বাঘজানৰ ক্ষতিগ্রস্তলৈ সর্বাধিক ক্ষতিপূৰণ
পৰিস্থিতিৰ বুজ লৈ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী–মুখ্যমন্ত্রীৰ প্রতিশ্রুতি
নিয়মীয়া বাৰ্তা ১৫ জুনঃ প্রথমে অহৰহ তেল–গেছৰ নির্গমন আৰু পিছত ভয়ংকৰ বিস্ফোৰণে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে তিনিচুকীয়া জিলাৰ বাঘজানত৷ অইল ইণ্ডিয়া লিমিটেডৰ বিজিআৰ ৫নং গেছ খাদটোৰ জুইকুৰা এতিয়াও নির্বাপিত হোৱা নাই৷ যোৱা ২৭ মে’ত সূত্রপাত ঘটিছিল ঘটনাৰ৷ সেইদিনা গেছ খাদটোৰ পৰা প্রচণ্ড শব্দৰে তেল–গেছৰ নির্গমন হ’বলৈ ধৰে৷ তেল–গেছৰ নির্গমন বন্ধ কৰাত অইল ইণ্ডিয়া সফল নোহোৱাৰ পৰিণতিতে যোৱা ৯ জুনত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণটো৷ চৌদিশ ছানি ধৰা জুইত কেইবাটাও পৰিয়ালৰ ঘৰ–বহুকেইখন গাড়ী জুইত জাহ যোৱাৰ সমান্তৰালভাৱে ভূ–কম্পনৰ দৰে জোকাৰণি হোৱাত আতংকিত বাঘজানবাসীয়ে অবর্ণনীয় দুখ–দুর্দশাৰ মাজত আশ্রয় শিবিৰতে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ ৰাইজে বিচাৰিছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আহক আৰু ক্ষতিগ্রস্ত ৰাইজৰ মর্মবেদনা উপলব্ধি কৰি সমস্যাটো সমাধানৰ ক্ষেত্রত বাস্তৱ পদক্ষেপ গ্রহণ কৰক৷ দেওবাৰে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধান আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল বাঘজানৰ ঘটনাস্থলীত আহি উপস্থিত হয়৷ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধান আৰু মুখ্যমন্ত্রী সোণোৱালে মোহনবাৰী বিমানবন্দৰৰ পৰা বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে দিয়ামূলী চাহ বাগিচাৰ খেলপথাৰত নির্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে বাঘজানত উপস্থিত হৈ সমগ্র পৰিস্থিতি পর্যবেক্ষণ কৰে৷ তদুপৰি বিদেশৰ কাৰিকৰী বিশেষজ্ঞ দলৰ সৈতে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধান আৰু মুখ্যমন্ত্রী সোণোৱালে পৰিস্থিতিৰ পর্যালোচনা কৰে৷ বিদেশী বিশেষজ্ঞ দলটোৱে বাঘজানৰ জুই নির্বাপণ কৰাৰ বাবে প্রস্তুত কৰি উলিওৱা ক্ষেত্রৰ নক্সাসমূহ তেওঁলোকক প্রদর্শন কৰে৷ ঘটনাস্থলীৰ পৰা কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধান আৰু মুখ্যমন্ত্রী সোণোৱালে বাঘজান দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিবিৰত উপস্থিত হয়৷ অগ্ণিকাণ্ডত নিজৰ ঘৰ–বাৰী হেৰুৱাই আশ্রয় শিবিৰত দুখ–কষ্টৰ মাজেৰে থকাৰ পিছতো পৰম্পৰা ৰক্ষা কৰি ক্ষতিগ্রস্ত গাঁওবাসীয়ে দুয়োকে গুৱা–পাণেৰে আদৰণি জনায়৷ অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকা শিবিৰবাসীৰ আগত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে কয় যে ২৭ মে’ত দুর্ঘটনাজনিত ঘটনাটোৰ পিছত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ লগত সঘন যোগাযোগ ৰক্ষা কৰি চলিছে, কেনেকৈ তেল–গেছৰ নির্গমন বন্ধ তথা বর্তমানে