নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত নিয়মীয়া বাৰ্তাৰ সাংবাদিক কৃষ্ণ গগৈক যুৱ সাংবাদিকতা বঁটা

🟢 দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ উদ্যোগত প্ৰদীপ কুমাৰ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা প্ৰদান

🟢দুই সাংবাদিকসহ এগৰাকী সমাজকৰ্মীক বঁটা প্ৰদান, ১১ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমক কলুষিত কৰিবলৈ উঠিপৰি লগা এচাম দুষ্টচক্ৰক প্ৰত্যাহ্বান জনাব পৰাকৈ অসমত এতিয়া সৎ, সাহসী আৰু নিষ্ঠাৱান সাংবাদিকৰ সৃষ্টি হৈছে। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। কালি বৃহত্তৰ দুলীয়াজানৰ মফচলীয় সাংবাদিকৰ উমৈহতীয়া অনুষ্ঠান সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানে আয়োজন কৰা বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। ছাত্ৰ নেতাগৰাকীয়ে নিজ ভাষণত ব্যক্ত কৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক কাম-কাজৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰি অনুভৱ হৈছে, গৰিষ্ঠসংখ্যক সংবাদকৰ্মীয়ে এই বৃত্তিটোক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থা সদায় দায়িত্বশীল, সমাজৰ প্ৰতি দায়বদ্ধ সৎ আৰু নিষ্ঠাবান সাংবাদিক সকলৰ কাষতহে থাকিব। ইয়াৰোপৰি এই মঞ্চৰ পৰাই ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আৰ্থিক ক্ষেত্ৰতো সকাহ দিবলৈ চৰকাৰক দাবী জনায়। অনুষ্ঠানৰ আৰম্ভণিতে মঞ্চৰ উপ-সভাপতি জিতুল দত্তই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুলীয়াজানৰ পথিকৃত সাংবাদিক প্ৰদীপ দত্ত, মঞ্চৰ প্ৰাক্তন সভাপতিদ্বয় অমল কুমাৰ হৰ’, প্ৰদীপ কুমাৰ গগৈ আৰু উপ-সভাপতি বুদ্ধেশ্বৰ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে পৰিয়ালবৰ্গই। ইয়াৰ পাছতেই দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ সংগীত শিক্ষয়িত্ৰী মেঘালী শইকীয়াৰ তত্বাৱধানত একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মঞ্চৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়াই। মঞ্চৰ সভাপতি জয়ন্ত ভূঞাই পৰিচালনা কৰা মূল সভাত সন্মিলিত সাংবাদিক মঞ্চৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা টিংখঙৰ যুৱ সাংবাদিক কৃষ্ণ গগৈক প্ৰদান কৰাৰ লগতে প্ৰাক্তন উপ-সভাপতি বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জ্যেষ্ঠ সাংবাদিক নিৰ্মল বৰা আৰু প্ৰাক্তন সভাপতি অমল কুমাৰ হৰ’ সোঁৱৰণী সামাজিক বঁটা দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী হেমেন নেওঁগক প্ৰদান কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু পৰিয়ালবৰ্গই। এই অনুষ্ঠানতে ক্ৰমে শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমকান্ত গগৈ, অইল ইণ্ডিয়াৰ নিৰাপত্তা বিভাগৰ মুৰব্বী পৰাগ গগৈ, অইল ইণ্ডিয়াৰ জন পৰিক্ৰমা বিভাগৰ মহাপ্ৰৱন্ধক দেৱাশিস বড়া, নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত ভাগৱতী, দুলীয়াজানৰ দৈনিক জনমভূমি কাকতৰ ক্ৰীড়া সাংবাদিক ৰফিকউদ্দিন আহমেদ আৰু জ্যেষ্ঠ সাংবাদিক অজয় সিঙ, কাকত বিতৰক অমল মিত্ৰ, কুটীৰ শিল্পৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে গকুল বড়া, বয়ন শিল্পৰ বাবে ‘মাকোঁ’ৰ দুই স্বত্বাধিকাৰী ক্ৰমে জুলী দত্ত আৰু মৃণালী দত্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট ব্যক্তি সকলে। আনহাতে চিকিৎসাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে অইল ইণ্ডিয়া হাস্পতালৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনপ্ৰতীভ বৰুৱা পিতৃৰ বিয়োগৰ বাবে অনুষ্ঠানত উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত পৰবৰ্তী সময়ত তেখেতৰ প্ৰতিষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা মঞ্চই অনুষ্ঠানত সদৰি কৰে। দুলীয়াজান ৰটাৰী ক্লাবত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অইল ইণ্ডিয়া লিমিটেডৰ নৱনিযুক্ত আৱাসিক মুখ্য বিষয়া আনফৰ আলি হক, কাৰ্যবাহী সঞ্চালক তথা মুখপাত্ৰ ভৈৰৱ ভূঞা, শিক্ষাবিদ ড০ সুৰেন্দ্ৰ নাথ গগৈ, অজিত বড়া, বিষেশ্বৰ গগৈ, ড০ অজিত শইকীয়া, মৃণ্ময় কুমাৰ বৰুৱা, দিগন্ত তামুলী, জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়া, আদিত্য গোস্বামী, মৃত্যুঞ্জয় দাস, ৰাজুমণি গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কনক গগৈ, অনিল গগৈ, দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্ত‌, সম্পাদক লোহিত দত্ত, কবি-সাহিত্যিক মিতালী মহন্ত, পল্লবী বৰগোহাঁই, আফৰুজা আখতাৰ, শোভামণি দত্ত তামুলী, স্বপ্না ডি নাথ, শিক্ষয়িত্ৰী লখিমী চুতীয়া গগৈ, অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী মিনাক্ষী গগৈ, সম্পাদিকা ৰাণু তামুলীৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

#বাৰ্তা ডেস্ক

You might also like