নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মানকাচৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সহযোগত আজি বাঘাপাৰা গাঁও পঞ্চায়তৰ চোমৰাশালী এম ই স্কুলত শিশু শ্ৰমিক সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। বাঘাপাৰা অঞ্চলত গা কৰি উঠা এটি সামাজিক ব্যধি শিশু শ্ৰমিক সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰি অঞ্চলটোত যাতে শিশু শ্ৰমিক বন্ধ হয়, তাৰ বাবে অঞ্চলবাসীক সচেতন কৰা পৰিলক্ষিত হয়। সভাত মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, জিলা শ্ৰম পৰিদৰ্শক জান্নাতুল ফৌদোছ, মানকাচৰৰ খণ্ড উন্নয়ন বিষয়া বিশিষ্ট সমাজকৰ্মী হৰুণৰ ৰশিদ, উপেন কোচে উপস্থিত থাকি শিশু শ্ৰমিক বন্ধ সন্দৰ্ভত মূল্যৱান ভাষণ প্ৰদান কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ইটা ভাতা, কাজু-তামোল ফেক্টৰীত নিয়োজিত শিশু শ্ৰমিক বন্ধৰ কৰাৰ বাবে উক্ত সভাত আলোচনা কৰা হয়। সভাত অংগনৱাড়ী, আশাকৰ্মী, গাঁও পঞ্চায়ত প্ৰতিনিধি, গাঁওপ্ৰধান আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
প্ৰেৰক ফাৰহাদ আহমেদ