নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ জুই নির্বাপণক লৈ বিদেশী বিশেষজ্ঞৰে অইলৰ মতপার্থক্য

দায়িত্ব এৰিলে অ’এনজিচিয়েঃ গঞাক ভয়ংকৰ সংকটলৈ ঠেলি নির্গত গেছ ডাইভার্টৰ চেষ্টা

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ  বাঘজানৰ অগ্নিকাণ্ড আৰু গেছ নির্গমন নিয়ন্ত্রণ কৰিব নোৱাৰি সম্প্রতি অইল ইণ্ডিয়া লিমিটেড দিশহাৰা হৈ পৰিছে৷ খাদৰ উচ্চ চাপৰ গেছ প্রৱাহ বন্ধ কৰাত ব্যর্থ ছিংগাপুৰ এলার্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞসকলৰ মাজতে এতিয়া পৰৱর্তী অপাৰেচনক লৈ মতৰ পার্থক্য সৃষ্টি হৈছে৷ ইফালে,বাঘজানব্ল–আউট অপাৰেচন আধাতে এৰি অ’ এন জি চিয়েও বাঘজান ক্ষেত্রৰ পৰা  টালি–টোপোলা বান্ধিছে৷ এই উদ্বেগজনক তথ্য নিশ্চিত কৰিছে অইলৰ বিশ্বস্ত সূত্রই৷ ১৮ আগষ্টত কিলিং অপাৰেচন ব্যর্থ হোৱাৰ পিছত অইল ইণ্ডিয়াই এলার্ট কোম্পানীৰ বিশেষজ্ঞৰ পৰামর্শ অনুসৰি ‘প্লেন–চি’ অর্থাৎ ৰিলিফ ৱেল বা ডিফিউজাৰ ৱেলৰ যাৱতীয় কাম–কাজখিনি আগবঢ়াইছে৷ কিন্তু সম্প্রতি বাঘজানত চলিছে কি তাক লৈ যোৱা ২১ আগষ্টৰ পৰা অইল ইণ্ডিয়াই দিয়া নাই কোনোধৰণৰ প্রেছ বিবৃতি৷ ইয়াৰ আগলৈকে বাঘজান সম্পর্কীয় প্রতিটো ডাঁৰৰ বাতৰি ডাঁৰে আগবঢ়াই আহিছিল অইলৰ জনসম্পর্কৰক্ষী বিভাগে৷ হঠাৎ প্রেছ বিজ্ঞপ্তি বন্ধ কৰি দিয়াত বিভিন্ন মহলৰ মনত সন্দেহজনক প্রশ্ণৰ উদ্রেক হৈছে৷ সন্দেহ কৰা হৈছে খাদটোৰ কাম–কাজক লৈ অইল ইণ্ডিয়াই ‘ট্রায়েল এণ্ড এৰৰ মেথড’ প্রয়োগ কৰিছে৷ জানিব পৰা মতে, অইল ইণ্ডিয়াই সম্প্রতি ৰিলিফ ৱেল খনন কার্য চলাই জি’ ষ্ট্রীঙৰ GEO-STRING )দ্বাৰা গেছ প্রৱাহ বন্ধ কৰাৰ দীঘলীয়া আৰু খৰচী প্রক্রিয়াৰ সলনি পুনৰ খাদটো টেকনিকেল ৰিপেয়াৰিং অর্থাৎ মেৰামতি কৰি দ্বিতীয়বাৰলৈ কিলিং অপাৰেচন চলোৱাৰ এক অনিশ্চয়তা ভৰা সিদ্ধান্ত নিজাববীয়াকৈ গ্রহণ কৰিছে ৷ সেই সিদ্ধান্ত অনুসৰি অইল ইণ্ডিয়াই ইতিমধ্যে ব্ল’–আউট খাদটোৰ প্রথমটো কিলিং অপাৰেচনত ভাঙি–ছিঙি নষ্ট হোৱা খাদটোৰ গর্ভৰ ৫.