নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ট্রেডিং প্ৰৱঞ্চক অবিনাশ পাৰ্ধিয়াক জে’ললৈ প্ৰেৰণ

🔹 ২৪৩গৰাকী লোকৰ সৈতে কোটি  টকা লেনদেনৰ স্বীকাৰোক্তি

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰা বৰহোলা গড়াজানৰ অবিনাশ পাৰ্ধিয়াক আজি বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে তিতাবৰ আৰু বৰহোলাৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি জে’ললৈ যোৱাৰ পূৰ্বে অবিনাশ পাৰ্ধিয়াই সংবাদ মাধ্যমৰ আগত প্ৰায় ২৪৩গৰাকী ব্যক্তিৰ সৈতে কোটি টকাৰ লেনদেন কৰা বুলি স্বীকাৰোক্তি দিয়ে। সৰ্বমুঠ পাঁচ লাখ টকালৈকে কোনো লোকে বিনিয়োগ কৰা বুলিও প্ৰকাশ কৰে। উল্লেখ্য যে ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে কালি বৰহোলা আৰক্ষীয়ে আটক কৰিছিল গড়াজানৰ ১৬নং ব্লক গাঁৱৰ পৰা অভিনাশ পাৰ্ধিয়া নামৰ যুৱকজনক। যুৱকজনে নিজ বাসগৃহতে Good luck Tutor center private limited নামেৰে এটা প্ৰতিষ্ঠান স্থাপন কৰি আৰু এটা ট্ৰেডিং এপৰ দ্বাৰা বিভিন্ন লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। বৰহোলাৰ একাংশ অ’ এন জি চিৰ চাকৰিয়াল, ব্যৱসায়ী, ঠিকাদাৰ আৰু বহু শিক্ষক চাকৰিয়ালে অধিক ধন ঘটাৰ লালসাত ট্ৰেডিঙৰ এই প্ৰৱঞ্চকৰ জালত ভৰি দিয়া বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ সকলো প্ৰৱঞ্চক ট্ৰেডাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষী প্ৰশাসনক সচেতন ৰাইজে দাবী জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like