নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰুদ্দিন আজমলে এই জনমত মাদ্রাছা খুলিব নোৱাৰেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ মাদ্রাছা খোলা আৰু বন্ধ কৰাক লৈ এইবাৰ সমুখসমৰত নামিছে ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে মাদ্রাছা ব’ৰ্ড ভংগ কৰি মাদ্রাছাসমূহ বন্ধ কৰাৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই কঠোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে সাংসদ আজমলে৷ দক্ষিণ শালমাৰাৰ মানকাচৰৰ খোপাটীয়া বজাৰত কালি নিশা এখন সভাত অংশগ্রহণ কৰি আজমলে কয় যে ২০২১ চনত কংগ্রেছ–এ আই ইউ ডি এফে চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠন কৰিয়েই বন্ধ কৰি দিয়া মাদ্রাছাসমূহ কেবিনেটত সিদ্ধান্ত লৈ এবাৰতে খুলি দিব৷ মন্ত্রী ড০ শর্মাক উদ্দেশ্যি আজমলে কয়– ‘আমালোকৰ দিন আহিছে৷ আপুনি কৈছে মাদ্রাছা বন্ধ কৰিব৷ সকলো ক্ষমতা আপোনাৰ হাতত নেকি? মাদ্রাছাৰ মানুহ ভয় নাখাব৷ ভয় কৰা যদি আল্লাৰ বাবে ভয় কৰা৷ ১ লাখ হিমন্ত বিশ্ব শর্মা যদি জন্ম হয়, তথাপি আমাৰ ভয় নাই৷ হিমন্ত বিশ্ব শর্মা এতিয়া সকলোতে কেৱল বদৰুদ্দিনক দেখে৷’ ইপিনে শিক্ষামন্ত্রী ড০ শর্মাই আজমলক প্রত্যাহ্বান জনাই কয়– ‘চেলেঞ্জ কৰিছোঁ কোনো কাৰণতে অসমত তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে৷ মাদ্রাছা খোলাৰ সপোন আজমলে এই জনমত দেখিব নোৱাৰে৷’

You might also like