নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে উখল-মাখল অযোধ্যা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ কাইলৈ অযোধ্যাত অনুষ্ঠিত হ’ব ‘মহোৎসৱ’৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিগত প্রায় এমাহতকৈ অধিককাল ধৰি চলিছে অযোধ্যাত যুদ্ধসদৃশ পৰিৱেশ৷ প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব৷ পুষ্পৰে সজ্জিত সমগ্র অযোধ্যা নগৰী৷ প্রধানমন্ত্রী মোদীয়ে মন্দিৰৰ ৰামলালা বিগ্রহত ‘প্রাণপ্রতিষ্ঠা’ কৰিব৷ এই অনুষ্ঠানক কেন্দ্র কৰি সমগ্র বিশ্ববাসীৰ নজৰত আছে মন্দিৰনগৰী অযোধ্যা৷ দেশ–বিদেশৰ বিভিন্ন প্রান্তৰ পৰা ৮ সহস্রাধিক লোকক আমন্ত্রণ জনোৱা হৈছে এই অযোধ্যালৈ৷ ইয়াৰ ভিতৰত আছে তাৰকা অতিথিসকলো৷ ইতিমধ্যে বহু অতিথিয়ে আহি অযোধ্যাত উপস্থিত হৈছে৷ কাইলৈ ১০.৩০ বজাৰ ভিতৰত অযোধ্যাত উপস্থিত হ’ব প্রধানমন্ত্রী মোদী৷ তাৰ পাছত সমগ্র দিন ধৰি বিভিন্ন কর্মসূচী ৰখা হৈছে প্রধানমন্ত্রীৰ বাবে৷ ৰাম মন্দিৰ উদ্বোধনৰ পাছত মোদীয়ে অযোধ্যাৰ এখন জনসভাতো অংশগ্রহণ কৰিব৷ উল্লেখনীয় যে মন্দিৰৰ বাবে ৰামলালাৰ ৫১ ইন্সি ওখ আৰু ১.৫ টন ওজনৰ প্রতিমূর্তি নির্মাণ কৰিছে মাইশূৰৰ ভাস্কৰ অৰুণ যোগীৰাজে৷ ৰামলালাৰ এই প্রতিমূর্তিত এটা পদুমফুলৰ ওপৰত সজোৱা হৈছে৷ পুৱা ১০.২৫ বজাত অযোধ্যাৰ বাল্মীকি বিমানবন্দৰত নামিব মোদীয়ে৷ তাৰ পৰাই হেলিকপ্টাৰেৰে অযোধ্যা হেলিপেডত উপস্থিত হ’ব মোদী৷ ১০.৫৫ বজাত ৰাম মন্দিৰ প্রাংগনত প্রধানমন্ত্রীক আদৰণি জনোৱা হ’ব৷ দুপৰীয়া ১২ বজাৰ পাছত আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান৷ ১১ৰ পৰা ১২বজালৈ মোদী ৰাম মন্দিৰৰ ভিতৰতেই থাকিব৷ অৱশ্যে এই সময়খিনিত মোদীয়ে কি কৰিব, সেই কথা জনোৱা হোৱা নাই৷ ৰামলালাৰ বিগ্রহত প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠান তথা মন্দিৰ উদ্বোধনী অনুষ্ঠান ৫০ মিনিট সময় ধৰি চলিব৷ ১২.৫৫ বজাত সকলো ধর্মীয় ৰীতি আৰু অনুষ্ঠান এৰি উদ্বোধনস্থলীৰ পৰা বাহিৰলৈ আহিব প্রধানমন্ত্রী৷ ৰাম মন্দিৰৰ কাষতেই মোদীৰ জনসভাৰ আয়োজন কৰা হৈছে৷ দুপৰীয়া ২ বজা পর্যন্ত মোদীয়ে এই জনসভা সম্বোধন কৰিব৷ ইয়াৰ পিছত অযোধ্যাৰ গুৰুত্বপূর্ণ দর্শনীয় স্থান কুবেৰটিলালৈ যাত্রা কৰিব মোদীয়ে৷ হিন্দু ধর্ম অনুসৰি এই কুবেৰ টিলাৰ গুৰুত্ব অপৰিসীম৷ অযোধ্যাৰ ইতিহাসেই