নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : খুমটাই আদৰ্শ চিকিৎসালয়ত কালি আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈ যায়। আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁয়ে ফিতা কাটি উদ্বোধন কৰা শিবিৰত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকাই আঁত ধৰে। অনুষ্ঠানত উপস্থিত থাকে এ বি পি এম প্ৰকাশ জ্যোতি মহন্ত, ফামাৰ্চিষ্ট পলৱী কুৰ্মীৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল । আনহাতে, চিকিৎসা সেৱা আগবঢ়ায় ডাঃ চাবাজ হুছেইন, ডাঃ দীপালী কলিতা, ডাঃ অজয় সিং, জি এন এম জীনুমণি তামুলী ,নিভাৰাণী মিনজ্, গায়ত্ৰী গগৈ,খিৰোমণি গগৈ, এ এন এম ধানেশ্বৰী মাহত্ব, পদ্মা বৰপাত্ৰগোহাঁই, দীপা গগৈ, ৰূপৰেখা কুৰ্মী, বহুমুখী স্বাস্থ্যকৰ্মী ভূমিকান্ত পেগু, লেবৰেটৰী টেকনিচিয়ান ৰাণু তামুলী, আশা ছুপাৰভাইজৰ মনালিছা হাজৰিকা, ৰঞ্জিতা সন্দিকৈ আৰু প্ৰতিভা বৰাৰ লগতে আশাকৰ্মী আৰু চিকিৎসালয়খনৰ কৰ্মচাৰীসকল উপস্থিত থাকে। শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা, ৰক্তচাপ পৰীক্ষা, ছুগাৰ, হিমোগ্লবিনৰ লগতে গৰ্ভৱতী মহিলা আদি বিভিন্ন ৰোগৰ পৰীক্ষা কৰা হয় আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। আনহাতে, গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ পুষ্টিবৰ্ধক খাদ্য আদি প্ৰদৰ্শন কৰা হয়। সেই খাদ্যসমূহৰ উপকাৰিতা সম্পৰ্কে বিতংভাৱে স্বাস্থ্যকৰ্মীসকলে ব্যাখ্যা কৰে।
প্ৰেৰক নবীন গোহাঁই