নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাপ্য ক্ষতিপূৰণৰ দাবীত শিবিৰৰ পৰা ক্ষতিগ্রস্ত ওলাই আহিল ৰাজপথলৈ

ঘটনাস্থলী পৰিদর্শন সেনাৰ থ্রী কর্প’ৰ জি’চি ৰাণাপ্রতাপ কলিতাৰঃ ডিজিএমএছৰ তদন্তৰ আওতাত ইডিপিএছ অতীন্দ্র ৰয়চৌধুৰী

নিয়মীয়া বাৰ্তা ২০ জুনঃ তিনিচুকীয়া জিলাৰ বাঘজানৰ বিজিআৰ–৫ নং তৈলক্ষেত্রত বিগত ১১ দিনে অবিৰতভাৱে জ্বলি থকা জুইকুৰাৰ উত্তাপৰ সমানেই জ্বলিছে বাঘজান–কলিয়াপানীব্ ৰাইজৰ মনৰ মাজত জ্বলি থকা ক্ষোভৰ শিখাও৷ আপোন ঘৰখন, সকলো সা–সম্পত্তি য’ত যেনেকৈ আছিল তেনেদৰেই এৰি আহি যোৱা ২৭ মে’ৰ পৰা আশ্রয় শিবিৰত দিনে–ৰাতিয়ে কেৱল দুবেলা দুসাঁজ খাই অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্রতিটো ক্ষেত্রতে মাথোঁ আশ্বাস লাভ কৰি থকা এই গাঁওবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে৷ যাৰ পৰিণতিত প্রাপ্য আদায়ৰ দাবীত শিবিৰৰ পৰা ৰাজপথলৈ ওলাই আহিল আবাল–বৃদ্ধ–বনিতাক ধৰি সকলো৷ ক্ষতিগ্রস্ত পৰিয়ালসমূহে উচিত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত শুকুৰবাৰে পুনৰ ৰাজপথলৈ ওলাই আহি বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ‘অইল ইণ্ডিয়া গ’ বেক’, ‘বাঘজানত অইল ইণ্ডিয়াৰ সকলো কাম–কাজ বন্ধ কৰক’, ‘অতিশীঘ্রেই আমাক ক্ষতিপূৰণ দিয়ক’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে এই প্রতিবাদকাৰীসকলে অভিশপ্ত কূপটোৰ পৰা গেছ–তেল নির্গমনৰ লগতে অগ্নি কাণ্ডৰ ফলত ক্ষতিগ্রস্ত হোৱা প্রতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নির্দিষ্ট দিন–বাৰ ধার্য কৰি দিবৰ বাবে তেওঁলোকৰ প্রতিনিধি দলৰ সৈতে জিলা প্রশাসনৰ মধ্যস্থতাত অইল ইণ্ডিয়াৰ চি এম ডিৰে এক আলোচনা অতি সোনকালে অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি এই বাতৰি লিখা পৰলৈকে প্রতিবাদ অব্যাহত ৰাখিছে৷ আনহাতে, শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীৰ ৩ কর্প’ছৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই সেনাবাহিনীৰ অন্যান্য বিষয়াসকলৰ সৈতে বাঘজানৰ ব্ল’আউট ক্ষেত্র পৰিদর্শন কৰে আৰু কার্যসমূহৰ অগ্রগতিৰ বুজ লয়৷ তেওঁ সেনাবাহিনীৰ ৩ কর্প’ছৰ দ্বাৰা ব্ল’আউট ক্ষেত্রৰ কাষৰ প্রাকৃতিক জলাশয়ৰ ওপৰত ১৫০ মিটাৰ দৈর্ঘ্যৰ ব্রেইলি ব্রীজ নির্মাণৰ কামৰো বুজ লয়৷ অহা ৩–৪ দিনৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ হ’ব বুলি আশা কৰা হৈছে৷ ইতিমধ্যে ইয়াৰ বাবে প্রয়োজন হোৱা সৰঞ্জামসমূহ মিছামাৰীৰ পৰা ১১খন ড্রাকেৰে অনা হৈছে৷ ইয়াৰ পাছতে সেনা বাহিনীৰ ৩ কর্প’ছৰ জি’চিগৰাকীয়ে অইলৰ অন্বেষণ আৰু বিকাশ বিভাগৰ সঞ্চালক ড০ পি চন্দ্রশেকৰণ তথা অইল তথা অ’ এন জি চিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ ইতিমধ্যে জুই নির্বাপণৰ বাবে প্রয়োজন হোৱা সৰঞ্জামসমূহ ৰাজামুন্দ্রী আৰু বৰোডাৰ পৰা (বুলড’জাৰসহ টেইলাৰ) অনা হৈছে৷ ইফালে ব্ল’আউট ক্ষেত্রত কর্মৰত হৈ থকা ভাৰতীয় সেনাৰ লোকসকলৰ বাবে ৩৪টা উত্তাপ ৰক্ষাকৱচ ইতিমধ্যে সাজু হৈ উঠিছে আৰু অতিৰিক্ত ৰক্ষাকৱচৰ নির্মাণ কৰি থকা হৈছে৷ পৰিৱেশজনিত প্রভাৱ মূল্যায়নৰ বাবে নাবেট স্বীকৃত ই আৰ এম ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মূল্যায়ন কৰি থকা দলে ১৮ জুনৰ দিনা নমুনা সংগ্রহৰ বাবে পুনৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰি মতাপুং বিল পৰিদর্শন কৰে৷
বাঘজানৰ ঘটনা সন্দর্ভত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগত গোচৰ
বাঘজানৰ ঘটনা সন্দর্ভত ‘য়ুথ’ছ ফ’ৰাম ফ’ৰ হিউমেন ৰাইটছ’ নামৰ মণিপুৰৰ সংগঠনটোৱে যোৱা ১২ জুনত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰো তৰিছে৷ সংগঠনটোৱে আয়োগক স্বতন্ত্রভাৱে অইলৰ বিৰুদ্ধে এক তদন্ত কৰিবলৈ অনুৰোধ কৰাৰ লগতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তনৰ মন্ত্রালয়ক কি কাৰণে সংৰক্ষিত বনাঞ্চল এলেকাৰ কাষত খনন কার্য কৰাৰ আপত্তিবিহীন প্রমাণ–পত্র প্রদান কৰিছিল সেই বিষয়ত জবাবদিহি কৰিবলৈ আহ্বান জনাইছে৷ লগতে আয়োগক অগ্ণিকাণ্ডৰ ফলত ক্ষতিগ্রস্ত হোৱা লোকৰ উপযুক্ত ক্ষতিপুৰণ তথা পুনঃসংস্থাপনৰ বাবে অসম চৰকাৰক নির্দেশনা দিয়াৰ আহ্বানো জনাইছে৷ তদুপৰি সমগ্র অঞ্চলটো আৰু জলাশয়ত তেলৰ দ্বাৰা প্রদূষিত হোৱা স্থানসমূহ পৰিষ্কাৰকৰণৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে৷ ভৱিষ্যতে উত্তৰ–পূবৰ যিকোনো ঠাইতে অইলৰ খননৰ দ্বাৰা পৰিৱেশৰ ওপৰত যাতে প্রভাৱ নপৰে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈও সংগঠনটোৱে অনুৰোধ জনাইছে৷
