নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী ভকতিদুৱাৰত আয়ুষ্মান স্বাস্থ্যমেলা 

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভৱ আঁচনিৰ অধীনত আৰম্ভ হোৱা সাপ্তাহিক স্বাস্থ্যমেলা সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলতো আৰম্ভ হৈছে। এই উপলক্ষে কালি  মাজুলী জিলাৰ অন্তৰ্গত ভকতি দুৱাৰ আৰু বনৰীয়া চাপৰি স্বাস্থ্য কল্যাণ কেন্দ্ৰত সাপ্তাহিক স্বাস্থ্যমেলা অনুষ্ঠিত হয়। কালি অনুষ্ঠিত স্বাস্থ্য মেলাত  ভকতি দুৱাৰ আৰু বনৰীয়া চাপৰি অঞ্চলৰ লোকসকলৰ বিভিন্ন ৰোগৰ স্বাস্থ্য পৰীক্ষাৰ লগতে আয়ুষ্মান কাৰ্ডসমূহ বিতৰণ কৰে। যোৱা ১৮ ছেপ্টেম্বৰত আয়ুষ্মান ভৱ আঁচনিৰ ভকতিদুৱাৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰ ফিতা কাটি উদ্বোধন কৰে সাংবাদিক প্ৰাঞ্জল খাউণ্ডে ৷  আনহাতে, কালি দুয়োটা কেন্দ্ৰতেই  অনুষ্ঠিত স্বাস্থ্যমেলাত  সামূহিক স্বাস্থ্য বিষয়া ক্ৰমে দ্বীপজ্যোতি বৰুৱা আৰু লিপি সোণোৱালে এই সাপ্তাহিক স্বাস্থ্যমেলাত ৰাইজক  অসংক্ৰমিত ৰোগসমূহৰ পৰীক্ষাৰ লগতে এই ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কত  ৰাইজৰ মাজত তথ্য প্ৰদান কৰে । কালি অনুষ্ঠিত স্বাস্থ্যমেলাত মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ ক্ৰমে ডি পি চি চিন্ময় শৰ্মা আৰু ডি ডি এম অমৰ কলিতা উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like