নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াৰ পৰা পাঠশালালৈ অসম সাহিত্য সভাৰ পতাকা লৈ শুভযাত্ৰা

পাঠশালাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ বাৰপূজীয়া অধিৱেশনৰ পৰা অসম সাহিত্য সভাৰ সন্মানৰ ‘পতাকা’খনি আজি ২০২৫ বৰ্ষত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ “সপ্তসপ্ততিতম পূৰ্ণাঙ্গ পাঠশালা অধিৱেশনঃ বজালী”লৈ কঢ়িয়াই অনা হয়৷ এই শুভযাত্ৰাত আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ ৰয় আৰু অতুল কলিতাৰ লগতে প্ৰমোদ শৰ্মা, গীতিকা পাঠক ৰয়, নয়নমনি চৌধুৰী, অমলেশ পাটগিৰি, বৰুণ দাস, হীৰক তালুকদাৰ, কল্যাণ শৰ্মা, মন্টু চৌধুৰী, লক্ষেশ্বৰ দাস, গৌতম শৰ্মা, প্ৰাণজিৎ কলিতা, সুৰজিৎ কাকতি, গণেশ দাস, অশ্চিনী কুমাৰ নাথ আদিয়ে সংগ দিয়ে৷ পতাকা প্ৰদানৰ শুভক্ষণত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, ৰামধেনু উপ-সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, সাংগঠনিক সম্পাদক দিগন্ত ভূঞা, বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ ডেকাৰ লগতে বিভিন্ন পদমৰ্যাদাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে কালি সামৰণি পৰা বাৰপূজীয়া অধিৱেশনৰ পতাকা আজি পুৱা ৯ বজাত অৱনমন কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like