নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস পালন

🔹 সোণালী জয়ন্তীৰ আৰম্ভণী অনুষ্ঠান সম্পন্ন

বিশেষ বাৰ্তা, ১ অক্টোবৰ : ‘আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক’- এই মহান বাণীক সন্মুখত ৰাখি শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে দায়বদ্ধ হৈ একাংশ সৎ তথা শিশুপ্ৰেমী ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম মইনা পাৰিজাতৰ যোৰহাট জিলাৰ অন্তৰ্গত বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্য্যসূচীৰে মৰিয়নিৰ কাটনিপাৰ গাঁ‌ৱত অনুষ্ঠিত হয় । কাটনিপাৰ ৰংগমঞ্চত ৰংমন কাটনিপাৰ মইনা পাৰিজাতৰ আতিথ্যত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে সোণালী জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠানো অনুষ্ঠিত হয় । বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত সকলো শাখা মইনা পাৰিজাতৰ মইনাসকলৰ মাজত তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ উদ্দেশ্যে এলানি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । এই উপলক্ষ্যে পুৱা পাৰিজাতৰ পতাকা উত্তোলন কৰে বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি অজয় কুমাৰ হাজৰিকাই । সমাজকৰ্মী মাণিক গগৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে বিষ্ণুজ্যোতি মইনা পাৰিজাতৰ মইনা অনুষ্কা বৰাই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। এই প্ৰতিযোগিতাৰ চিত্ৰাংকন প্ৰতিযোগিতাত অন্যন্যা মহন্তই প্ৰথম, কস্তুৰী গগৈয়ে দ্বিতীয় আৰু প্ৰিয়া গগৈয়ে তৃতীয় স্থান দখল কৰে । আনহাতে, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অৰ্চিতা ভৰালীয়ে প্ৰথম, কৃষ্ণা বৰা দ্বিতীয় আৰু অংগনা গগৈয়ে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় । একেদৰে ৰাভা সংগীত প্ৰতিযোগিতাত অৰ্পণ নেওগ প্ৰথম, ভাৰ্গৱী বৰা দ্বিতীয় হয় । একক অভিনয়ত অন্যন্যা মহন্ত প্ৰথম, কস্তুৰী গগৈ দ্বিতীয় আৰু প্ৰিয়া গগৈ তৃতীয় । উচ্চ শাখাৰ ভূপেন্দ্ৰ সংগীতত অৰ্চিতা ভৰালীয়ে প্ৰথম, কৃষ্ণ বৰাই দ্বিতীয় আৰু অংগনা গগৈয়ে তৃতীয় স্থান লাভ কৰে । ৰাভা সংগীতত অৰ্পণ নেওগে প্ৰথম, ভাৰ্গৱী বৰাই দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় । বিয়লি বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি অজয় কুমাৰ হাজৰিকাই পৌৰোহিত্য কৰা মুকলি সভাখন ৰংমন মইনা পাৰিজাতৰ মইনাসকলে পৰিৱেশন কৰা সমৱেত সংগীতেৰে আৰম্ভ হয়। বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক থানেশ্বৰ বৰাই আঁত ধৰা এই সভাৰ উদ্দেশ্য বাখ্যা কৰে বাঘচোং আঞ্চলিকৰ সম্পাদক বিতুল গগৈয়ে । সভাত মইনা বক্তা হিচাপে ৰংমন মইনা পাৰিজাতৰ মইনা সুভাষী গগৈ আৰু নৱাগত মইনা পাৰিজাতৰ মইনা আটলান্টিকা বড়াই অতি মনোমোহা বক্তব্য ৰাখে । সভাত মাতৃভাষা বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ শইকীয়াই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি প্ৰবল ইচ্ছাশক্তি থাকিলে কোনো কামেই অসম্ভৱ হৈ নাথাকে বুলি উল্লেখ কৰাৰ লগতে সদা জাগ্ৰত হৈ থাকিবলৈ মইনাসকলৰ প্ৰতি আহ্বান জনায় । সভাত যোৰহাট জিলা মইনা পাৰিজাতৰ সভাপতি জয়ন্ত পূজাৰীয়ে অংশগ্ৰহণ কৰি মইনা পাৰিজাতৰ ইতিহাস সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় । সভাখনত যোৰহাট জিলা মইনা পাৰিজাতৰ সম্পাদক নিপু হাজৰিকা, ৬৩ নং কুশল কোৱঁৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমণি ফুকন, কৃতী শিক্ষক নগেন গগৈ, মইনাপ্ৰেমী বিমান গগৈ, সবিতা হাজৰিকা, বিপুল শইকীয়া, দীন লাহন, জুলেন দত্ত, বিতুল শইকীয়া, প্ৰকাশ গগৈ, ৰবীন কছাৰী, গৌৰাংগ বৰা, অমল কুমাৰ শইকীয়া, হেমন্ত শইকীয়া, জোনটি মহন কছাৰী, মাখন গগৈ, ৰঞ্জিত গগৈ আদি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে । ইয়াৰ পূৰ্বে মইনাসকলৰ লেখাৰে প্ৰকাশ হৈ থকা ত্ৰৈমাসিক বাৰ্তালোচনী ‘মইনা বাৰ্তা’ৰ এইবাৰৰ সংখ্যাটো উন্মোচন কৰা হয় । ‘মইনা বাৰ্তা’ৰ সম্পাদক জুলেন দত্তই আঁ‌ত ধৰা অনুষ্ঠানত বাৰ্তালোচনী ‘মইনা বাৰ্তা’ উন্মোচন কৰে চিনামৰা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ৰঞ্জু কুমাৰ ভৰালীয়ে । এই অনুষ্ঠানত কেইবাখনো মইনা পাৰিজাতৰ মইনাসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । আনহাতে, আজিৰ অনুষ্ঠানতে বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তীৰো শুভাৰম্ভণি কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like