ৰাজ্যিক ভিত্তিত আয়োজিত জ্যেষ্ঠ নাগৰিকৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ অধীনত অসমৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে আয়োজিত জ্যেষ্ঠ নাগৰিক সকলৰ মাজত সঙ্গীত আৰু একাংকিকা নাটকৰ ৰাজ্যিক সাংস্কৃতিক সমাৰোহৰ আজি পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। এই প্ৰতিযোগিতাত সঙ্গীতৰ দুটা শাখাত হোজাই জিলাৰ লংকাৰ মাকুম সিঙে দুটা প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে একাংকিকা নাটক প্ৰতিযোগীতাত হোজাই সদৰ শাখাৰ “অস্তৰাগ” নাটকৰ খনে শ্ৰেষ্ঠ ৰূপসজ্জাৰ আৰু এই নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অনুপ কুমাৰ বৰঠাকুৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ লগতে জিলাখনৰ কাকীৰ বিয়লি শংখধ্বনি নামৰ নাটকখনে তৃতীয় শ্ৰেষ্ঠ নাটকৰ খিতাপ লাভ কৰাৰ লগতে নাটক খনত অভিনয় কৰা নিজৰা হাজৰিকাই শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান লাভ কৰে। অসমৰ প্ৰায় সকলো জিলাতে ১৩ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰ পৰ্যন্ত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ সঙ্গীত প্ৰতিযোগিতাৰ অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত প্ৰথম তিনিটা স্থান অধিকাৰী সকলৰ মাজত চুৰান্ত প্ৰতিযোগিতা খন যোৱা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হয়। যোৱা ২৬ আৰু ২৭ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত একাংকিকা নাটক প্ৰতিযোগিতাৰ অনুষ্ঠিত হৈছিল। আজি জ্যেষ্ঠ নাগৰিকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উল্লিখিত প্ৰতিযোগিতা সমূহৰ বঁটা সমূহ প্ৰদান কৰা হয়। আজি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰে ।
প্ৰেৰক কিশলয় দেৱগোস্বামী