🔴 পুনৰ মিলন নে ৰাজনৈতিক কৌশল ?
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : পুনৰ মিলন নে ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লোৱা এক ৰাজনৈতিক কৌশল? আজি ধুবুৰীৰ আৱৰ্ত ভৱনত স্থানীয় সাংসদ তথা এআইইউডিএফ ছুপ্ৰিমো বদৰুদ্দিন আজমলৰ সৈতে ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন এআইইউডিএফ বিধায়ক ৰছুল হকৰ মিলনৰ দৃশ্যই এতিয়া অৱতাৰণা কৰিছে এই প্ৰশ্নৰ। এসময়ৰ তিক্ততা পাহৰি আজি দুপৰীয়া দুয়োকে দেখা যায় ধুবুৰীৰ আৱৰ্ত ভৱনত একেলগে বহি থকা। সেয়া প্ৰত্যক্ষ কৰি সেই ঠাইত উপস্থিত থকা সাংবাদিকৰ প্ৰশ্নত ধুবুৰীৰ পূৰ্বৰ দলীয় বিধায়ক ৰছুল হক সৰু ভাইটিৰ দৰে আছিল বুলি মন্তব্য কৰে আৰু হকৰ প্ৰতি থকা পুৰণি খং আৰু নাই বুলিও আজমলে মন্তব্য কৰে। বহুত দিন পিছত লগ পাই ভাল লগা বুলিও মনৰ ভাব ব্যক্ত কৰে তেওঁ। আনকি খোলা মনেৰে আহিলে হকক পুনৰ আদৰি ল’ব বুলিও জনায় আজমলে। ৰছুল হকক কাষত বহুৱাই তেওঁৰ ৰাজনৈতিক জীৱন ডাঙৰ ককায়েকে ধ্বংস কৰা বুলি সাংবাদিকৰ সন্মুখত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ। উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা সম্প্ৰতি অসম গণ পৰিষদ দলত যোগদান কৰা মহিবুল হক আৰু ৰছুল হক হ’ল সম্পৰ্কত ভায়েক-ককায়েক। আনহাতে ৰছুল হকেও সাংবাদিকৰ সন্মুখত আজমলৰ প্ৰশংসাত গদগদ হৈ পৰা দেখা যায়। সাংসদ আজমলক ডাঙৰ ভাতৃ বুলি অভিহিত কৰি হুজুৰে বিচাৰিলে সকলো হ’ব বুলি সাংবাদিকৰ সন্মুখত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হকে। ইপিনে, ধুবুৰীৰ প্ৰাক্তন এআইইউডিএফ বিধায়ক ৰছুল হকৰ সৈতে দলটোৰ ছুপ্ৰিমো আজমলৰ আজিৰ এই মিলনৰ ঘটনা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। সমান্তৰালকৈ আজিৰ দুয়োৰে পুনৰ মিলনৰ ঘটনাক লৈ বৰ্তমানৰ ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হকৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে, সেই লৈও বিভিন্ন মহলত আৰম্ভ হৈছে বিভিন্ন ধৰণৰ চৰ্চা।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী