নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : মৈৰাবাৰী থানা নাগৰিক কমিটীৰ উদ্যোগত কালি দিনৰ ১১ বজাত মৈৰাবাৰী গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আৰু দিনৰ ২ বজাত দূৰাবান্ধি ছেকেণ্ডাৰী স্কুলত সজাগতা সভা অনুষ্ঠিত হৈ যায়। “শিশুৰ অপৰাধ সংক্ৰান্তীয়” শীৰ্ষক সজাগতা সভা দুখন সঞ্চালনা কৰে ক্ৰমে মৈৰাবাৰী হাম গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জমিল আহমেদ আৰু দূৰাবান্ধি ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক আবুল হাসিমে। সজাগতা সভা দুখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৈৰাবাৰী থানা নাগৰিক কমিটীৰ সহকাৰী সম্পাদক তাৰিকুল ইছলামে। সভা দুখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি মৈৰাবাৰী থানাৰ আৰক্ষী বিষয়া পংকজ দাসে চৰকাৰে শিশুসকলৰ ওপৰত চলা অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ প্ৰণয়ন কৰা আইনসমূহ সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক বিতংকৈ অৱগত কৰে। সভাত মৈৰাবাৰী থানা নাগৰিক কমিটীৰ অধ্যক্ষ নুৰুজ্জামান আহমেদ, থানা উপদেষ্টা কমিটীৰ সভাপতি চেলিম চৌধুৰীৰ লগতে বিদ্যালয় দুখনৰ কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল।
প্ৰেৰক তাৰিকুল ইছলাম