বাঘজানৰ তেলখাদৰ জুই নির্বাপণৰ বাবে যুদ্ধকালীন তৎপৰতা
নিয়মীয়া বাৰ্তা ১৩ জুনঃ বাঘজানৰ তেলখাদৰ জুই নির্বাপিত কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে ছিংগাপুৰৰ বিশেষজ্ঞ দলে৷ ইতিমধ্যে যোৱা সোমবাৰে উপস্থিত হোৱা তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে ঘটনাস্থলী পৰিদর্শন কৰি যাৱতীয় সা–সৰঞ্জাম নির্মাণৰ কামত তদাৰক কৰি আছে৷ আনফালে, শুকুৰবাৰে নিশাৰ ভাগত ছিংগাপুৰৰ এলার্ট ডিজেষ্টাৰ কণ্ড্র’ল নামৰ প্রতিষ্ঠানটোৰ আন তিনিগৰাকী বিশেষজ্ঞ দুলীয়াজানত উপস্থিত হয়৷ তেলখাদৰ জুই নির্বাপণৰ বিশেষ পাৰদর্শিতা আৰু অভিজ্ঞতা থকা মেথিউ কনর্ছ, এন্থনী ষ্টিভেন্স ৰেইনল্ডছ আৰু ডগলাছ এডৱার্ড নামৰ এই তিনিজন বিশেষজ্ঞ আমেৰিকাৰ হিউষ্টন আৰু কানাডাৰ পৰা চার্টার্ড বিমানেৰে আহি ইতিমধ্যে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈছে৷ ইপিনে, ইতিমধ্যে ঘটনাস্থলীত কাম আৰম্ভ কৰা ছিংগাপুৰৰ আন তিনিজন বিশেষজ্ঞ মাইকেল আলক্রন, ক্রেইগ ডানকান আৰু এডৱার্ড মেকলিয়ার্ডে কূপ নিয়ন্ত্রণ অপৰেচনৰ বাবে প্রয়োজনীয় ৰোড মেপ প্রস্তুততো সহায় কৰিছে৷ ৰোড মেপ প্রস্তুতৰ দায়িত্বত আৰু অ’ এন জি চিৰ দুর্যোগ ব্যৱস্থাপনা দলৰ লগতে প্রতিষ্ঠানটোৰ অৱসৰপ্রাপ্ত সঞ্চালক ভি পি মহাৱাৰ আছে৷ অইল ইণ্ডিয়াই এক বিবৃতিযোগে প্রকাশ কৰা মতে, অগ্নি নির্বাপণত ব্যৱহাৰ হ’ব লগা কেতবোৰ সামগ্রী আৰু সৰঞ্জাম ৰাজামুন্দ্রীৰ অ’ এন জি চিৰ পৰা আনি থকা হৈছে৷