নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : শিক্ষাই হ’ল জাতিৰ মেৰুদণ্ড, শিক্ষাই একোটা অঞ্চলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। আন্ধাৰৰ পৰা পোহৰলৈ অহাৰ একমাত্ৰ মাধ্যম হৈছে শিক্ষা। সেয়ে একোখন শিক্ষানুষ্ঠান এটা এটা বিদ্যা মন্দিৰ। য’ত মানৱ সম্পদৰ বিকাশ হৈ বহু ওপৰলৈ যাব পাৰি।- আজি বি টি আৰৰ কোকৰাঝাৰ জিলাৰ ঐতিহ্যমণ্ডিত বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠাৰ লাইখুঁটা স্থাপন কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে বি টি আৰৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য উইলচন হাসদাই এনেদৰে কয়। তেওঁ আৰু কয় যে আমাৰ প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক উপযুক্ত শিক্ষাগ্ৰহণৰ বাবে আগবঢ়াই দিয়াটো নিতান্তই আৱশ্যক। চলিত বছৰৰ ১০ নম্বেৱৰৰ পৰা ১৬ নম্বেৱৰলৈ হ’ব লগা ৭ দিনীয়া কাৰ্য্যসূচীৰে উদযাপন অনুষ্ঠানৰ বাবে আজি লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচীত পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰবক্তা আব্দুল হামিদে। স্মৃতি তৰ্পণ কৰে সমাজসেৱক অঞ্জন চক্ৰবৰ্তী আৰু শ্যামল চন্দ্ৰ পালে আৰু সোণালী জয়ন্তী উদযাপনৰ মূল লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে বিশিষ্ট পৰিবেশবিদ ড০ হৰিচৰণ দাসে। সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি শিক্ষাবিদ ৰতন লাল সাহাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত উইলচন হাসদাৰ উপৰি জিলা শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া জাহাংগীৰ আমল আৰু ড০ দাসে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক উদ্দ্যেশি কয় যে আগন্তুক সোণালী জয়ন্তীৰ বাবে অঞ্চলবাসী ৰাইজ, অভিভাৱক, পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলে দেহে-কেহে খাটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। উক্ত সভাত শিক্ষা বিভাগৰ ই এম উইলচন হাসদাই বিদ্যালয়খনৰ সোণালী জয়ন্তীৰ এখন স্মৃতি তোৰণ আৰু বিদ্যালয়ৰ খেলপথাৰৰ চাৰিওপিনে উন্নত ফেন্সিঙৰ বাবে বি টি আৰ কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুদান দিয়াৰ কথা ঘোষণা কৰে। মুকলি সভাখনত বিদ্যালয়ৰ অধ্যক্ষ আব্দুৰ ৰেজ্জাক সেখ, পৰ্বতঝোৰা আৰক্ষী চক্ৰ বিষয়া লাৱণ্য বেজবৰুৱা, সমাজকৰ্মী অনিল সাহা, অপৰেশ দাস, আব্দুল কুদ্দুছ, আশিস সাহা, সিৰাজুল হক আৰু অধ্যক্ষ নজৰুল ইছলাম প্ৰমুখ্যে অনিন্দম চ্যাটাজী, সাদি হোছেই, লাল চান্দ সেখ, সুধীৰ সূত্ৰধৰ, পলান চন্দ্ৰ সূত্ৰধৰ আৰু মালতী বৰ্মন উপস্থিত থাকে।
প্রেৰক মতিয়ৰ ৰহমান