নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰুদ্দিন পৰাজিত হোৱা মানে দল শেষ হোৱা নাই : আজমল

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : “মানুহে ভুল হৈছে, ভুল বুজিছে, কি হৈছে, নহৈছে সেয়া কথা নহয়, সেয়া এটা ধুমুহা আছিল, বানপানী আছিল। বানপানীত মন্ত্ৰীৰো ঘৰ ভাঙে, সেইটো ভাঙিছে।”- নিজৰ পৰাজয়ৰ এইদৰেই আজি ব্যাখ্যা আগবঢ়়ায় এআইইউডিএফ ছুপ্ৰিমো তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে। উল্লেখ্য যে আজি বৰলুইতেৰে দুৰ্গম বাঘমাৰা আৰু ঘোগেৰ আলগাত উপস্থিত হৈ বন্যাৰ্তৰ খা-খবৰ লয় তেওঁ। পিছত উপস্থিত সাংবাদিকৰে হোৱা কথা-বতৰাত আজমলে ধুবুৰীৰ বৰ্তমানৰ সাংসদগৰাকীক বন্যাৰ্তৰ ওচৰলৈ অহাৰ আহ্বান জনাই কয়- তেওঁ আহিছে আৰু টাটা টাটা-বাই বাই কৰি গৈছে। মানুহে গালি পাৰিছে। বেয়া লাগিছে শুনি। মানুহৰ মাজত আহক, মানুহৰ খবৰ লওক, সেইটোৱেই বিচাৰোঁ। মই সদায় এই লোকসকলৰ সৈতে আছোঁ, থাকিম।” আনহাতে, সম্প্ৰতি কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজমলক চিনি নাপায় তথা আতৰৰ ব্যৱসায়ী বুলি অভিহিত কৰাৰ বিষয়টোক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আজমলৰ মন্তব্য- “যি দলৰ ১৮গৰাকী বিধায়ক হৈছে; ৩গৰাকীকৈ সাংসদ হৈছে; তেওঁ যদি কয় মই নিচিনোঁ; তেতিয়াহ’লে এয়ালৈ আমাৰ ক’বলগীয়া নাই, তেওঁৰ জ্ঞানৰ অভাৱ হৈছে। তেওঁ জ্ঞান বৃদ্ধি কৰিব লাগে- মই এইটো পৰামৰ্শ দিলোঁ। যদি তেওঁৰ আতৰ ভাল লাগিছে, তেতিয়া আৰু পঠিয়াই দিম, তেওঁৰ ভাল লাগক। আমিতো কোনো বেয়া কাম কৰা নাই। আমাৰ কাম হ’ল খুশবু (সুগন্ধি) বিলোৱা। তাকো বিনামূলীয়াকৈ দিম, যিমান লাগে সিমান।” তেওঁৰ দাবী- “বদৰুদ্দিন পৰাজিত হোৱা মানে দল শেষ হোৱা নাই। দল আকৌ জিন্দা হ’ব। আকৌ যুঁজিম, আমাৰ মানুহসকল আকৌ বিধায়ক-সাংসদ হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like