বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ যোৰহাটৰ উল্লেখনীয় উচ্চ শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজি চিনামৰা মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত বাৰ্তালোচনী বিশ্বমুখী যুগবাৰ্তাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত গুৰু মহীয়ান আনন্দ কেওট স্মাৰক বঁটা আৰু শিক্ষক- সমাজকৰ্মী অতুল শৰ্মা স্মাৰক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিগত কেবাটাও বছৰ ধৰি প্ৰদান কৰি অহা গুৰু মহীয়ান আনন্দ কেওট বঁটাৰ বাবে এইবাৰ মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা, শিক্ষাবিদ জয়শ্ৰী ফুকনলৈ আৰু শিক্ষক – সমাজকৰ্মী অতুল শৰ্মা স্মাৰক বঁটাৰ বাবে টিয়ক চন্দ্ৰকমল বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিনয়ব্ৰত ৰাজখোৱাক প্ৰদান কৰা হয়। আজি চিনামৰা মহাবিদ্যালয়ৰ সভাকক্ষত এই উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত এই বঁটাসমূহ প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ পৰা প্ৰকাশিত বাৰ্তালোচনী বিশ্বমুখী যুগবাৰ্তাৰ সম্পাদক তথা অধ্যাপক ড° দ্বীপেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা আৰু অধ্যাপিকা শেৱালি শইকীয়াই আঁত ধৰা সভাখনৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বৰগীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকনক এইবৰ্ষৰ গুৰু মহীয়ান আনন্দ কেওট স্মাৰক বঁটা প্ৰদান কৰা হয়। আনহাতে, একেটা অনুষ্ঠানতে শিক্ষক, সমাজকৰ্মী অতুল শৰ্মা স্মাৰক বঁটা প্ৰদান কৰা হয় টিয়কৰ চন্দ্ৰকমল বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিনয়ব্ৰত ৰাজখোৱাক। উক্ত বঁটাত সুদৃশ্য স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, মেডেল, পৰিৱেশ অনুকূল মহাবিদ্যালয়ৰ বিশেষ মোনা, কাগজৰ কলম, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি দুয়োগৰাকী শিক্ষাবিদে এইয়া এক অনন্য প্ৰাপ্তি বুলি অভিহিত কৰে। এনে ধৰণৰ বঁটা – বাহনে অনুপ্ৰাণিত কৰাৰ লগতে মনোবল বৃদ্ধি কৰে বুলি উল্লেখ কৰি এই বঁটাই আজিৰ পৰা দায়বদ্ধতা বঢ়াই তুলিলে বুলিও উল্লেখ কৰে। তদুপৰি দুগৰাকীকৈ প্ৰয়াত শিক্ষাগুৰুৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে কাৰ্য্যৰ শলাগ লয় দুয়োগৰাকী বঁটাপ্ৰাপকে। সভাত প্ৰয়াত আনন্দ কেওটৰ পৰিয়ালৰহৈ ৰাজীৱ লোচন হাজৰিকা আৰু অঞ্জুমনি হাজৰিকাই আৰু প্ৰয়াত অতুল শৰ্মাৰ পৰিয়ালৰ হৈ পুত্ৰ দিব্যজ্যোতি শৰ্মায়ো বক্তব্য প্ৰদান কৰি দুয়োগৰাকী বঁটাপ্ৰাপকলৈ অভিনন্দন জনোৱাৰ লগতে চিনমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই সভাতেই মহাবিদ্যালয়ৰ পৰা বিগত প্ৰায় এটা দশক ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাই অহা বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ৰ এইবাৰৰ সংখ্যা উপস্থিত অতিথিসকলে উন্মোচন কৰে। অধ্যাপক অচ্যুত দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাখনতে অধ্যাপিকা বীণা বৰাৰ কন্যা অনিন্দিতা বৰাই অংকন কৰি ওলিওৱা প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন প্ৰয়াত এ পি জে আব্দুল কালামৰ এখন বৃহৎ তৈলচিত্ৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰে। সভাৰ সভাপতি শিক্ষাবিদ আনন্দ শইকীয়াই শিক্ষাগুৰুৰ মৰ্য্যদা অক্ষুণ্ণ ৰাখিবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ইয়াৰ পূৰ্বে পুৱা অধ্যাপক তৰুণ শইকীয়াই আঁত ধৰা স্মৃতি তৰ্পন অনুষ্ঠানত আনন্দ কেওট আৰু অতুল শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে নকছাৰি চিনিয়’ৰ ছেকেণ্ডেৰী স্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক উজ্জ্বল দুৱৰাই। মনোগ্ৰাহী সভাখনত কেবাজনো বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া