ডি জি এম এছৰ তদন্তৰ আওতাত সোমাল ইডি পি এছ অতীন্দ্র ৰয়চৌধুৰীঃ বাঘজান কাণ্ডৰ মূল কাৰণ পোহৰলৈ আনিবৰ বাবে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং আৰু কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্রালয়ৰ তিনিজনীয়া বিশেষ কমিটীক নিয়োগ কৰাৰ লগতে ভাৰত চৰকাৰৰ দুই তদন্তকাৰী সংস্থা আৰু অইল ইণ্ডিয়া লিমিটেডে নিজাববীয়াকৈও অনুসন্ধান চলাই আছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ অন্যতম অনুসন্ধানকাৰী সংস্থা ডি জি এম এছৰ তদন্তৰ আওতাত পৰিছে অইল ইণ্ডিয়াৰ ইডি পিএছ অতীন্দ্র ৰয়চৌধুৰী৷ উচ্চস্তৰীয় এক সূত্রই জানিবলৈ দিয়া অনুসৰি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনস্থ ‘ডাইৰেক্টৰেট জেনেৰেল অৱ মাইনছ ছেফটি’ চমুকৈ ডি জি এম এছে নিজাববীয়াকৈ বাঘজানত ব্ল’আউটৰ ঘটনাৰ দিন ধৰি সকলো পর্যবেক্ষণেৰে অনুসন্ধান চলাই শেহতীয়াকৈ সোধা–পোছাৰ বাবে মাতি পঠিয়ায় ‘অইল এণ্ড গেছ প্রডাকচন ছার্ভিচ’ৰ মুৰব্বী তথা ইডি পিএছ অতীন্দ্র ৰয়চৌধুৰীক৷ তৈল খনন, অন্বেষণ আৰু উৎপাদনকাৰী প্রতিষ্ঠান হিচাপে ভাৰতবর্ষত সগৌৰৱে স্বাভিমান বর্তাই ৰখা নৱৰত্ন কোম্পানীটোৰ খোদ বিভাগীয় শীর্ষ মুৰব্বী এগৰাকীয়ে এনেদৰে তদন্তৰ মেৰপেঁচত সোমাই পৰা ঘটনা নজিৰবিহীন বুলি উল্লেখ কৰিছে উচ্চস্তৰীয় মহলে৷ ডি জি এম এছৰ মুখ্য উদ্দেশ্য হৈছে উদ্যোগজনিত দুর্ঘটনা আৰু কাৰকসমূহ চিনাক্তকৰণ৷ তদন্তকাৰী সংস্থা ডি জি এম এছৰ গুৱাহাটী ক্ষেত্রীয় কার্যালয়ৰ দুজনীয়া দল ক্রমে ডাইৰেক্টৰেট মাইনছ ছেফটি অশোক কুমাৰ আৰু ডেপুটী ডাইৰেক্টৰ মাইনছ ছেফটি কাণ্ডাকাটলা ৰবিন্দ্রৰে বাঘজান ঘটনাৰ সংক্রান্তত চৰজমিন তদন্ত চলাই কালি দিনটো ইডি পিএছ অতীন্দ্র ৰয়চৌধুৰীক সোধা–পোছা চলোৱা বুলি উচ্চস্তৰীয় সূত্রই জানিবলৈ দিছে৷ স্মর্তব্য যে বাঘজান গেছ কূপ–৫ৰ ব্ল’আউট ঘটনাৰ আঁত ধৰি খাদৰ ভূ–গর্ভৰ কাম–কাজ সন্দর্ভত প্রস্তুত কৰা নিয়মাৱলী তথা অইলৰ ‘ষ্টেণ্ডার্ড অপাৰেটিং ছিষ্টেম’ (এছ অ’ পি) ভংগ কৰাৰ পৰিণতিতে উক্ত গেছ খাদটোত ব্ল’আউট ঘটনা সংঘটিত হোৱাৰ পৰিৱেশৰ উদ্ভৱ হৈছিল বুলি তথ্যসহ ‘নিয়মীয়া বার্তা’ই আৰম্ভণিৰ পৰাই উল্লেখ কৰি আহিছে৷ ব্ল’আউট ঘটনাৰ ১৩ দিনৰ পাছতেই অর্থাৎ ৯ জুনৰ দুপৰীয়া প্রায় ১.