নিয়মীয়া বাৰ্তা, ২০ জুন : ভৰ বাৰিষা পথাৰৰ বিপৰীতে ঢকুৱাখনা সমষ্টিৰ এখন গাঁৱৰ ৰাইজে ভূঁই ৰুব লগা হৈছে বোকাময় ৰাজপথত৷শাওনৰ পথাৰত নহয় এটা বোকাময় ৰাজপথত ভূঁই ৰুই ব্যতিক্ৰমী প্ৰতিবাদত নামিল ঢকুৱাখনা সমষ্টিৰ মাতমৰা পঞ্চায়তৰ এখন গাঁওৰ ৰাইজ।যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভুগি থকা ঢকুৱাখনা বিধানসভা সমষ্টিৰ মাতমৰা গাঁও পঞ্চায়তৰ পিঠিয়াল গাঁৱৰ মহিলাসকলে আজি বাৰিষাৰ পথাৰৰ সলনি গাঁওখনৰ বোকাময় পথত ভূঁই ৰুই গ্ৰামাঞ্চলৰ ৰাইজৰ পথ যোগাযোগ উন্নয়নৰ বাস্তৱ ছবি দাঙি ধৰাৰ লগতে চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলা তথা প্ৰবঞ্চনাক তীব্ৰ প্ৰতিবাদ কৰে।উল্লেখ্য যে গাঁওবাসীয়ে বিগত বহু বছৰ ধৰি গাঁওখনৰ এছোৱা পথৰ বাবে বাৰিষা জ্বলাকলা খাই আহিবলগীয়া হৈছে৷ গাওঁখনলৈ যোৱা একমাত্ৰ পথটোৰ প্ৰায় ১০০মিটাৰ অংশ মেৰামতি নকৰাৰ ফলত বাৰিষা সময়ত বোকা-পানীৰে ভৰি পৰাত যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণাৰ সন্মুখীন হৈছে ৰাইজ।এজাক বৰষুণতে হাতত জোতা-চেণ্ডেল লৈ খোজকাঢ়িব লগা হয় ৰাইজে৷ গাড়ী-মটৰ চলোৱাৰ কোনো উপায় নাই পথটোত।স্থানীয় লোকৰ অভিযোগ অনুসৰি মাতমৰা গাঁও পঞ্চায়তৰ কোনো এজন পঞ্চায়ত প্ৰতিনিধিয়েই পথছোৱাৰ উন্নয়নৰ নামত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ আনকি গাঁও পঞ্চায়তৰ বিষয়ববীয়াক এই ক্ষেত্ৰত অৱগত কৰাত ওলোটাই ভেঙুচালিহে কৰাৰ অভিযোগ পোৱা গৈছে ৷উক্ত পথছোৱা পকীকৰণ কৰিবলৈ চৰকাৰ, প্ৰশাসন আৰু স্থানীয় বিধায়ক নৱ কুমাৰ দলেক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজিকোপতি পথছোৱা পকীকৰণ দূৰৰে কথা উন্নয়নৰ নামত শিল এটাও নপৰিল। বছৰৰ অধিকবোৰ দিনেই বোকাময় হৈ থকা এই পথছোৱাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধা, প্ৰসূতি মহিলা অথবা অন্যান্য ৰোগীসকলে দুৰ্ভোগ ভুগি আহিছে।এনেদৰে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা গাঁওখনৰ একাংশ পুৰুষ-মহিলাই হাতত নাঙল-যুঁৱলী,কোৰ আদি লৈ ওলাই আহি একাঠু বোকাময় পথৰ ওপৰত ভূঁই ৰুই চৰকাৰ- জনপ্ৰতিনিধিৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময় অহাৰ লগে লগে প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহে জনপ্ৰতিনিধিসকল। নিৰ্বাচন আহিলে পথটো নিৰ্মাণ কৰি দিয়া হ’ব বুলি জনপ্ৰতিনিধি সকলে প্ৰলোভন দি ভোট লাভ কৰে ঠিকেই, কিন্তু নিৰ্বাচনৰ পিছত জনপ্ৰতিনিধিক গাঁওখনৰ বিধস্ত পথটো নিৰ্মাণৰ কথা ক’লেও চিনি নোপোৱাৰ ভাওজোৰা বুলি তীব্ৰ কটাক্ষ কৰে। চৰকাৰ-জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এইদৰে গাঁওবাসীয়ে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী উত্থাপন কৰিছে।ইমানৰ পিছতো চৰকাৰ-জনপ্ৰতিনিধি বা ঢকুৱাখনা মহকুমা প্ৰশাসনে এই পথটোৰ প্ৰতি গুৰুত্ব দিব নে নাই সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ’ব।
প্ৰেৰক পুলকজ্যোতি বৰা