নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতালৈ সংবাদৰত্ন বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ “সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠান আজি গুৱাহাটী প্ৰেছ ক্লাবত পৰিষদৰ কাৰ্যকৰী সভাপতি চাইফুউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয়। গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি তথা মুক্তিযুঁজাৰু, সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত ফণীন্দ্ৰ নাথ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ সদস্য সত্যেন্দ্ৰনাথ কলিতাই। সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ সম্পাদক দিলীপ বৰ্মনে আতধৰা আৰু গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠানটি এটি নামঘোষাৰে আৰম্ভণি কৰি উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। তেওঁ ভাষণ প্ৰসংগত কয় যে সৃষ্টিকৰ্তা ভগৱানৰ অপুৰ্ব সৃষ্টি এই বিশাল বিশ্ব চৰাচৰ ব্ৰহ্মাণ্ড। সকলো জীৱৰ মাজত শ্ৰেষ্ঠ হ’ল মানৱ নামধাৰী জীৱ সমূহ। অথাৎ এই ভগৱানৰ সৃষ্টিত মানুহেই হ’ল সৰ্বশ্ৰেষ্ঠ জীৱ। কিন্তু সৰ্বশ্ৰেষ্ঠ জীৱ হিচাপে স্বীকৃতি লাভ কৰিলেও জন্মলগ্নতে কোনেও মানৱতা জ্ঞান লাভ কৰি অহা নাই। সেয়ে মানৱতা জ্ঞান আহৰণ নকৰা লৈকে তাক প্ৰকৃত মানৱ বুলি ধাৰণা কৰি লোৱাটো অতিশয় কঠিন। কবি ভক্তি হৰিয়ে তেওঁৰ কাব্যকলা গ্ৰন্থত বা শাস্ত্ৰত উল্লেখ কৰিছে যে “সাহিত্য-সংগীত-কলা বিহীন: সাক্ষাত পশু। অথাৎ সাহিত্য-সংগীত-কলা-বিহীন মানুহ সাক্ষাত পশুৰ নিচিনা বুলি কয়। সৃষ্টি কৰ্তা ভগৱানে এই বিষয়ত ক্ষুদ্ৰ জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকতি সমুহক বঞ্চিত কৰি ৰাখিছে। কিয়নো এই ক্ষুদ্ৰ জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকতি সমুহে জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহৰ দৰে মাত মাতি লিখি পঢ়ি কথা কৈ কোনো সাহিত্য ৰছনা অথবা গান বাজনা আদি কলা সাধনা কৰিব নোৱাৰে। যাক আমি জীৱ শ্ৰেষ্ঠ মানৱ বুলি কৈ গৌৰৱ অনুভৱ কৰোঁ, সেই জীৱ শ্ৰেষ্ঠ মানৱো আছিল এই পশুৰে তুল্য আছিল বুলি কয়। আদৰ্শ মাতৃ মৃনালিনী দেৱীয়ে ভাষণ প্ৰসংগত আৰু কয় যে সাহিত্যৰ অৰ্থ হ’ল মিলন-সন্মিলন-সমাজ-সংস্থা আৰু মানুহে ৰছনা কৰা মহৎ গ্ৰন্থ তথা ৰসময় কাব্য অথবা অনুৰূপ বিশেষ ৰছনা ইত্যাদি। ‘সহিত’ শব্দৰ পৰা সাহিত্য হৈছে। ‘সহিত শব্দটোৰ অৰ্থ হ’ল সংযুক্ত-মিলিত – সৈতে বা একেলগে বুলি কয়। তেখেতে ভাষণ প্ৰসংগত কয় যে সাহিত্য হৈছে মানৱ জীৱনৰ ক্ৰমবিকাশৰ মুল আহিলা তথা জাতীয় জীৱনৰ উন্নতি সাধনৰ এক সুকীয়া প্ৰথম আৰু প্ৰধান মাধ্যম তথা মুল মেৰুদণ্ড স্বৰূপ।