নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : বৰপেটা জিলাৰ বৰ্তমানৰ মন্দিয়া সমষ্টিৰ অধীনস্থ আৰু পূৰ্বৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চিতুলী পঞ্চায়তৰ এটি গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে বিগত কেই বছৰ ধৰি জীয়াতু ভুগাই আহিছে স্থানীয় গঞাক। উল্লেখযোগ্য যে মন্দিয়া পৰা দাপনাসিং হৈ গোবিন্দপুৰ সংযোগী উক্ত পথটিৰ আজিও কোনো মেৰামতি নোহোৱাত পুনৰ ক্ষোভিত কৰি তুলিছে পথচাৰীক। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অনিহাৰ ফলত প্ৰত্যেক বছৰৰ খৰালি-বাৰিষাত উক্ত শোচনীয় পথেৰে ছাত্ৰ-ছাত্ৰীয়ে যাতায়ত কৰোঁতে চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে। সমান্তৰালকৈ পথটিৰ এনে দুৰৱস্থাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকল জৰুৰীকালীন সেৱাৰ পৰাও সম্পূৰ্ণভাৱে বঞ্চিত হ’বলগীয়া হৈছে। সময়ে সময়ে উক্ত পথছোৱা পুনৰ নিৰ্মাণৰ বাবে জনতাই ৰাজপথলৈ ওলাই আহি সাংসদ-বিধায়কৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছে। কিন্তু অদ্যাপি পথছোৱা যাতায়াতৰ বাবে সুচল নহ’ল। সেয়ে এতিয়া ৰাইজে অহা বাৰিষাৰ পূৰ্বে পথটি মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