১/২ ইঞ্চি , ৯.৫/৮ ইঞ্চি আৰু ১৩.৩/৮ ইঞ্চিযুক্ত কেচিঙৰ মাজত পুনৰ চিমেণ্ট প্লাগ কৰাৰ কামত অগ্রসৰ হৈছে৷ খুব সম্ভৱ অহা ৪–৫ দিনৰ পিছতেই বাঘজান বিজিএন#৫ত দ্বিতীয়টো কিলিং অপাৰেচন চলাব অইল ইণ্ডিয়াই৷ অইল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ সৈতে একমত হ’ব পৰা নাই এলার্টৰ বিশেষজ্ঞসকল৷ এলার্টৰ এগৰাকী বিশেষজ্ঞৰ সন্মতিৰ বাহিৰে বাকীসকল বিশেষজ্ঞই কিলিং অপাৰেচনত পুনৰ ৰিস্ক ল’বলৈ শংকা প্রকাশ কৰিছে বুলি বিশ্বস্ত সূত্রই সদৰী কৰিছে৷ তাৎপর্যপূর্ণ যে প্রথমবাৰ কিলিং অপাৰেচনত খাদটোৰ ৫.১/২ ইঞ্চিৰ কেচিঙৰ পৰা ১৩.৩/৮ ইঞ্চি কেচিঙলৈকে চিমেণ্টিং প্লাগ ভাঙি সৌভাগ্যক্রমে ৰক্ষা পৰিছিল খাদৰ উপৰিভাগত থকা মাত্র ২০ ইঞ্চিযুক্ত কেচিঙৰ চিমেণ্ট৷ এই ঘটনাৰ পিছত খাদটোৰ ব্ল’ আউটৰ পৰিমাণ পূর্বতকৈ বৃদ্ধি পাবলৈ ধৰিলে৷ এনে জটিল মুহূর্তত পুনৰ কিলিং অপাৰেচনৰ পুনৰাবৃত্তি চলালে খাদটোলৈ আন এক অনিশ্চয়তা আহি পৰাৰ সম্ভাৱনা প্রকট হ’ব বুলি সূত্রটোৱে দাবী কৰিছে৷ সেয়ে অইলৰ সিদ্ধান্তৰ সৈতে একমতত উপনীত হ’ব পৰা নাই এলার্টৰ গৰিষ্ঠসংখ্যক বিশেষজ্ঞ৷ আনহাতে ইয়াৰ সমান্তৰালভাৱে অইল ইণ্ডিয়াই তেল কোম্পানীৰ ইতিহাসত আন এক নজিৰবিহীন সিদ্ধান্তৰ পোষকতা কৰি ইতিমধ্যে কাম–কাজ আগুৱাইছে বুলি জানিব পৰা গৈছে৷ সূত্রৰ অনুসৰি অইল মেনেজমেণ্টে বি অ’ পি অর্থাৎ ব্ল’ আউট প্রিভেণ্টৰ সৈতে সংযুক্ত ৰাইজাৰৰ মুখেৰে ওপৰলৈ অহৰহ নির্গত গেছ চাপক নিয়ন্ত্রণ কৰিবৰ বাবে বি অ’ পিটোৰ সৈতে দুডাল চাৰে চাৰি ইঞ্চি পাইপলাইন সংযোগ স্থাপন কৰি এডাল প্রডাকচন পাইপ লাইনেৰে খাদটোৰ পৰা প্রায় ৪ কিঃমি দৈর্ঘ্য দূৰত্বত অৱস্থিত ই পি এছ (Early production Station) লৈ গেছ প্রৱাহ ডাইভার্ট কৰি নির্গত গেছখিনিক ব্যৱহাৰযোগ্য কৰি তোলাৰ প্রয়াস আৰু আন এডাল চাৰে চাৰি ইঞ্চিযুক্ত ফ্লেয়াৰ লাইনেৰে গেছ প্রৱাহ ডাইভার্ট কৰি ফ্লেয়াৰ পিটত জ্বলাই দিয়াৰ প্রচেষ্টাৰ দিশে অগ্রসৰ হৈছে৷ অইল ইণ্ডিয়াই নেচনেল