নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান টংলা প্ৰেছ ক্লাবৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : টংলা প্ৰেছ ক্লাবৰ উদ্যোগত কছাৰীতল গাঁও উন্নয়ন সমিতি আৰু অৰুণজ্যোতি সংঘৰ সহযোগত সংঘ প্ৰাংগণত আজি প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ তৃতীয় মৃত্যু বাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ সোঁৱৰণত তিনিটাকৈ বঁটা প্ৰদান কৰা হয়। জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে উদ্বোধন কৰা এই অনুষ্ঠানত মঙলদৈৰ বিশিষ্ট সাংবাদিক গণেশ দত্তক এই বৰ্ষৰ ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিকতা বঁটা , বিশিষ্ট সমাজ কৰ্মী অৰ্জুন দৈমাৰীক ধনেশ্বৰ ৰাভা সোঁৱৰণী যুৱ সমাজ কৰ্মী বঁটা আৰু টংলাৰ বাতৰি কাকত বিতৰক ৰাজু জোৱাদ্দাৰক ধনেশ্বৰ ৰাভা সোঁৱৰণী সমাজ কৰ্মী বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে টংলা প্ৰেছ ক্লাবে। তিনিও গৰাকী বঁটা প্ৰাপকক একো খনকৈ মান পত্ৰ, ফুলাম গামোচা, জাপি আৰু একোটাকৈ স্মাৰকেৰে সন্মানিত কৰা হয়। বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাক লগ পোৱা দিনবোৰৰ কথা ৰোমন্থন কৰি কয় যে ধনেশ্বৰ ৰাভা আছিল এগৰাকী সৎ, নিষ্ঠাৱান সাংবাদিক। এনে এগৰাকী সাংবাদিকৰ সোঁৱৰণত তেওঁলৈ বঁটা প্ৰদান কৰা বাবে টংলা প্ৰেছ ক্লাবলৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত অংশ লৈ বি টি চিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাও সামাজিক আৰু সংবাদ ক্ষেত্ৰ খনত প্ৰয়াত ধনেশ্বৰ ৰাভাৰ অৱদানৰ কথা উল্লেখ কৰে। টংলা প্ৰেছ ক্লাৱৰ সভাপতি ফটিক নন্দন ৰাভা আৰু সম্পাদক অৰূপ বড়োই আঁত ধৰা এই বঁটা প্ৰদান অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক দণ্ডী ৰাম ৰাভা, সমাজ সেৱিকা ৰশ্মি ৰেখা ৰাভা, সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, কনেশ্বৰ ডেকা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰয়াত ধনেশ্বৰ ৰাভালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এক কাৰ্যসূচীও ৰূপায়ন কৰা হয়। প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে অঞ্চলটোৰ বিশিষ্ট নাগৰিক দণ্ডী ৰাম ৰাভাই ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like