নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ নৈ–বন–গাঁৱত সর্বনাশী জুই

অইলৰ তৈলখাদত ভয়ংকৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১০ জুনঃ সুদীর্ঘ ১৪ দিন অর্থাৎ ৩৩৬ ঘণ্টা– তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইলৰ তৈলখাদৰ পৰা অহর্নিশে নির্গত হৈ থাকিল তেল আৰু বিষাক্ত গেছ৷ বিস্তৃত অঞ্চলজুৰি চৰম অস্বাস্থ্যকৰ–শ্বাসৰু পৰিৱেশ সৃষ্টি হ’ল৷ স্থানীয় ৰাইজক গাঁৱৰ পৰা আশ্রয় শিবিৰলৈ লৈ যোৱা হ’ল৷ ভয়ংকৰ দুর্ঘটনাৰ আশংকাত ৰাইজৰ প্রতিবাদ চলিল৷ দল–সংগঠনে বাৰম্বাৰ সকীয়াই থাকিলে৷ কিন্তু অইল ইণ্ডিয়া কর্তৃপক্ষ, চৰকাৰ বা প্রশাসনৰ পৰা এই দীঘলীয়া সময়ছোৱাত কোনো ফলপ্রসূ ব্যৱস্থা লোৱা নহ’ল৷ এই হেমাহিৰ পৰিণতিত মঙলবাৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল হাজাৰ হাজাৰ লোক৷ বিস্তীর্ণ সেউজ অঞ্চলটোৰ জৈৱ–বৈচিত্র্য নিশ্চিহ্ণ হৈ যোৱাৰ উপক্রম হ’ল৷ অসহায় হৈ অইল কর্তৃপক্ষ কিম্বা চৰকাৰে কেৱল চাই ৰ’ল মানুহ আৰু প্রকৃতিৰ অবর্ণনীয় দুর্যোগৰ দৃশ্য৷ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ গেছকূপ–৫ত মঙলবাৰে দুপৰীয়া ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ নৈ, গছ–বন, মানুহৰ বসতি থকা গাঁও সকলো আগুৰি ধৰিলে সর্বনাশী জুয়ে৷ ক্রমাৎ বিয়পি পৰা জুয়ে সৃষ্টি কৰিছে আতংক৷ জীৱন–সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগি থকা বাঘজানৰ ৰাইজে সমুখত আকাশ ছানি ধৰা লেলিহান শিখা আৰু ক’লা ধোঁৱৰ বাহিৰে আন একো দেখা পোৱা নাই৷

