আয়ুষ মন্ত্রালয়ৰ উদ্যোগত ৭ এপ্ৰিলত ডিব্ৰুগড়ত ‘যোগ মহোৎসৱ’
বিশেষ বাৰ্তা, ২ এপ্রিলঃ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ পূৰ্বৰ উপলক্ষ উদযাপনৰ বাবে অহা ৭ এপ্রিল, ২০২৩ তাৰিখে ‘যোগ মহোৎসৱ’ৰ আয়োজন কৰিছে। কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। এই সময়ছোৱাত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ বিষয়াসকলে কেন্দ্রীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে। অহা ২১ জুনত বিশ্বজুৰি উদযাপিত হ’ব ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ । তাৰেই পৰিপ্ৰেক্ষিতত আয়ুষ মন্ত্ৰালয়ৰ তৰফৰপৰা ১০০ দিনীয়া দেশজোৰা যোগ মহোৎসৱ ২০২৩ৰ কাৰ্যসূচী হাতত লোৱা লৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ ৭৫ দিনৰ পূৰ্বৰ অনুষ্ঠানটিৰ প্রস্তুতিপৰ্বৰ বুজ ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেশৱ মহন্ত আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। যোগ মহোৎসৱৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকৰ সক্ৰিয় অংশগ্রহণ নিশ্চিত কৰি সকলো প্ৰস্তুতি তৎপৰতাৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেখেতে আহ্বান জনায়।এয়া এক গৌৰৱৰ মুহূৰ্ত কিয়নো অসমৰ এখন অগ্ৰণী চহৰ ডিব্ৰুগড়ে অহা ৭ এপ্ৰিলত দেশৰ অন্যতম বৃহৎ যোগ অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈছে। এইটো এক আশ্চৰ্যকৰ সংযোগ যে, একেদিনাই বিশ্ব স্বাস্থ্য দিৱসো উদযাপিত হয়। যোগ হৈছে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনেৰে এক সুস্থ-সবল আৰু সন্তুলিত জীৱন যাপন কৰাৰ অনন্য উপায়। আমাৰ সুস্বাস্থ্য অটুট ৰখাত যোগৰ ভূমিকা অপৰিসীম। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত উন্নত স্বাস্থ্য আৰু মানসিক প্রশান্তি প্রাপ্ত কৰাৰ দিশত যোগ বিশ্বব্যাপী এক গণ-আন্দোলনত পৰিণত হৈছে। আমাৰ চহকী ঐতিহ্য-পৰম্পৰা, বিজ্ঞানসন্মত দৃষ্টিভংগীৰ প্ৰতীক যোগৰ এই অতুলনীয় যাত্ৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে কিয়নো ই মানৱ জীৱনৰ বাবে সঞ্জীৱনী সুধা হৈ পৰিছে। যোগে বিশ্ববাসীক এক উন্নত ভৱিষ্যতৰ বাবে একত্ৰিত কৰিছে। যোগ মহোৎসৱৰ উদ্দেশ্য হৈছে সৰ্বস্তৰৰ লোকৰ মাজতে যোগৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু সুস্বাস্থ্যৰ হকে সজাগতা সৃষ্টি কৰা। মই সকলোকে তেওঁলোকৰ দৈনন্দিন জীৱনত যোগক এক অবিচ্ছেদ্য অংগ কৰি জীৱন সুন্দৰ কৰি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে আহ্বান জনায়।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। মানৱ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আয়ুষৰ গুৰুত্বৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰ নিৰ্মাণত যুৱপ্ৰজন্মৰ ভূমিকা আৰু শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে চৰকাৰে সৃষ্টি কৰা সুযোগলৈকে- আদি বিভিন্ন বিষয়ৰ সন্দৰ্ভত এই কথোপকথন অনুষ্ঠিত হয়।কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ- ছাত্রীসকলক যোগ মহোৎসৱৰ সফল আয়োজনত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “শিক্ষাৰ্থীসকল আমাৰ ভৱিষ্যতৰ মেৰুদণ্ড আমাৰ ৰাষ্ট্ৰৰ বিকাশ আৰু প্ৰগতিৰ দিশ শিক্ষার্থী সমাজৰ সৈতে অন্তৰ্নিহিতভাৱে সম্পর্কিত। মই আজি যুৱচামৰ সৈতে মত বিনিময় কৰি আপ্লুত হৈছোঁ। ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ নিজৰ লগতে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ যুৱপ্ৰজন্মক আন্তৰিকতাৰে আহ্বান জনালোঁ। আমাৰ চৰকাৰে যুৱ সবলীকৰণত সবাতোকৈ গুৰুত্ব দিছে। যুৱ নেতৃত্বাধীন উন্নয়নে ভাৰতৰ প্ৰগতিৰ যাত্ৰাক নতুন শিখৰত উপনীত কৰিব। ভাৰতক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী উপলব্ধি কৰি অমৃতকালৰ ভিতৰত ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি সততা-নিষ্ঠা, দৃঢ় মনোবল আৰু কৰ্মসংস্কৃতিৰে আগুৱাই যাবলৈ ছাত্র সমাজক আহ্বান জনালোঁ। মই নিশ্চিত যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিজ নিজ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা আৰু কামৰদ্বাৰা দেশ তথা ৰাজ্যখনক ভৱিষ্যতৰ দিনত আগুৱাই নিব পাৰিব বুলি আশা কৰে।
প্ৰেৰক বিভাস দুৱৰা