গ্রীন ড্রিবিউনেল, অসম প্রদূষণ নিয়ন্ত্রণ ব’ড, ডি জিএমএছ (Directorate General of Mines Safety), অ’আইএছডি Oil Industry Safety Directorate)ৰ কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রণালয়কো ব্ল’–আউট হৈ থকা খাদটোত এইধৰণৰ প্রয়াস চলোৱাৰ নজিৰবিহীন সিদ্ধান্ত গ্রহণৰ বিষয়ে এতিয়ালৈ অৱগত কৰা নাই বুলি জানিব পৰা গৈছে৷ অৱশ্যে এইক্ষেত্রত অইলৰ মুখপাত্রগৰাকীয়ে ডিজিএমএছৰ সৈতে বাঘজান অপাৰেচন সম্পর্কীয় সকলো বিষয়ে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে সুৰক্ষাৰ অভাৱৰ বাবেই পূর্বেই ঘটনাস্থলীত দুজনকৈ অইল অগ্ণিনির্বাপক কর্মচাৰী শোকাৱহ মৃত্যুৰ লগতে তিনিজনকৈ এলার্টৰ বিশেষজ্ঞ অগ্ণিদগ্ধ হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ তাৎপর্যপূর্ণ যে অতি শেহতীয়াভাৱে অইলৰ সিদ্ধান্ত অনুসৰি খাদটোৰ পৰা অতি উচ্চ চাপত নির্গত অর্থাৎ ৪৫০০–৫৩০০ পি এফ এছ আই Pound-force per Square inch) চাপত প্রৱাহিত হৈ থকা গেছখিনিক দুটা পর্যায়ত ভাগ কৰি বাঘজান গাঁৱৰ মাজেৰে প্রায় ৪ কিঃমি নিলগলৈ প্রডাকচন পাইপেৰে ই পি এছলৈ কঢ়িয়াব৷ এই সময়ত উচ্চ চাপযুক্ত গেছ প্রৱাহত কোনো মুহূর্তত বাধাপ্রাপ্ত হ’লে অথবা অতিৰিক্ত চাপৰ সৃষ্টি হৈ পাইপলাইনৰ বহনক্ষমতা নষ্ট হ’লে কেনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব সেয়া সহজে অনুমেয়৷ এইক্ষেত্রত অইল ইণ্ডিয়াই সুৰক্ষাজনিত নীতি–নির্দেশনা আঁতৰাই সকলোৰে অজ্ঞাতে বাঘজান গাঁওবাসীক পণবন্দী কৰি গ্রহণ কৰা এনে শংকাপূর্ণ সিদ্ধান্ত কিমানদূৰ গ্রহণযোগ্য সেই লৈ খোদ এলার্ট কোম্পানীৰ বিশেষজ্ঞৰ বাদেই একাংশ উচ্চস্তৰীয় মহলেও আশ্বস্ত হ’ব পৰা নাই৷ এনে সংকট দোমোজাৰ মাজতে অইল আৰু এলার্টক সহযোগ কৰা অ’ এন জি চিয়েও বাঘজানস্থলীৰ পৰা বিদায় লোৱাটো তাৎপর্যপূর্ণ দিশ হিচাপে বিবেচিত হৈছে৷ ইফালে অইলৰ এই সিদ্ধান্তৰ বিপৰীতে এলার্ট কোম্পানীয়ে ৰিলিফ ৱেল খনন অথবা বিদেশীSNUBBING ইউনিটৰ সহযোগ লৈ ব্ল’আউট