নিয়মীয়া বাৰ্তা ১০ জুনঃ তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়াৰ তৈলখাদত সংঘটিত অগ্ণিকাণ্ডৰ ফলত সমগ্র অঞ্চলটোত আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷ বিধ্বংসী জুই আৰু ক’লা ধোঁৱাই নিমিষতে অঞ্চলটো আগুৰি ধৰাৰ ফলত গাঁৱৰ ৰাইজে প্রাণৰ মমতাত ঘৰ–দুৱাৰ এৰি পলায়ন কৰিছে৷ বাঘজানৰ লগতে নতুন গাঁও, বাৰেকুৰি অঞ্চলৰ লগতে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানো ক’লা ধোঁৱাই আৱৰি ধৰিছে৷ বাঘজান গাঁৱৰ ৰাইজে জীৱন ৰক্ষা কৰিবৰ বাবে যিয়ে যেনেকৈ পাৰে নিৰাপদ স্থানলৈ টালি–টোপোলা বান্ধি গাঁও এৰি গৈছে৷ দুর্গত লোকসকলে কর্দৈগুৰি অঞ্চলৰ বান্দৰখাটি মধ্য ইংৰাজী বিদ্যালয়, কেছেৰুগুৰি প্রাথমিক বিদ্যালয়, জকাইচুক নৱজ্যোতি যুৱক সংঘকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠানৰ্ কার্যালয়ত আশ্রয় শিবিৰত থাকিব লগা হৈছে৷ আন বহুতে বাতৰি লিখা পৰলৈকে আশ্রয়ৰ ঠাই বিচাৰি হাবাথুৰি খাব লগা হৈছে৷ দুর্গতসকলে ততাতৈয়াকৈ পলাবলগীয়া হোৱাৰ ফলত ঘৰত থকা সকলো সা–সামগ্রী নিব নোৱাৰা বাবে দুঃচিন্তাত পৰিব লগা হৈছে৷ বহু লোক এতিয়াও বান্দৰখাটি হাইস্কুলৰ খেলপথাৰত বোন্দাপৰ দি আছে৷ তদুপৰি বাঘজানৰ নামঘৰৰ কাষৰ পথাৰতো জুই বিয়পি পৰে৷ ইফালে, বিগত ১৩টা দিনে বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰত আশ্রয় লৈ থকা বাঘজান কলিয়াপানীবাসীক এক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ পদক্ষেপ লোৱা হয়৷ শিবিৰবাসীয়ে প্রাণৰ মমতাত হুৱাদুৱা লগোৱাৰ লগতে বহুতো মহিলাই কোঁচত পানীকেঁচুৱা লৈ আশ্রয় শিবিৰৰ পৰা ওলাই অহা দৃশ্য আছিল অকল্পনীয়৷ ইয়াৰ উপৰি এই আশ্রয় শিবিৰৰ কাষতে থকা দীঘলটৰং গাঁৱৰ ৰাইজো এই ঘটনাত আতংকিত হৈ যিয়ে যিদৰে পাৰে সেইদৰেই ঘৰৰ দুই–এপদ সামগ্রী লৈ নিৰাপদ স্থানলৈ ঢ়াপলি মেলে৷ আনহাতে, যোৱা ২৭ মে’ৰ পৰাই অইল ইণ্ডিয়াৰ ওপৰত খর্গহস্ত হৈ থকা বাঘজানবাসী একাংশ লোকে এই অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পাছত ক্রোধান্বিত হৈ অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইখন বাহন আৰু কর্মৰত শ্রমিকক আক্রমণ কৰি আহত কৰে৷ এই অগ্ণিকাণ্ড ঘটনাৰ বিষয়ে স্থানীয় দুই–এজন ব্যক্তিয়ে জানিবলৈ দি কয় যে যোৱা ২৭ মে’ৰ পৰা অহৰহভাৱে গেছ নির্গত হৈ থকাৰ উপৰি মাজে–সময়ে কন’ডেনছেট তেলৰ কণিকা বৰষুণৰ দৰে পৰিছিল৷ ওচৰৰ গছ–বন–লতাসমূহ তেলৰ কণিকা পৰি মৰহি গৈছিল৷ কালি বিদেশৰ বিশেষজ্ঞৰ দলটোৱে কূপটো পৰিদর্শন কৰি যোৱাৰ পাছৰে পৰা নিশাৰ ভাগত আগতকৈও অধিক শব্দ হোৱাৰ লগতে আজি পুৱাৰে পৰা কূপটোৰ পৰা প্রায় ৫০০ মিটাৰ নিলগলৈকে এই কন’ডেনছেট তেলৰ কণিকা বৰষুণৰ দৰে পৰিছিল৷ আজি দিনৰ প্রায় ১.১০ বজাত কূপটোৰ দিশৰ পৰা এক শব্দ ভাহি আহে আৰু তাৰ পাছতে গোটেই বাঘজান গাঁৱৰ আকাশ ক’লা ধোঁৱাই আগুৰি ধৰে৷ লগে লগে কূপটোৰ পৰা প্রায় ৫০০ মিটাৰ এলেকাত জুই বিয়পি পৰে৷ ফলত সমগ্র অঞ্চলটোত অবর্ণনীয় পৰিস্থিতি সৃষ্টি হয়৷