সংঘটিত হোৱা জুইকুৰা নির্বাপিত কৰিব পাৰি৷ ইয়াৰ বাবে দেশ–বিদেশৰ কাৰিকৰী বিশেষজ্ঞৰ লগতো যোগাযোগ ৰাখি তেওঁলোকক ইয়ালৈ অনা হৈছে৷ ঘটনাটোৰ বাবে চিন্তিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশত মই ইয়ালৈ আহিছোঁ৷ কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত আলোচনামর্মে ঘটনাটোত ক্ষতিগ্রস্ত হোৱা পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিয়াৰ প্রতিশ্রুতি প্রদান কৰে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে৷ ইফালে ক্ষতিগ্রস্ত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বাঘজান গেছ খাদত যি দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল, সেই ঘটনাই সমগ্র অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে৷ আতংকিত ৰাইজে নিজৰ নিৰাপত্তাৰ বাবে আশ্রয় শিবিৰত থাকিবলগীয়া হৈছে৷ এয়া অত্যন্ত বেদনাদায়ক৷ ২৭ মে’ৰ ঘটনাটোৰ পিছতেই ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ লগত যোগাযোগ কৰি সমস্যাটো সমাধানৰ বাবে যৎপৰোনাস্তি প্রয়াস চলাইছে৷ দেশ–বিদেশৰ কাৰিকৰী বিশেষজ্ঞ আহি ইতিমধ্যে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা চলাই আছে৷ চৰকাৰে প্রয়োজনত আৰু কাৰিকৰী বিশেষজ্ঞ আনি জুইকুৰা নির্বাপিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷ চৰকাৰৰ এতিয়া প্রধান কাম হৈছে স্থানীয় ৰাইজক নিশ্চিন্তমনে নিজ নিজ গৃহত প্রৱেশ কৰি জীয়াই থকাৰ পৰিৱেশ গঢ়ি তোলা৷ এতিয়ালৈ যিমানবিলাক ক্ষয়–ক্ষতি হ’ল তাৰ জৰীপ চলাই থকা হৈছে আৰু ক্ষতিগ্রস্ত লোকসকলক সর্বাধিক ক্ষতিপূৰণ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে এই ঘটনাৰ বাবে দায়ী কোন, কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে, সেই সন্দর্ভত কেন্দ্রীয় চৰকাৰে উচ্চ পর্যায়ৰ বিশেষজ্ঞ দলক তদন্তৰ দায়িত্ব অর্পণ কৰিছে৷ অসম চৰকাৰেও অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙৰ নেতৃত্বত তদন্ত ঘোষণা কৰিছে আৰু ইতিমধ্যে তেওঁ তদন্ত আৰম্ভ কৰিছে৷ ১৫ দিনৰ ভিতৰত প্রতিবেদন দাখিলৰ নির্দেশ দিয়া হৈছে৷ অগ্ণিকাণ্ডৰ বাবে এই অঞ্চলৰ জৈৱ–বৈচিত্র্যৰ কিমান ক্ষতি হ’ল, প্রাকৃতিক পৰিৱেশ কিমান বিনষ্ট হ’ল, এই গোটেই কথাবিলাক তদন্ত কৰিবলৈ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) এম কে যাদৱক দায়িত্ব অর্পণ কৰা হৈছে৷ ক্ষতিগ্রস্ত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰা তথা ক্ষয়–ক্ষতি হোৱা খেতি–বাতি, সা–সম্পত্তিৰ পৰীক্ষা কৰি যাতে উচিত ক্ষতিপূৰণ পায়, তাৰ ব্যৱস্থা চৰকাৰে কৰাৰ লগতে সমস্যা সমাধানৰ বাবে প্রয়াস কৰিব৷ বাঘজান অঞ্চলৰ বান–খহনীয়া সমস্যাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে ২৭ কোটি টকা ব্যয়েৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলি ঘোষণা কৰে৷ ইয়াৰ উপৰি