নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগৰ অভাৱনীয় জয়লাভ

বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ দেওবাৰে বাংলাদেশত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামী লীগ পাৰ্টীয়ে বিৰাট জয়লাভ কৰিছে। অৱশ্যে নিৰ্বাচনত ভোট কম আছিল। বাংলাদেশৰ মূল বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি) আৰু ইয়াৰ মিত্ৰ দলসমূহে নিৰ্বাচন বৰ্জন কৰিছিল। খবৰ অনুসৰি ৩০০ আসনৰ সংসদত আৱামী লীগে ২২৩খন আসন লাভ কৰিছে। এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ২৯৯খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। এই আসনখনৰ ওপৰত ভোটগ্ৰহণ পিছত অনুষ্ঠিত হ’ব। সাধাৰণ নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰৰ বাবে আৱামী লীগৰ এয়া জয়। একে সময়তে একপক্ষীয় নিৰ্বাচনত সামগ্ৰিকভাৱে পঞ্চম কাৰ্যকাল লাভ কৰিছে শ্বেখ হাছিনাই। ২০০৯ চনৰ পৰাই তেওঁ ক্ষমতাত আছে। সংসদত মূল বিৰোধী দল জাতীয় পাৰ্টীয়ে ১১খন, বাংলাদেশ কল্যাণ পাৰ্টীয়ে এক আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬২খন আসন লাভ কৰে। জাতীয় সমাজতন্ত্ৰিক দল আৰু বাংলাদেশৰ ৱৰ্কাৰ্ছ পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। ইফালে শ্বেখ হাছিনাৰ এই জয়ৰ পিছতে অভিনন্দন জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ছচিয়েল পোষ্টত কয়, সফল নিৰ্বাচনৰ বাবে বাংলাদেশৰ জনসাধাৰণকো অভিনন্দন জনাইছোঁ। বাংলাদেশৰ সৈতে আমাৰ চিৰস্থায়ী আৰু জনকেন্দ্ৰিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।

You might also like