সোঁৱৰাই দিয়ে যে ইয়াতে ধন–সম্পদৰ দেৱতা কুবেৰে পদধূলা দিছিল৷ সৰযু নদীৰ তীৰত ৰামৰ জন্মভূমিৰ সমিপতে কুবেৰে এক শিৱলিংগ স্থাপন কৰাৰ উপৰি শিৱ পূজাও কৰিছিল৷ কাইলৈ বিয়লি এই গুৰুত্বপূর্ণ কুবেৰ টিলা দর্শন কৰিব মোদীয়ে৷ কাইলৈ ৰাম মন্দিৰ উদ্বোধন হ’লেও সাধাৰণ দর্শনার্থীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি হ’ব মঙলবাৰে৷ কাইলৈ আমন্ত্রিত অতিথিসকলৰ বাহিৰে সাধাৰণ মানুহে মন্দিৰত প্রৱেশ কৰিব নোৱাৰিব৷ মঙলবাৰৰ পৰা সমগ্র দিনটোত দুবাৰকৈ ৰাম মন্দিৰৰ দুৱাৰ খোলা হ’ব সাধাৰণ দর্শনার্থীৰ বাবে৷ প্রথমবাৰ দুৱাৰ খোলা হ’ব পুৱা ৭ বজাত৷ সেইসময়ত পূণ্যার্থীসকলে মন্দিৰত প্রৱেশ তথা পূজ দিব পাৰিব৷ পুৱা ১১ বজাত পুনৰ বন্ধ হ’ব মন্দিৰৰ দুৱাৰ৷ আঢ়ৈ ঘণ্টা বিৰতিৰ পাছত পুনৰ ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব আৰু সন্ধিয়া ৭ বজাত বন্ধ কৰা হ’ব মন্দিৰৰ দুৱাৰ৷ সমগ্র দিনটোত তিনিবাৰ ৰাম মন্দিৰৰ আৰতি হ’ব৷ পুৱা ৬ বজাত ‘জাগৰণ আৰতি’, দুপৰীয়া ১২ বজাত ‘ভোগ আৰতি’ আৰু সন্ধিয়া ৭ বজাত হ’ব ‘সন্ধ্যা আৰতি’৷ শ্রীৰাম জন্মভূমিত তীর্থক্ষেত্রৰ তৰফৰ পৰা জনোৱা হৈছে যে দর্শনার্থীসকলে আৰতি দিব বিচাৰিলে নির্দিষ্ট সময়তকৈ ৩০ মিনিট পূর্বে মন্দিৰৰ শিবিৰত কার্যালয়ত পৰিচয় পত্র লৈ হাজিৰ হ’ব লাগিব৷ তাৰ পৰা সংগ্রহ কৰিব লাগিব আৰতি দিয়াৰ পাছ৷ ৰাম মন্দিৰ উদ্বোধনক কেন্দ্র কৰি সমগ্র দেশত উৎসৱৰ পৰিৱেশে বিৰাজ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এই অনুষ্ঠান উপলক্ষে অর্ধ ছুটী ঘোষণা কৰা হৈছে৷ ইয়াৰ উপৰি বিভিন্ন ৰাজ্যতো ৰাম মন্দিৰ উদ্বোধনৰ দিনা ছুটী ঘোষণা কৰা হৈছে৷ উত্তৰ প্রদেশ, মহাৰাষ্ট্র আৰু হিমাচলত পূর্ণ ছুটীৰ দিন ঘোষণা কৰিছে চৰকাৰে৷ ইয়াৰ উপৰি ৰাজস্থান, গুজৰাট, মধ্যপ্রদেশ, ছত্তিশগড়, অসম, ওড়িশা, ছিকিম, জম্মু–কাশ্মীৰত অর্ধছুটী ঘোষণা কৰা হৈছে৷ উল্লেখনীয় যে ৰাম মন্দিৰ উদ্বোধনৰ অনুষ্ঠানৰ বাবে উত্তৰ প্রদেশ আৰক্ষীৰ বিশেষভাৱে প্রশিক্ষিত ‘ব্লেক কেট’ কমাণ্ডোৱে নিৰাপত্তা ব্যৱস্থা নিশ্চিদ্র কৰি তুলিছে৷ এই অনুষ্ঠানৰ সময়ত যাতে কোনোধৰণৰ অঘটন নঘটে তাক লৈ চোকা দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে৷ কেইবাতৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে সমগ্র অযোধ্যাত৷

You might also like