এই অঞ্চলত এখন আদর্শ চিকিৎসালয়, এখন পশু চিকিৎসালয় আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় নির্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্রী সোণোৱালে ঘোষণা কৰে৷ তদুপৰি তিনিচুকীয়া–বাঘজান পথৰ উন্নয়ন, অইল আৰু ৰাজ্য চৰকাৰৰ যুটীয়া পদক্ষেপেৰে মাগুৰী–মটাপুং বিলক আন্তঃৰাষ্ট্রীয় পর্যটনৰ কেন্দ্র ৰূপে গঢ়ি তোলাৰ পদক্ষেপ, অঞ্চলটোৰ মহিলা আত্মসহায়ক গোটক আর্থিক সাহায্য আৰু অঞ্চলটোত এটা দক্ষতা বিকাশ কেন্দ্র প্রতিষ্ঠা কৰা হ’ব বুলি মুখ্যমন্ত্রী সোণোৱালে ঘোষণা কৰে৷ আনহাতে আজি বাঘজান–কলিয়াপানীব্ হৈ বাঘজান মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধান আৰু মুখ্যমন্ত্রী সোণোৱালক একোখনকৈ স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রত জুই শীঘ্রে নির্বাপিত কৰাৰ লগতে বাঘজান–দীঘলটৰং অঞ্চলত চলি থকা তৈল খনন আৰু উৎপাদন কার্য সম্পূর্ণ বন্ধ কৰা, বাঘজানৰ ঘটনাৰ বাবে অর্থনৈতিক পেকেজ ঘোষণা কৰা, সকলো ক্ষতিগ্রস্ত পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ শীঘ্রে প্রদান কৰা, এই দুর্যোগত জীৱিকাৰ পথ সম্পূর্ণৰূপে ধ্বংস হোৱাৰ বাবে সকলো ক্ষতিগ্রস্ত পৰিয়ালক জীৱিকাৰ অর্থে ৩০ বছৰ পর্যন্ত প্রতিমাহে ১ লাখ টকাকৈ প্রদান কৰা, সকলো ক্ষতিগ্রস্ত পৰিয়ালক স্বাভাৱিক পৰিৱেশ ঘূৰি নহাপর্যন্ত মাহিলি হিচাপে ৫ হাজাৰ অথবা এককালীন ৫ লাখ টকাকৈ প্রদান কৰা, ক্ষতিগ্রস্ত প্রতিটো পৰিয়ালৰ সদস্যক উপযুক্ততাৰ ভিত্তিত কর্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে ভৱিষ্যতে ৩০ শতাংশ আসন সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা, ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান, মাগুৰী বিলকে ধৰি দাঁতিকাষৰীয়া সমগ্র অঞ্চলটোৰ প্রাকৃতিক পৰিৱেশ পূর্বৰ অৱস্থালৈ ঘূৰাই অনাৰ শীঘ্রেই কার্যকৰী ব্যৱস্থা গ্রহণ কৰাকে ধৰি ১৩ দফীয়া দাবী সন্নিৱিষ্ট কৰা হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় মন্ত্রী প্রধানে বাঘজানৰ ঘটনাস্থলী পৰিদর্শনৰ সময়ত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যোগেন মহন, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, কেইবাগৰাকীও বিধায়ক, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক, পেট্র’লিয়াম মন্ত্রালয়ৰ যুটীয়া সচিব তথা অইল, অ’ এন জি চি আৰু আন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷
গুৱা–পাণেৰে আদৰণি প্রধান–সোণোৱালক