ৰোধ কৰাত গুৰুত্ব প্রদান কৰা বুলি জানিব পৰা গৈছে৷ ৰিলিফ ৱেল খননৰ দৰে সিদ্ধান্তৰ প্রতি ব্ল’ আউটৰ প্রাৰম্ভিক অৱস্থাৰ পৰাই মত পোষণ কৰি আহিছে বিদেশত অভিজ্ঞপুষ্ট জ্যেষ্ঠ ভূ–তত্ত্ববিদ প্রদীপ শইকীয়ায়ো৷ শেহতীয়া খবৰ অনুসৰি প্রথমটো কিলিং অপাৰেচন বিফল হোৱাৰ পিছতেই অইল মেনেজমেণ্টে ইডিপিএছ অতীন্দ্র ৰয়চৌধুৰীৰ নেতৃত্বত গঠন কৰি দিয়া বাঘজান অপাৰেচনৰ ১৭জনীয়া বিশেষজ্ঞ কমিটীখন ভংগ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে এলার্ট কোম্পানীক সহযোগ কৰিবলৈ খনন বিভাগৰ মুখ্য মহাপ্রবন্ধক এম কে কটকী, মহাপ্রবন্ধক পি হাজৰিকা, উপ–মহাপ্রবন্ধক জি বডো আৰু ডি দত্তক লৈ এইচাৰিজনীয়া দলটোৰ নেতৃত্বত বাঘজান অপাৰেচন সম্পর্কীয় নতুন কমিটীখন গঠন কৰা হয়৷ লক্ষণীয় যে ইডিপিএছ ৰয়চৌধুৰী নেতৃত্বত অইল চি এম টি টিম, ফিল্ড ইঞ্জিনীয়াৰিং, ড্রিলিং, ব্ল’আউট কণ্ড্র’ল ৰুম মেনেজমেণ্ট, লজিষ্টিক, এডমিনিষ্ট্রেচন এণ্ড ছিকিউৰিটী, এছেট ৰিলেটেড এক্টিভিটিছ, প্রডাকচন ইঞ্জিনীয়াৰিং, ইলেক্ট্রিকেল, মেডিকেল, লেণ্ড, চিভিল ইঞ্জিনীয়াৰিং, অ’জিপিএল, ছেফটী আদি বিভাগীয় দায়িত্বত থকা ব্যক্তিয়ে এলার্ট কোম্পানীৰ বিশেষজ্ঞৰ সৈতে সহযোগ আগবঢ়াইছিল৷ স্মর্তব্য যে দক্ষতা আৰু দায়িত্ববোধ প্রতিপন্ন হয় দূর্যোগকালীন সময়ত৷ দুর্যোগপূর্ণ মুহূর্তত মেনেজমেণ্টৰ সঠিক আৰু গুৰু সিদ্ধান্তই সময়ৰ প্রতিকূল দৃশ্যপটো সলনি কৰাৰ অৱকাশ থাকে৷ কিন্তু বর্তমান বাঘজান ঘটনাৱলীক লৈ অইল অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্র (কর্মাচিয়েল ব্রেকগ্রাউণ্ড), (অপাৰেচন) সঞ্চালক পংকজ গোস্বামী (মেকানিকেল ব্রেকগ্রাউণ্ড) আৰু (অন্বেষণ আৰু উন্নয়ন), সঞ্চালক ড০ পি চন্দ্রশেখৰণ (জি’লজিকেল ব্রেকগ্রাউণ্ড)সহ অইল মেনেজমেণ্ট টীমটোৰ কাৰিকৰী সিদ্ধান্ত আৰু বৌদ্ধিক দক্ষতাৰ ওপৰত দেশৰ দ্বিতীয় বৃহৎ নৱৰত্ন কোম্পানীটো লগতে বাঘজানবাসী কিমান সুৰক্ষিত সেয়া সময়ে নিশ্চিত কৰিব৷

You might also like