নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলোঙাপাৰ গিবন অভয়াৰণ্যত নকছাৰি কলেজৰ সজাগতা কাৰ্য্যসূচী

বিশেষ বাৰ্তা, ১ মে’ : মৰিয়নিৰ সমীপৰ নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ ‘পৰিৱেশ সজাগতা কাৰ্য্যসূচী’ৰ অন্তৰ্গত নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ উদ্যোগত আজি মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত এক সজাগতা কাৰ্য্যসূচী সম্পন্ন হয়। নকছাৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু গিবন কনজাৰ্ভেছন চেন্টাৰৰ সহযোগত আয়োজিত এই সজাগতা কাৰ্য্যসূচী হোলোঙাপাৰ গিবন অভয়াৰণ্যত অৱস্থিত গিবন কনজাৰভেছন চেন্টাৰত অনুষ্ঠিত কৰা হয়। এই কাৰ্য্যসূচীৰ শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক- অধ্যাপিকাৰ লগতে উক্ত বিভাগৰ প্ৰায় ৩৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট পৰিৱেশবিদ ড° কুমুদ ঘোষে উক্ত সজাগতা কাৰ্য্যসূচীত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ জীৱ -বৈচিত্ৰৰ লগতে বিভিন্ন দিশৰ সম্পৰ্কে অৱগত কৰি বক্তব্য প্ৰদান কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like