বাঘজানবাসীয়ে মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানক গুৱা–পাণেৰে আদৰণি জনালে৷ তেওঁলোকেও গুৱা–পাণ গ্রহণ কৰি তাত উপস্থিত থকা দুই–চাৰিজন বয়োজ্যেষ্ঠ লোকক সেৱা জনাই আশীর্বাদ লয়৷ কিন্তু মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে দুর্ভগীয়া ৰাইজৰ সৈতে দুআষাৰ মত বিনিময় নকৰাৰ বাবে শিবিৰবাসী ক্ষুব্ধ হৈ পৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালক আজি কাষৰ পৰা পাই বি জি আৰ ৫নং তেলখাদৰ ভয়ংকৰ অগ্ণিকাণ্ডৰ লেলিহান শিখাই সকলো সপোন ছাই কৰি পেলোৱা সেই দুর্ভগীয়া পৰিয়ালকেইটাই মনৰ মাজত জ্বলি থকা ক্ষোভৰ জুইকুৰাৰ বিষয়ে তেওঁৰ সন্মুখত সকলো উজাৰি দি বুকুত জ্বলা জুই কিছু প্রশমিত কৰিম বুলি মুখ্যমন্ত্রী উপস্থিত হোৱাৰ পূর্বেই এই প্রতিবেদকক অৱগত কৰিছিল৷ কিন্তু মূৰকত সকলোকে আচৰিত কৰি ৰাইজৰ ৰোষত পৰা মন্ত্রীদ্বয় অতুল বৰা আৰু চন্দ্রমোহন পাটোৱাৰীক দুয়ো কাষে লৈ কিছু প্রতিশ্রুতি প্রদান কৰিয়েই মুখ্যমন্ত্রী সোণোৱাল আঁতৰি যায়৷ এনেদৰে হঠাতে মুখ্যমন্ত্রী সোণোৱাল কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানসহ অন্যান্য মন্ত্রী–বিধায়কসকল্ বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰৰ পৰা প্রস্থান কৰাত উপস্থিত গাঁওবাসীয়ে তেওঁলোকৰ মনৰ কথা এবাৰলৈ হ’লেও শুনিবলৈ চিঞৰি চিঞৰি মাতিবলৈ ধৰে৷ এনে অৱস্থাত ক্ষোভ প্রকাশ কৰি দুর্ভগীয়া ৰাইজে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি যিসমূহ প্রতিশ্রুতি ইয়াত প্রদান কৰিলে সেইসমূহত আমি আশ্বস্ত হ’ব পৰা নাই৷ প্রতিশ্রুতিসমূহ যেতিয়া সঠিক ৰূপত কার্যকৰী হ’ব তেতিয়াহে আমি তেওঁক প্রকৃত জাতীয় নায়কৰূপে স্বীকৃতি দিম৷ আনহাতে এই শিবিৰৰ পৰা পোনে পোনে বান্দৰখাটি হাইস্কুল আৰু দিয়ামূলী চাহ বাগিচা ২নং প্রাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিবিৰত সর্বানন্দ সোণোৱাল, ধর্মেন্দ্র প্রধানসহ অন্যান্যসকল উপস্থিত হৈ তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে৷ জুই নির্বাপণ হোৱালৈকে শান্তি–শৃংখলা বজাই ৰাখিবলৈ সকলোটিলৈ আহ্বান জনোৱাৰ লগতে শিবিৰবাসীৰ কিবা অভাৱ–ভিযোগ থকিলে শ্রমমন্ত্রী সঞ্জয় কিষাণ আৰু জিলা উপায়ুক্ত ভাস্কৰ পেগুৰ সৈতে যোগাযোগ কৰিবলৈ কয় মুখ্যমন্ত্রী সোণোৱালে৷
মুখ্যমন্ত্রীৰ উপস্থিতিত আশ্রয় শিবিৰত অপ্রীতিকৰ পৰিস্থিতি
দেওবাৰে বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত থকা আশ্রয় শিবিৰত মুখ্যমন্ত্রী সোণোৱালৰ উপস্থিতিতে এক অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি হয়৷ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে ক্ষতিগ্রস্ত ৰাইজৰ সন্মুখত ভাষণ দি থকা সময়তে ৰূপাই চাইডিং নিৱাসী চাহ খেতিয়ক পদ্ম মৰাণ উপস্থিত হৈ এই অগ্ণিকাণ্ডৰ ফলত তেওঁৰো বাঘজানত থকা ক্ষুদ্র চাহ বাগিচাখনৰ অনিষ্ট হোৱাৰ বিষয়ে মুখ্যমন্ত্রীক পোনপটীয়াকৈ অৱগত কৰিবলৈ বিচৰাত স্থানীয় লোকে বাধা প্রদান কৰে৷ তেওঁ সেই বাধা নেওচি আগবাঢ়ি যাব বিচৰাত হতাহতিৰ সৃষ্টি হৈ এক হুলস্থূলীয়া পৰিৱেশৰ উদ্ভৱ হয়৷ ফলত তেওঁক নিৰাপত্তাৰক্ষীয়ে আঁতৰাই লৈ যায়৷ আনহাতে এই ঘটনাটোৰ বিষয়ে বাঘজানবাসীয়ে কয় যে নিজৰ সর্বস্ব হেৰুৱাই শান্তিপূর্ণভাৱে বহি থকা বাঘজানবাসীৰ সন্মুখত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী প্রধানে প্রতিশ্রুতি প্রদান কৰি থকাৰ সময়তে এজন অপৰিচিত ব্যক্তিয়ে এই শান্তি ভংগ কৰি এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত তেওঁক গাঁওবাসীয়ে আঁতৰাই পঠিওৱাৰ সময়ত তেওঁ হয়তো মাটিত বাগৰি পৰে, ইয়াৰ বাবে গাঁওবাসী জগৰীয়া নহয়৷
