নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজ লাইভৰ ছায়ামণি ভূঞা, সংঘামিতা শর্মা বৰুৱালৈ সন্মান অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ

📌 জ্যোতি চিত্রবনত অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ সাংস্কৃতিক–বঁটা প্রদান অনুষ্ঠান

📌 সাংবাদিক–শিল্পী–শিক্ষাবিদসহ ২০গৰাকীক সতী ৰাধিকা স্মাৰক বঁটা প্রদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি জ্যোতি চিত্রবনত বিশেষ সাংস্কৃতিক আৰু বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ বন্তি প্রজ্বলন কৰে অসম সত্র মহাসভাৰ সম্পাদকপ্রধান তথা শ্রীশ্রীকালশিলা সত্রৰ সত্রাধিকাৰ কুসুম কুমাৰ মহন্তই৷ অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ সম্পাদক কমল কুমাৰে আদৰণী ভাষণ দিয়ে৷ ভাষণ প্রসংগত তেওঁ কয়– নতুন প্রজন্মই মহাসতী ৰাধিকাৰ নাম জানক, বুজক বুলি ভাবিয়েই অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতি আৰু সতী ৰাধিকা মহিলা তীর্থৰ সহযোগত এই পদক্ষেপ লোৱা হৈছে৷ ভাষা, সাহিত্য, সংস্কৃতি, সাংবাদিকতাৰ ক্ষেত্রখন চহকী কৰি আই–মাতৃক গৌৰৱান্বিত কৰা তেনে প্রতিভাৱান নাৰীক সতী ৰাধিকাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ প্রয়াসেৰে সন্মান প্রদান কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞা, সংঘামিতা শর্মা বৰুৱা, প্রাগ নিডজৰ বার্তা সম্পাদক নৱনীতা কলিতা, ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰা, প্রতিদিন টাইমৰ অলকা বৰুৱা, নিউজ ১৮ অসমৰ মৌচুমী শর্মা বৰুৱা, এন বি নিউজৰ ছানিয়া চুলতানা, এন কে টিভিৰ মছফিকা আহমেদ, এন ডি ২৪ৰ পাপৰি বুঢ়াগোহাঁই, ফৰ টিভিৰ হালিমা বেগম, আছাম টকছৰ ৰাণীমা বৰঠাকুৰ, প্রথম খবৰৰ পল্লৱী বৰা ভূঞাৰ লগতে সংগীত নাটক অকাডেমী বঁটাপ্রাপক নৃত্যশিল্পী জলীমণি শইকীয়া, কণ্ঠশিল্পী কমলিকা কাশ্যপ, সত্রীয়া সংস্কৃতিৰ সাধক কন্যা কুমাৰী শইকীয়া, শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীণা ভৌমিক, লেখিকা ড০ স্বর্ণলতা নাথ, অধ্যাপিকা শান্তশ্রী মল্লিক ভূঞা, লেখিকা পল্লৱী নেওগ বৰা, নৃত্যশিল্পী প্রতীক্ষা কাশ্যপ, সত্রীয়া শিল্পী মিৰাণ্ডা তালুকদাৰ, মহিলা বংশীবাদক মিনু গগৈ, কৃতী শিক্ষয়িত্রী নাজমিন খানমক বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্রীশ্রীৰাজহুৱা সত্রৰ সত্রাধিকাৰ তথা অসম সত্র মহাসভাৰ সাংস্কৃতিক সম্পাদক সনাতন দাস, এছবিপিএলৰ সঞ্চালক সৰভেছ কুমাৰ, অসম সত্র মহাসভাৰ সাংগঠনিক সম্পাদক বিনয় কুমাৰ দাস, জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকা, বিশিষ্ট সমাজসেৱক ৰাজু সাহানী, নেমকেয়াৰ হাস্পতালৰ সঞ্চালক চাজিদ আহমেদ, এন বি নিউজৰ মহাপ্রবন্ধক দাদুমণি বৰা, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায়বৰুৱা, জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া, ড০ সীমা বৰা, চুমি ৰহমান, বৰষা কাশ্যপ, ডিম্পী গোস্বামী৷ সাংবাদিক ডিম্পী ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত সতী ৰাধিকা মহিলা তীর্থৰ সাংস্কৃতিক সম্পাদক গীতাঞ্জলি দাসৰ বৰগীত, কৃষকান্ত বৰবায়নৰ দশাৱতাৰ নৃত্য, আছিফ আহমেদৰ পৰিচালনাত বাৰেৰহণীয়া নৃত্য, মহিলা তীর্থৰ শিল্পীৰ হোলীগীত পৰিৱেশন, গোপী নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানে সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় অসম সত্র মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি ডাঃ কনক চন্দ্র তালুকদাৰে৷

You might also like