🔹 উত্তেজিত ৰাইজে জ্বলালে আত্মসমর্পণকাৰী শ্বাহানুৰৰ ঘৰ, পশুধনৰ কৰুণ মৃত্যু
বিশেষ বাৰ্তা, ১১ আগষ্ট : দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তর্গত মধ্য চৌধুৰীপামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ আয়েত আলী নামৰ ৬৭ বছৰীয়া বৃদ্ধ এগৰাকীৰ নিজ নাতিয়েকৰ ছুৰিকাঘাতত মৃত্যু হয় ৷ গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ পৰা বি এ পাছ কৰা শ্বাহানুৰ ইছলামে মটৰ চাইকেল বিচাৰি ঘৰত উদ্ভণ্ডালি আৰম্ভ কৰিছিল৷ সেই সময়ত শ্বাহানুৰ ইছলামৰ ককাক আয়াত আলীয়ে ধৈর্য ধৰাৰ কথা কোৱাতেই বৃদ্ধজনক উপৰ্যুপৰি চোকা অস্ত্ৰৰে আক্রমণ চলায়৷ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে আয়াত আলী৷ পৰিয়ালৰ লোকে বৃদ্ধগৰাকীক ততাতৈয়াকৈ বকো সামূহিক স্বাস্থ্যকেন্দ্র অভিমুখে লৈ যোৱা অৱস্থাত বৃদ্ধগৰাকীৰ মৃত্যু হয়৷ বৃদ্ধগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্রই পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় একাংশ লোক উত্তেজিত হৈ পৰে৷ ইফালে, ৰাইজৰ ৰুদ্রমূর্তি দেখি হত্যাকাৰী শ্বাহানুৰ ইছলামে স্থানীয় জোৰশিমুলী আৰক্ষী চকীত আত্মসমর্পণ কৰে৷ হত্যাকাৰী শ্বাহানুৰ ইছলামক উত্তেজিত ৰাইজে বিচাৰি নাপাই শ্বাহানুৰ ইছলামৰ ঘৰত অগ্নিসংযোগ কৰে৷ ফলত শ্বাহানুৰৰ পৰিয়ালৰ দুটাকৈ ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হয়৷ আনহাতে, গোহালিত থকা পাঁচটাকৈ গৰুৰ জুইত পুৰি মৃত্যু হয় ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ছয়গাঁও আৰক্ষী থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰী, সোণতলী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অপূর্ব কলিতা, জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ননীগোপাল সৰকাৰ আৰু গৰৈমাৰী আৰক্ষী থানাৰ আৰক্ষী জোৱানে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে আৰক্ষীৰ নিজা প্রচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয় ৷ অৱশ্যে বহু পলমকৈ অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছিল ৷ আৰক্ষীৰ হাতত আত্মসমর্পণ কৰা শ্বাহানুৰ ইছলাম সম্প্রতি ছয়গাঁও আৰক্ষীৰ জিম্মাত আছে৷ আনহাতে, মৃত বৃদ্ধগৰাকীক মর্গত ৰখা বুলি জানিব পৰা গৈছে ৷