ই মানৱ জীৱনৰ আবেগ অনুভুতি তথা ব্যক্তিত্বৰ মুল চাবি কাঠি। সাহিত্যিই মানুহক সামাজিক মুল্য বোধৰ উদ্ৰেক ঘটাই নৈতিক চৰিত্ৰ গঠন কৰাৰ ওপৰিও এটি আদৰ্শবাদী মন আৰু সৎ চৰিত্ৰবান ব্যক্তিত্বৰ অধিকাৰী হ’বলৈ আৰু মানবীয় প্ৰমুল্যবোধক শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান বুলি কয়। অনুষ্ঠানত সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ সম্পাদক দিলীপ বৰ্মনৰ “জ্ঞান সম্ভাৰ” নামৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক, সু-সাহিত্যিক নৰেশ কলিতাই। তেখেতে গ্ৰন্থ উন্মোচনী ভাষণত নলবাৰী সমাজ জীৱনৰ লগত একত্মভাৱে জড়িত হৈ সমাজখনত কৰ্মমুখী জীৱন আৰু সক্ৰিয় অংশগ্ৰহণ কৰা মুক্তিযুঁজাৰু, সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত ফণীন্দ্ৰ নাথ কলিতাৰ জীৱন দৰ্শন সম্পৰ্কে ভাষণ দিয়ে। তেখেতে ভাষণত আমাৰ ৰাজ্য খনৰ বাবে নিৰলস ভাৱে এচাম তথা কথিত সমাজ হিতৈষীয়ে জাতিটোৰ কাৰণে, ভাষাৰ কাৰণে, সাহিত্য সৃষ্টিত নিমজ্জিত হৈ সমাজ গঠনৰ বাবে কামকৰি আছে, কিন্তু সেই সকল সমাজ হিতৈষীক বাতৰি কাকততে হওক বা প্ৰচাৰ মাধ্যম সমুহে এলাগী কৰিছে যেন বোধগম্য হয় বুলি কয়। তেখেতে ভাষণ প্ৰসংগত কেনেদৰে গ্ৰাম্য অঞ্চলৰ সমাজ জীৱনৰ লগত একাগ্ৰতা ভাবে কিছুমান ব্যক্তি জড়িত হৈ সমাজৰ আদৰ্শ হৈ কাম কৰি আহিছে, সেই ব্যক্তি সমুহক উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ বুলি উদাহৰণ সহ বুজায় দিয়ে। উক্ত অনুষ্ঠানতে আজি প্ৰায় চাৰি দশক কাল সংবাদ পত্ৰৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱাৰ বাবে “সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসম’ৰ পৰা নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতালৈ ‘সংবাদৰত্ন বঁটা’ প্ৰদান কৰে। উক্ত অনুষ্ঠানতে ড০ যতীন্দ্ৰ নাথ ডেকাক “জীৱনজোৰা সাধনা বঁটা”, কালিৰাম বড়োক ‘সমাজসেৱা বঁটা’, ড০ মহীধৰ পাঠকক শিক্ষাৰম্ভ বঁটা’, দিগন্ত বৰ্মনক ‘সমাজসেৱা বঁটা’, অশ্বিনী কুমাৰ শৰ্মাক ‘কাব্যপ্ৰভাকৰ বঁটা’, সত্যেন্দ্ৰ কলিতাক ‘সমাজসৱা বঁটা’, ফনীধৰ ডেকা, পূৰ্ণৰাম কলিতা,জ্যোতিষ চন্দ্ৰ ভূঞা, শুকদেব মালাকৰ, ধৰণীধৰ ডেকা, খগেন চন্দ্ৰ মধি, মনহৰি কলিতা, যাদৱ কুমাৰ হালৈক “জীৱনজোৰা শিক্ষা সাধনা বঁটা”, ড০ প্ৰভাত হালৈক” জীৱনজোৰা শিল্পী আৰু সাহিত্য সাধনা বঁটা’, ধীৰেন কুমাৰ বৰ্মনক শিল্পী গৌৰব বঁটা’, হৰেকৃষ্ণ মেধিক ‘সমাজৰত্ন বঁটা’, খগেন ভুঞাক ‘সংবাদজ্যোতি বঁটা’, মহেশ চন্দ্ৰ শৰ্মা,কন্দৰ্প কুমাৰ দাস, হিমা কলিতা,ভূষণ চন্দ্ৰ ৰয়, নিজৰা ডেকাক ‘কাব্যজ্যোতি বঁটা’, ডেইজী তালুকদাৰ, বিপিন চন্দ্ৰ কলিতা, অমূল্য দাসক ‘সাহিত্য জ্যোতি বঁটা’ প্ৰদান কৰা হয়। অনুষ্ঠানত শলাগ আগবঢ়ায় সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ সম্পাদক দিলীপ বৰ্মনে।

You might also like