৩০ বজাত অগ্নি বিস্ফোৰণ ঘটিছিল গেছ খাদটোত৷ অহর্নিশে প্রচণ্ড শব্দৰে ৪৫০০ পি এছ আই চাপত খাদটোৰ পৰা নির্গত হৈ থকা কণ্ডেনচেট তেল মিহলি গেছ নিয়ন্ত্রণ কৰিবলৈ প্রাণপণে চেষ্টা কৰিও অসমর্থ হৈছিল অইল আৰু অ’এন জিচিৰ বিশেষজ্ঞ দলটোৱে৷ বিভাগীয় কাৰিকৰী জ্ঞানশূন্য মুৰব্বীৰ এটা ভুল সিদ্ধান্তৰ বাবেই এই দুর্ঘটনাৰ পৰিণতিতে দুজনকৈ অইলৰ অগ্ণিনির্বাপক বাহিনীৰ কর্মচাৰী শোকাৱহভাৱে মৃত্যুক সাবটি লোৱাৰ লগতে বৃহত্তৰ বাঘজান অঞ্চলজুৰি কেইবাটাও বাসগৃহ–কৃষিভূমি অগ্ণিকাণ্ডত জাহ যোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অইলৰ এছ অ’ পি ভংগ কৰি বিসংগতি পৰিলক্ষিত হোৱা খাদটোৰ ভূ–গর্ভত কামৰ সঞ্চালন অর্থাৎ ৱর্কভাৰ চলাবলৈ দিয়া বিষয়াৰ নির্দেশৰ পাছতেই ব্ল’আউট ঘটনা সংঘটিত হৈছিল বুলি অভিযোগত প্রকাশ৷ আনহাতে, ৰয়চৌধুৰীয়ে কেন্দ্রীয় পেড্র’লিয়াম আৰু গেছ মন্ত্রালয়ৰ অধীনস্থ চমুকৈ অ’আইএছডিৰ অন্যতম বিশেষজ্ঞ হিচাপেও মনোনীত৷ যিটো তদন্তকাৰী সংস্থাই বর্তমান বাঘজান কাণ্ডৰ নিজাববীয়া তদন্ত চলাই আছে৷ সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডে পৃথক কমিটী গঠন কৰি বাঘজান গেছ কূপ–৫ৰ ব্ল’আউট আৰু অগ্ণিকাণ্ড ঘটনাৰ নিজাববীয়া অনুসন্ধান চলাইছে৷ ব্ল’আউট ঘটনাৰ ৬জনীয়া তদন্তৰ কমিটীখনত আছে ক্রমে চি জি এম এণ্ড এছেট মেনেজাৰ (ৱেষ্টার্ন এছেট) ৰাজেন্দ্র সিং গেব্রিয়েল, ডি জি এম (ড্রিলিং) পদুম বুঢ়াগোহঁাই, ডি জি এম (কেমিকেল) কৃষ্ণকান্ত দাস, ডি জি এম (ছেফটি এণ্ড এনভায়ৰনমেণ্ট) গোপাল গোৱিন্দ ৰাছু , চীফ ইঞ্জিনীয়াৰ (পি এছ এছ) জ্যোতি বিকাশ বৰা আৰু ডেপুটী চীফ (জু’লজিষ্ট) প্রাঞ্জল শর্মা৷ আনহাতে, অগ্ণিকাণ্ড ঘটনাৰ সন্দর্ভত ৪জনীয়া তদন্ত কমিটীত অন্তর্ভুক্ত ক্রমে চি জি এম এণ্ড এছেট মেনেজাৰ (চেণ্ড্রেল এছেট) সমীৰ সুশম বৰুৱা, ডি জি এম (ড্রিলিং) জয়ন্ত দত্ত, ডি জি এম (অ’জিপিএছ) প্রীতম শর্মা আৰু চীফ ইঞ্জিনীয়াৰ (ছেফটি এণ্ড এনভায়ৰনমেণ্ট) ৰূপজ্যোতি সূত্রধৰ৷ উল্লেখ্য যে অইল ইণ্ডিয়াৰ নিজাববীয়া মুঠ ১০জনীয়া কমিটীখনত মুখ্য মহা প্রবন্ধকক তদন্তৰ মূল দায়িত্ব প্রদান কৰা হৈছে৷ এইক্ষেত্রত অভিযুক্ত অর্থাৎ সন্দেহৰ আঙুলি উঠা ইডি পিএছ ৰয়চৌধুৰীৰ ওপৰত কনিষ্ঠ বিষয়াই কেনেধৰণে তদন্ত কৰিব, সেয়া সন্দেহজনক বুলি চর্চিত হৈছে৷ ইফালে, উচ্চস্তৰীয় সূত্র অনুসৰি অনতিপলমে কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ৰ তিনিজনীয়া বিশেষ তদন্তকাৰী দলটো দুলীয়াজানত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে

You might also like