নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বদৰুদ্দিন আজমলৰ বিদায় আসন্ন : আব্দুল খালেক

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ কংগ্ৰেছ দল নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু; দেশব্যাপি সাজু, অসমৰ কাৰণেও সাজু, ধুবুৰীৰ কাৰণেও সাজু। আৰু, এই নিৰ্বাচন দেশৰ কাৰণে অত্যন্ত গুৰুত্বপূর্ণ নিৰ্বাচন। কাৰণ দেশৰ জনগণ বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ শাসনত অতিষ্ঠ হৈ পৰিছে। মোদী ডাঙৰীয়া আৰু বিজেপিক বিদায় দিবলৈ দেশৰ জনগণ বদ্ধপৰিকৰ হৈছে আৰু I.N.D.I.A. জোঁটবন্ধনক জিকাবলৈ ৰাইজ সংকল্পবদ্ধ হৈছে। এই ভাষ্য বৰপেটাৰ সাংসদ তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আব্দুল খালেকৰ। যোৱানিশা ধুবুৰী আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা কথা বতৰাত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁ। তেওঁ কয়, আজমল ডাঙৰীয়াই নিজেই গম পাই গৈছে যে তেওঁৰ বিদায় আসন্ন। তাৰ বাবেই বহুদিন কংগ্ৰেছৰ ল’গত তাঁত-বাতি কৰিলে, কংগ্ৰেছক ব্লেকমেইলিং কৰিলে, নীতিশ কুমাৰ ডাঙৰীয়াৰ জৰিয়তে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে যাতে I.N.D.I.A. জোঁটবন্ধনত অন্তর্ভুক্ত হ’ব পাৰে। যেতিয়া সকলো দিশৰ পৰা ৰাস্তা বন্ধ দেখিছে তেতিয়া আশা এৰি দিছে। এইটোৱেই বুজায় আজমল ডাঙৰীয়াৰ স্থিতি শক্তিশালী নাই আৰু সেই কাৰণে তেখেতে এতিয়া আবোল-তাবোল বকে। আনহাতে আলফাৰ সৈতে হোৱা শান্তি চুক্তি সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে, যেতিয়ালৈকে পৰেশ বৰুৱা অলোচনালৈ নাহে তেতিয়ালৈকে এই শান্তি চুক্তিৰ কিবা অৰ্থ আছে বুলি মই নাভাবোঁ। কাৰণ অস্ত্ৰ পৰেশ বৰুৱাৰ লগত আছে; যিসকলৰ লগত চুক্তি হৈছে তেওঁলোকৰ লগত অস্ত্ৰ নাছিলে। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নেকি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সেয়া দলে ঠিক কৰিব বুলি এক তাৎপৰ্যবাহী মন্তব্য কৰে বৰপেটাৰ সাংসদগৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like