নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ ভূমি পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ৩০ আগষ্টঃ উত্তৰ-পূৱৰ প্ৰথমখন প্ৰস্তাৱিত আয়ুৰ্বেদিক হাস্পতালৰ ভূমি পৰিদৰ্শন কৰিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ডিব্ৰুগড়ৰ জকাই খামটিঘাটত নিৰ্মাণ হ’বলগীয়া হাস্পতালখনৰ ভূমি পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীজনে স্থানীয় ৰাইজৰ লগতো মত-বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে বিভিন্ন অসুখৰপৰা সুকলমে উপশম পাব পাৰোঁ। এই পৰম্পৰাগত পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে জকাই অঞ্চলত আয়ুষ মন্ত্ৰালয়ৰ অধীনত ১০০খন বিচনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতাল নিৰ্মাণৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইখনেই হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতাল, ইয়াত গৱেষণা কেন্দ্ৰৰো ব্যৱস্থা থাকিব। ৬ মাহৰ পিছতে এই হস্পিতালখনৰ আধাৰশিলা স্থাপন কৰি ২ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে। ৪৫ বিঘা ভুমিত হ’বলগীয়া হাস্পতালখনৰ নিৰ্মাণকাৰ্যত ব্যয় হ’ব প্ৰায় ১০০ কোটি টকা। কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে নিজৰ ভাষণত  কয়— “আয়ুষ স্বাস্থ্য সেৱাসমূহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম্পৰাগত ঔষধৰ প্ৰসাৰৰ দৃষ্টিভংগীক অধিক ত্বৰান্বিত কৰিব। মোদী বলিষ্ঠ নেতৃত্বত এতিয়া দেশৰ আয়ুষ বজাৰ বিশ্বজুৰি ২৩.৩ বিলিয়ন ডলাৰৰ বিস্তৃতি অভিমুখে ধাৱমান হৈছে। ভাৰতৰ এই প্ৰাচীন চিকিৎসা বিজ্ঞানৰ জৰিয়তে আমি সমগ্ৰ মানৱ সমাজৰ কল্যাণ সাধন কৰিব পাৰোঁ। সেয়েহে আয়ুষ মন্ত্রালয়ে পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্রণালীৰ গুণগত সম্প্ৰসাৰণ আৰু গৱেষণা বৃদ্ধি কৰাত যথেষ্ট অগ্ৰাধিকাৰ দিছে। দেশৰ আয়ুষ খণ্ডক জাকত-জিলিকা কৰি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অটল হৈ আছে। আয়ুষ প্ৰণালীৰ প্ৰসাৰৰ জৰিয়তে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সমাধান সুলভ মূল্যতে সহজসাধ্য হৈ উঠিব। যোগ আৰু প্রাকৃতিক চিকিৎসাও ইয়াৰ অন্যতম। সেয়েহে ডিব্ৰুগড়ত উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতাল ৯ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণকৰণৰ দিশে আমি অগ্ৰসৰ হৈছোঁ। ইয়াৰ সৈতে গৱেষণা কেন্দ্রও সংযোজন কৰা হ’ব। ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ যথেষ্ট উপকৃত হ’ব পাৰিব।” কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পুনৰাই কয় যে পৰম্পৰাগত চিকিৎসাৰ জৰিয়তে মানৱ সমাজ পৰিত্ৰাণ পাইছে। প্ৰকৃতিৰ বুকুত লাভ কৰা ঔষধসমূহক সঠিক ৰূপত আমি ব্যৱহাৰ কৰিব লাগিব। মহাত্মা গান্ধীৰ আদৰ্শৰে আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাই জনপ্ৰিয়তা লাভ কৰিছে। ক’ভিডৰ সময়তো আয়ুস বিভাগৰ দ্বাৰা উৎপাদিত ঔষধে দেশৰ জনতাক পৰিত্ৰাণ দিলে। প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক চিকিৎসাক অগ্ৰাধিকাৰ দিছে। কংগ্ৰেছৰ শাসনকালত আয়ুস এটা বিভাগ হিচাপে আছিল। ইয়াক বিকাশত গুৰুত্ব দিয়া নাছিল। নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰালয়লৈ উন্নীত কৰি বাজেটত ধন বৃদ্ধি কৰিছিল। খামটিঘাটত নিৰ্মাণ হ’বলগীয়া আয়ুৰ্বেদিক চিকিৎসালয়ত বিজানুসমূহৰ ওপৰতো গৱেষণা চলিব বুলি জানিবলৈ দি হস্পিতালখনত ইয়াৰ বাবে পৃথক গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ১০০ খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই পৰিদৰ্শনকালত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকন, কেন্দ্রীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক ৰাঘৱেন্দ্ৰ ৰাও প্ৰমুখ্যে গণ্য- মান্য ব্যক্তিসকল উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like