পাকিস্তানৰ অধিনায়ক পদ ত্যাগ বাবৰ আজমৰ
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ বাবৰ আজমৰ নেতৃত্বত পাকিস্তান দলটোৱে ২০২৩ চনৰ বিশ্বকাপত অতি বেয়া প্ৰদৰ্শন আগবঢ়াইছিল। তাৰ পিছত বাবৰ আজমে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। তিনিওটা ফৰ্মৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে বাবৰ আজমে। বাবৰৰ পিছতে টেষ্ট ক্ৰিকেটত শ্বান মাছুদ আৰু টি-২০ ইণ্টাৰনেশ্যনেলত শ্বাহীন শ্বাহ আফ্ৰিদি অধিনায়ক হোৱাৰ দৌৰত। বাবৰে নিজেই অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰে। ২০১৯ চনত পাকিস্তান দলৰ অধিনায়ক হৈছিল বাবৰ আজম। তিনিওটা ফৰ্মেটতে পাকিস্তানৰ নিয়মীয়া অধিনায়ক আছিল বাবৰ। অধিনায়কৰ পদ এৰা সন্দৰ্ভত বাবৰে ছ’চিয়েল মিডিয়াত লিখিছে, “২০১৯ চনত পিচিবিৰ পৰা অধিনায়কৰ দায়িত্ব লবলৈ ক্ৰিকেট পাকিস্তানৰ ফোন আহিছিল সেই মুহূৰ্তটো মোৰ এতিয়াও স্পষ্টকৈ মনত আছে।” তেওঁ আৰু লিখিছে, “হোৱাইট বলৰ ফৰ্মেটত এক নম্বৰ স্থানত উপনীত হোৱাটো প্ৰশিক্ষক, খেলুৱৈ আৰু দল পৰিচালনাৰ এক সামূহিক প্ৰচেষ্টা আছিল, কিন্তু এই যাত্ৰাৰ সময়ত পাকিস্তানী অনুৰাগীৰ আৱেগিক অটল সহায়ৰ বাবে মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো।” পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আৰু লিখিছে, ‘আজি মই সকলো ফৰ্মেটতে পাকিস্তানৰ অধিনায়ক হিচাপে পদত্যাগ কৰিছোঁ। এইটো এটা কঠিন সিদ্ধান্ত কিন্তু মই ভাবো এইটোৱেই ইয়াৰ বাবে উপযুক্ত সময়।” বাবৰে লিখিছে, ‘মই খেলুৱৈ হিচাপে তিনিওটা ফৰ্মেটতে পাকিস্তানৰ হৈ খেলি যাম। মই মোৰ অভিজ্ঞতা আৰু নিষ্ঠাৰে নতুন অধিনায়ক আৰু দলটোক সহায় কৰি যাম। এই উল্লেখযোগ্য দায়িত্বৰ বাবে পাকিস্তান ক্ৰিকেট দলটোক আন্তৰিকতাৰে ধন্যবাদ জনাইছো।” ২০২৩ চনৰ বিশ্বকাপত পাকিস্তানে ৯খন লীগ মেচৰ ভিতৰত মাত্ৰ ৪খন খেলত জয়লাভ কৰিব পাৰিছিল, তাৰ পিছত দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। ২০খন টেষ্ট মেচত পাকিস্তানৰ অধিনায়কত্ব কৰিছে বাবৰে। ইয়াৰ উপৰি তেওঁ পাকিস্তানৰ হৈ ৪৩খন এদিনীয়া আৰু ৭১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত নেতৃত্ব দিছে।
#বাৰ্তা ডেস্ক