পৰা মতে, পিঠিয়াল গাঁওবাসীৰ উদ্যোগত আৰু মাতমৰা পঞ্চায়তৰ সহযোগত আয়োজিত  ৰাসলীলাত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী অমৃতা গগৈয়ে। অভিনেত্ৰীগৰাকীয়ে ১৫ নৱেম্বৰত ভাটি অয়েঙীয়াৰ ৩২সংখ্যক ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাত দৈৱকীৰ ভাওত অভিনয় কৰিব। ইয়াৰ সমান্তৰালকৈ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ঘাঁহিগাঁৱৰ ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱন, উজনি জালভাৰী, ১নং বান্তৌ, শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ, বালিগাঁৱৰ হৰি মন্দিৰ, গোবিন্দপুৰ কৃষ্টি ভৱন, ঘাৰমৰা আঞ্চলিক ৰংগমঞ্চ, শান্তিপুৰ, সাপতীয়া চেতিয়া গাঁও, ৰোহা আদিত ৰাসলীলাৰ প্ৰস্তুতিৰ বাবে পূৰ্ণোদ্যমে চলিছে আখৰা। মুঠতে ৰাস মহোৎসৱক লৈ ঢকুৱাখনাৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like