উল্লেখ্য যে ডুমডুমাৰ সমীপৰ বাঘজান গাঁৱত থকা অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ–৫নং তেল খাদটোত যোৱা ২৭ মে’ৰ পুৱা খাদটোত কর্মৰত জন এনার্জী নামৰ কোম্পানীটোৰ গাফিলতিৰ ফলত এক যান্ত্রিক বিজুতি ঘটি এক ভয়ংকৰ শব্দৰে অহৰহভাৱে নির্গত হৈছিল গেছ৷ এই ব্ল–আউট হোৱাৰ পাছতে অইল ইণ্ডিয়া, অ’ এন জি চিৰ লগতে কর্মৰত জন এনার্জী কোম্পানীৰ বিশেষজ্ঞসকলে এই নির্গমন বন্ধ কৰাৰ বাবে চেষ্টা চলাই আছিল যদিও সফল হ’ব পৰা নাছিল৷ দেওবাৰে ছিংগাপুৰৰ পৰা অহা এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটো দুলীয়াজানত উপস্থিত হোৱাৰ পাছত কালি বাঘজানৰ কূপটো পৰিদর্শন কৰে৷ বিশেষজ্ঞৰ দলটোৱে পুনৰ দুলীয়াজনলৈ উভতি গৈ এই ব্ল–আউট নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব, সেই বিষয়ে অইল ইণ্ডিয়া কর্তৃপক্ষৰ লগত এক আলোচনাতো মিলিত হয়৷ মঙলবাৰে পুনৰ এই বিদেশী বিশেষজ্ঞৰ দলটো বাঘজানত উপস্থিত হৈ গেছ নিগর্মন বন্ধ কৰাৰ বাবে যাৱতীয় কাম–কাজ কৰাৰ কথা আছিল যদিও দিনৰ প্রায় ১.১০ বজাত উক্ত গেছ কূপত ভয়ংকৰ অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ কূপৰ চৌদিশে গেছ আৰু কনডেনছেট তেল বিয়পি থকাত এই জুইৰ শিখাৰ নিমিষতে সম্প্রসাৰণ ঘটি কূপৰ উচ্চ চাপযুক্ত গেছত লগাৰ মুহূর্ততে দাওদাওকৈ জ্বলি উঠে জুই৷ ভয়ংকৰ গর্জন, তাৰ মাজতে আকাশচুম্বী জুইৰ লেহিহান শিখা আৰু ক’লা ধোঁৱাই এই আতংকময় পৰিৱেশ সৃষ্টি কৰিছে অঞ্চলটোত৷ যোৱা ১৪ দিন ধৰি গেছ কূপৰ পৰা অহৰহ নির্গত উচ্চ চাপযুক্ত গেছৰ সৈতে মিহলি কনডেনছেট তেল কাষৰীয়া এলেকাৰ গছ–বন, বিল–পুখুৰী, পিটনি, কৃষিপথাৰ আদি সকলোতে বিয়পি থকাত কম সময়ৰ ভিতৰতে চৌপাশে জুই সম্প্রসাৰিত হৈ পৰে৷ বাতৰি লিখাৰ পৰলৈকে এই জুইৰ লেহিহান শিখাত বাঘজান গেছ কূপৰ নিচেই কাষৰীয়া গাঁৱৰ কেইবাটাও ঘৰ জ্বলি ছাৰখাৰ হোৱা বুলি জানিব পৰা গৈছে৷ যদিহে সোনকালে কাষৰীয়া অঞ্চললৈ সম্প্রসাৰিত জুই নির্বাপিত নহয়, তেন্তে নিশাৰ ভিতৰতে দাঁতি–কাষৰীয়া অঞ্চলৰ উপৰি মাগুৰি মতাপুং বিল আৰু ৰাষ্ট্রীয় উদ্যান ডিব্রু–ছৈখোৱাৰ সমস্ত প্রাণীকুল তথা জৈৱ–বৈচিত্র্যলৈ ভয়ংকৰ বিপদ আহি পৰাৰ আশংকা ঘনীভূত হৈছে৷ কোম্পানীৰ ভুলৰ পৰিণতিত সংঘটিত ভয়ংকৰ জুইৰ লেলিহান শিখাৰ মাজত বাঘজানবাসীয়ে এতিয়া ত্রাহি মধুসূধন সুঁৱৰিছে৷ উৱাদিহ হেৰুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কর্মৰত বিষয়া–কর্মচাৰীসহ শ্রমিকসকলে৷ ইতিমধ্যে ঘটনাস্থলীত অইল ইণ্ডিয়াৰ কেইবাখনো অগ্ণিনির্বাপক বাহন উপস্থিত হৈছে৷ ইফালে, ছিংগাপুৰৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে ততাতৈয়াকৈ অইল চি এম ডিৰ সৈতে অইল আই টি কনফাৰেঞ্চ হলত জৰুৰী বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতি অধ্যয়নৰ লগতে কামৰ পৰিকল্পনা সলোৱাৰ ইংগিত দিছে৷ তিনি বিশেষজ্ঞক সহযোগ কৰিবলৈ সাজু হৈ থকা এলার্ট ডিজেষ্টাৰৰ আন চাৰিগৰাকী বিশেষজ্ঞ প্রয়োজনীয় সা–সৰঞ্জামসহ অতি সোনকালে দুলীয়াজানত উপস্থিত হ’ব বুলি বিশেষ সূত্রেই জানিব পৰা গৈছে৷ কিন্তু ইতিমধ্যে বহু পলম হৈ গৈছে৷ বিধ্বংসী জুয়ে এফালৰ পৰা সকলো দাহ কৰি আনে৷ বাতৰি লিখাৰ সময়লৈকে কূপৰ পৰা প্রায় ৫০০ মিটাৰ আঁতৰলৈ সমগ্র অঞ্চল এতিয়া জুইৰ গ্রাসত৷ ১৫টাকৈ পৰিয়ালৰ ঘৰ–বাৰী, সা–সম্পিত্তি সম্পূর্ণৰূপে জুইত জাহ গৈছে৷ বহু আপুৰুগীয়া জলজ, বন্যপ্রাণীৰ মৃত্যু হোৱাৰ লগতে পোহনীয়া পশুধনৰো মৃত্যু হৈছে৷ নিশাৰ ভিতৰত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে৷ কিন্তু এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো এতিয়ালৈকে অইল ইণ্ডিয়াই গাফিলতিৰহে পৰিচয় দিছে৷ অইল ইণ্ডিয়াৰ পৰা প্রেৰণ কৰা এক প্রেছ বিবৃতিত উল্লেখ কৰা মতে, অইল কর্তৃপক্ষই এতিয়াহে ঘটনাস্থলীত পুখুৰী খন্দাৰ কাম আৰু পানীৰ পাম্প স্থাপনৰ কাম আৰম্ভ কৰিছে৷ এই শামুকীয়া গতিত কাম চলি থাকিলে যে বাঘজানৰ ৰাইজ শতিকাৰ আন এক বৃহৎ ট্রেজেডীৰ মুখামুখি হ’ব লাগিব, সেয়া নিশ্চিত৷

You might also like