ভূকম্পন অধ্যয়নৰ বাবে শীঘ্রে বিশেষজ্ঞ সমিতি
বিশেষ বার্তা, তিনিচুকীয়াঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অংশগ্রহণ কৰে৷ সদৌ মৰাণ ছাত্র সন্থা, সদৌ অসম মটক যুৱ–ছাত্র সন্মিলন, চুতীয়া ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, গোর্খা ছাত্র সন্থা, আট্ছা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত মুখ্যমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰে বাঘজানৰ অগ্ণি নির্বাপণৰ বাবে লোৱা ব্যৱস্থাৱলীৰ সম্পর্কত কয়৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রীগৰাকীয়ে অগ্ণি নির্বাপণৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব আৰোপ কৰি ছিংগাপুৰ, অষ্ট্রেলিয়া, কানাডা আৰু আমেৰিকাৰ বিশেষজ্ঞসকলক বাঘজানলৈ লৈ আহিছে৷ ইতিমধ্যে অন্তর্ৱর্তীকালীন সাহায্য হিচাপে ৩০ হাজাৰ টকাকৈ ক্ষতিগ্রস্তসকলক দিয়া হৈছে৷ অঞ্চলটোত ভূকম্পনৰ বিষয়টো কেন্দ্র আৰু ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ আই আই টি গুৱাহাটী, ৰিজনেল ৰিছার্চ চেণ্টাৰ যোৰহাট আৰু জি’লজিকেল ছার্ভে অৱ ইণ্ডিয়া, শ্বিলঙৰ নেতৃত্বত এই পৰিঘটনা অধ্যয়নৰ বাবে শীঘ্রে এক বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব৷ বিশেষজ্ঞ সমিতিৰ প্রতিবেদন লাভ কৰাৰ পিছতেই চৰকাৰে উপযুক্ত কার্যব্যৱস্থা গ্রহণ কৰিব৷ তেওঁ এই জটিল সময়ত ছাত্র সংগঠনকে ধৰি সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ পেড্র’লিয়াম মন্ত্রীগৰাকীয়ে কয় যে চৰকাৰে হ্রস্রকালীন, দীর্ঘকালীন ব্যৱস্থা, ক্ষতিগ্রস্ত লোকসকলক সাহায্য প্রদান আৰু পাৰিপার্িশ্বকতা অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ৰাজ্য চৰকাৰৰ সহযোগত এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয় যে বাঘজান অঞ্চলক সকলো ক্ষেত্রতে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ ভৱিষ্যতে যাতে এনেধৰণৰ দুর্ঘটনা সংঘটিত নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ দিশত এক উপযুক্ত ব্যৱস্থা গঢ়ি তুলিবলৈ কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রীগৰাকীক তেওঁ আহ্বান জনায়৷ কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রীগৰাকীয়ে কয় যে অসমৰ অর্থনীতি আৰু নিয়োগৰ ক্ষেত্রত তৈল খণ্ডৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ বর্তমানৰ এই সংকটৰ সময়ত ৰাজ্য চৰকাৰৰ লগতে জনসাধাৰণৰো সহযোগিতা লাভ কৰা হৈছে বুলি মন্ত্রীগৰাকীয়ে কয়৷