নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যাকাৰীয়ে শাস্তি পোৱাৰ আশা অভি-নীলৰ পিতৃৰঃ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি অব্যাহত 

বিশেষ বাৰ্তা, ১৯মে: সমগ্ৰ দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ তদন্তকাৰী বিষয়াই সাক্ষ্য প্ৰদান কৰে।অভি-নীল হত্যাৰ এই গোচৰটোৰ ধাৰাবাহিক ভাৱে তিনিদিন ধৰি আদালতে গোচৰৰ দিন ধাৰ্য কৰিছিল যদিও কালি বিশেষ কাৰণবশতঃ এই গোচৰৰ শুনানি নহল যদিও আজি আদালতে তদন্তকাৰী বিষয়াৰ সাক্ষ্য গ্ৰহণ কৰে।কাইলৈ পুনৰ আদালতত গোচৰটোৰ শুনানী হব বুলি জানিব পৰা গৈছে।উল্লেখ যে, মুঠ ৭১ গৰাকী সাক্ষীৰ ৬৯ গৰাকীৰ সাক্ষ্যগ্ৰহণ নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ইতিমধ্যে সম্পন্ন হৈছে ।সাক্ষ্য গ্ৰহণ কৰা সাক্ষী সকলৰ ৭ জনে ভাষ্য সলনি কৰাৰ অভিযোগ কৰিছে নীল অভিৰ পিতৃয়ে। অৱশ্যে তদন্তকাৰী আৰক্ষীৰ বিষয়াৰ সাক্ষ্যদানত সন্তুষ্ট দুই পিতৃ। আজি গোচৰটোৰ সম্পৰ্কত দুই পিতৃৰ আশা অভি-নীলৰ হত্যাকাৰীয়ে শাস্তি পাব।উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত একাংশ লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয় এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো ।ঘটনা সংঘটিত হোৱাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়েও তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতেই আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল অভিযোগনামা । নিলোৎপল, অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত আৰম্ভ হৈছিল ।

প্ৰেৰক কনক হাজৰিকা

You might also like