নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যখণ্ডলৈ আশাৰ বতৰা : আয়ুর্বেদিক ঔষধে প্রতিৰোধ কৰিব ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : চীন দেশত আৰম্ভ হোৱা ‘ক’ভিড–১৯’ বা ক’ৰোনা ভাইৰাছৰ আতংকই সম্প্রতি গ্রাস কৰিছে সমগ্র বিশ্ব ৷ বিশ্বৰ বিভিন্ন দেশত লাখ লাখ লোক ক’ৰোনা ভাইৰাছৰ  দ্বাৰা আক্রান্ত হোৱাৰ সমান্তৰালভাৱে ভাৰতবর্ষতো এই ভাইৰাছটোৰ দ্বাৰা আক্রান্ত হৈছে প্রায় ৭৮ হাজাৰ নাগৰিক ৷ অসমতো বর্তমানলৈ ৭৯গৰাকী ব্যক্তি ক’ভিড–১৯ ৰোগত আক্রান্ত হোৱাৰ লগতে সহস্রাধিক লোকক কোৱাৰেণ্টাইনত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ ব্যৱস্থাৱলীৰ বুজ লোৱাৰ বাবে দিনে–নিশাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢ়পলিয়াই ফুৰিছে ৷ এই ভাইৰাছবিধক প্রতিহত কৰাৰ বাবে বর্তমানলৈ অধিক আৰু নির্ভৰযোগ্য ঔষধ উদ্ভাৱন হোৱা নাই যদিও ভাৰতবর্ষৰ পৰম্পৰাগত চহকী চিকিৎসা পদ্ধতিৰ জৰিয়তে দেশৰ ‘আয়ুস’ মন্ত্রালয়ে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছ প্রতিৰোধ আৰু সুচিকিৎসাৰ বাবে কেৰালা, গোৱা, গুজৰাট, হাৰিয়ানাৰ স্বাস্থ্যখণ্ডত দেশৰ পৰম্পৰাগত আয়ুর্বেদিক দৰব ব্যৱহাৰ কৰি আছে ৷ অসমৰ কেইগৰাকীমান আয়ুর্বেদিক চিকিৎসকে গুৱাহাটীৰ চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ জৰিয়তে ক’ভিড–১৯ত আক্রান্ত ৰোগী বা ইয়াৰ পূর্বে দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ ক্ষেত্রত সহায়ক হোৱাকৈ ঔষধ প্রস্তুত কৰি সর্বসাধাৰণ জনতাক সজাগ কৰি তুলিবলৈ আহ্বান জনাই ইতিমধ্যে ‘আয়ুস’ৰ ৰাজ্যিক সঞ্চালক তথা আয়ুক্ত সচিবলৈ এক প্রস্তাৱ প্রেৰণ কৰিছে ৷ ৰাজ্যৰ বিশিষ্ট আয়ুর্বেদিক চিকিৎসক ক্রমে চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ অধ্যাপক ডাঃ বিষ্ণুপ্রসাদ শর্মা, নর্থ–ইষ্টার্ন ইনষ্টিটিউট অৱ আয়ুর্বেদ এণ্ড হোমিঅ’পেথি (শ্বিলং)ৰ অধ্যাপক ডাঃ জিষ্ণু চৌধুৰী, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ জিলা ন’ডেল বিষয়া ডাঃ অৰবিন্দ দাস আৰু নেচনেল আয়ুস মিছন, অসমৰ চিকিৎসক ডাঃ জ্যোতির্ময় চৌধুৰীয়ে জানিবলৈ দিয়া মতে, শৰীৰৰ ইমুনিটী বৃদ্ধি হৈ থাকিলে ক’ভিড–১৯ৰ ভাইৰাছে মানুহক সহজতে আক্রান্ত কৰিব নোৱাৰে ৷

ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা প্রস্তাৱত উল্লিখিত আয়ুর্বেদিক ঔষধ সেৱন কৰিলে শৰীৰৰ ইমুনিটী ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত অধিক সুফল লাভ কৰিব পাৰি ৷ ৰাজ্য চৰকাৰলৈ ইতিমধ্যে প্রস্তাৱিত আয়ুর্বেদিক ঔষধৰ উপৰি জনসাধাৰণে পুৱা আধা চামুচ হালধি, ২–৩ গ্রাম আদা, ৭–৮টা জালুকৰ গুড়ি, ২–৩টা তেজপাত, ২–৩ গ্রাম ডালচেনি গুড়ি কৰি লৈ ৩০০ মিলিলিটাৰ পানীত মিহলি কৰি উতলাই চাহ প্রস্তুত কৰি খোৱাৰ লগতে সন্ধিয়াৰ ভাগতো তুলসী, ডালচেনি, জালুক, আদা, নেমুৰস আৰু প্রয়োজন সাপেক্ষে গুৰ মিহলাই ৩০০ মিলিলিটাৰ পানীত উতলাই চাহ প্রস্তুত কৰি খালে শৰীৰৰ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত শৰীৰৰ শক্তি বাঢ়ি যাব বুলি চিকিৎসককেইগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ বাবেই সম্প্রতি গুৰুচী, তুলসী, অশ্বগন্ধাৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা বুলি তেওঁলোকে মন্তব্য কৰে ৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে শৰীৰৰ শক্তিবর্ধক হিচাপে আয়ুর্বেদিক ঔষধ গ্রহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্রীলৈ আয়ুর্বেদিক চিকিৎসকে প্রেৰণ কৰা প্রস্তাৱ কি ধৰণে বিবেচনা কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like