বাঘজানৰ বিস্ফোৰণ দাওদাওকৈ এতিয়াও জ্বলিয়েই আছে জুইৰ লেলিহান শিখা
নিয়মীয়া বাৰ্তা ১৫ জুনঃ ষষ্ঠ দিনাও দাওদাওকৈ জ্বলি আছে তিনিচুকীয়া জিলাৰ বাঘজান গাঁওস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ–৫নং গেছ খাদত সংঘটিত বিস্ফোৰণৰ জুই৷ অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষই জুই নির্বাপিত কৰিবলৈ সক্ষম হোৱা নাই৷ বাঘজানত কোন মুহূর্তত কি পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হয়, তাকে লৈ উদ্বিগ্ণ হৈ পৰিছে তিনিচুকীয়া জিলা প্রশাসন৷ বাঘজানৰ বিস্ফোৰণৰ পাছত জুইৰ লেলিহান শিখাই স্থানীয় ৰাইজক অধিক জটিলতালৈ ঠেলি দিছে৷ বিস্ফোৰণৰ পূর্বে তেল–গেছ নির্গমনৰ পৰা আজি ১৯ দিনে সপোনৰ ঘৰখনত ভৰি থ’ব পৰা নাই ক্ষতিগ্রস্ত লোকসকলে৷ বাঘজানত এতিয়া কেৱল দুখৰ হুমুনিয়াহহে শুনিবলৈ পোৱা যায়৷ উল্লেখ্য যে ২৭ মে’ত গেছ খাদটোত তেল–গেছৰ নির্গমন আৰম্ভ হৈছিল আৰু ৯ জুনত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ৷
জিলা প্রশাসনে ১৯ দিনে জৰীপ কৰিব নোৱাৰিলে ক্ষয়–ক্ষতিৰ
তিনিচুকীয়া জিলা প্রশাসনৰ দুর্যোগ প্রশমন বিভাগে ১৯ দিনে বাঘজানত ক্ষয়–ক্ষতিৰ জৰীপ সম্পূর্ণ কৰিব নোৱাৰিলে৷ বিস্ফোৰণ আৰু তাৰ পিছত অগ্ণিকাণ্ড নিয়ন্ত্রণ নোহোৱাৰ দোহাই দি বিভাগীয় বিষয়াসকলে আজিলৈকে ক্ষতিগ্রস্ত লোসকলৰ প্রকৃত ক্ষয়–ক্ষতিৰ জৰীপ সম্পূর্ণ নকৰিলে৷ অৱশ্যে যোৱা ৯ জুনত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা অগ্ণিকাণ্ডত বাঘজান গাঁৱৰ লাৱণ্য শইকীয়া, পোনাকণ শইকীয়া, ঋতু শইকীয়া, দীপ শইকীয়া, অমল শইকীয়া, বিকাশ শইকীয়া, লম্বেশ্বৰ শইকীয়া, উমি মৰাণ, সহদেৱ মৰাণ, মনু মুড়া, লক্ষীন্দৰ মৰাণ, অৰবিন্দ পাংগিং আৰু জেঠু ঘাটোৱাৰৰ বাসগৃহ জুইত ভস্মীভূত হোৱা বুলি জানিবলৈ দিছে দুর্যোগ প্রশমন বিভাগৰ বিষয়াই৷ ইফালে, অগ্ণিকাণ্ডত বাঘজান গাঁৱৰ চেনেধৰ বৰুৱা, পিদিয়া নেওগ, আনন্দ মৰাণ, টেমেন বৰা, গুণ নেওগ, প্রফুল্ল নেওগ, বলীন নেওগ, ফাটু মুড়া, দীপ শইকীয়া, লম্বেশ্বৰ শইকীয়া, অমল শইকীয়া, লাৱন্তি শইকীয়া, পাপুল চেতিয়া, ঋতু মৰাণ, প্রশান্ত বৰা, লক্ষীণ মৰাণ, সহদেৱ মৰাণ, উমি মৰাণ, যোছেফ মুড়া, লক্ষীয়া কৈৰী, দীপ কৈৰী, চোনলাল কৈৰী, লদ খাৰিয়া, বাবুৰাম খাৰিয়া, হলৌ খাৰিয়া আদিকে কৰি অর্ধশতাধিক কৃষকৰ বহু বিঘাৰ খেতিপথাৰ ইতিমধ্যে জ্বলি গৈছে৷
বাঘজান আশ্রয় শিবিৰত শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ
কালি দুপৰীয়া বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰত শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু সংঘৰ সেৱা সমিতিৰ মুখ্য সচিব অচ্যুত কলিতাৰ নেতৃত্বত সঁজাতী দল এটা উপস্থিত হয়৷ দলটোৱে আশ্রয় শিবিৰটোত থকা দুর্গত বাঘজানবাসীৰ সৈতে মত বিনিময় কৰাৰ লগতে খাদ্যসামগ্রী প্রদান কৰে৷
বাঘজান গাঁৱৰ নামঘৰত জ্বলা নাই বন্তি
নামঘৰত ১৯ দিন ধৰি এগছি বন্তি জ্বলাব পৰা নাই বাঘজান গাঁৱৰ ভকত বৈষ্ণৱসকলে৷ গোসাঁইঘৰত পুৱা–গধূলি হৰিনাম ল’বলৈ পৰা নাই বাঘজান গাঁৱৰ আইতাসকলে৷ গাঁওখনৰ চৌপাশে কেৱল চেপা উত্তেজনাই বিৰাজ কৰিছে৷ যোৱা ২৭ মে’ৰ দুপৰীয়ালৈ স্বাভাৱিক অৱস্থাত থকা বাঘজান গাঁৱৰ ৬২১টা পৰিয়ালে এবাৰলৈও ভবা নাছিল সম্ভাব্য দুর্যোগৰ বিষয়ে৷ কিন্তু ১৯ দিন বাঘজান গাঁওবাসীয়ে নিজৰ ঘৰখনত সোমাব পৰা নাই৷ পোহনীয়া জীৱ–জন্তুবোৰ খাদ্যৰ সন্ধানত বাঘজানৰ সমীপৰ ঠাইলৈ ঢ়াপলি মেলিছে৷ উল্লেখ্য যে গেছ খাদটোৰ পৰা গেছ আৰু তেল নির্গত হৈ সমগ্র্র বাঘজান অঞ্চলৰ ঘাঁহ–বন, গছ–গছনি নষ্ট কৰি পেলাইছে৷
চৰকাৰৰ ভুল নীতিৰ বাবেই অসমৰ সম্পদৰ ওপৰত লুণ্ঠন–ধ্বংস যজ্ঞ চলিছেঃ ক্ষুদ্র চাহ
খেতিয়ক সন্থাৰ অভিযোগ
চৰকাৰৰ ভুল নীতিৰ বাবেই অসমৰ সম্পদৰ ওপৰত লুণ্ঠন আৰু ধ্বংসযজ্ঞ চলিছে৷ সম্পদবোৰ চৰকাৰৰ, কিন্তু ইয়াৰ দুখ–কষ্ট সর্বসাধাৰণ জনতাই ভুগিব লগা হৈছে৷ এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পুণ্য ৰাজখোৱাই৷ তেওঁ কয় যে চৰকাৰৰ ভুল নীতিৰ বাবেই তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত অইল ইণ্ডিয়া লিমিটেডে ইক’ জ’নত তৈলখাদ স্থাপন কৰিবলৈ মৰসাহ কৰিছে৷ চৰকাৰৰ আশীর্বাদপুষ্ট অইল কর্তৃপক্ষৰ গাফিলতিতে বাঘজান তৈলখাদটোৰ গেছ খাদত বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্ণিকাণ্ডটো সংঘটিত হ’ল৷ চৰকাৰে ভুল কৰি যাব আৰু সর্বসাধাৰণ জনতাই ইয়াৰ দুখ–কষ্টত দুর্বিষহ দিন কটাব, এইটো কেতিয়াও এখন স্বাধীন দেশৰ নাগৰিকৰ কাম্য হ’ব নোৱাৰে৷ বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰত যোৱা ২৭ মে’ৰ পৰা দুর্বিষহ দিন কটোৱা দুর্ভগীয়া লোকসকলক খাদ্য সামগ্রী প্রদান কৰে ৰাজখোৱাই৷ বাঘজানত চাহ খেতি নষ্ট হোৱাৰ পিছত আৰু কিমান বছৰলৈকে চাহ খেতি নহ’ব তাৰ কোনো নিশ্চয়তা নাই বুলি মন্তব্য কৰি তেওঁ বিজ্ঞানসন্মত পৰীক্ষাৰ প্রতিবেদনৰ ভিত্তিত ক্ষতিগ্রস্ত চাহ খেতিয়কক দীর্ঘম্যাদী উচিত ক্ষতিপূৰণ প্রদান কৰিবলৈ অইল ইণ্ডিয়াক দাবী জনায়৷