নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগ্মিতা শইকীয়াৰ শিৰত নর্থ–ইষ্ট ডিভাৰ মুকুট

🔹 মীনাক্ষি ফুকন প্রথম ৰানার্ছ আপ–মেঘনা বৰদলৈ দ্বিতীয় ৰানার্ছ আপ

বিশেষ বাৰ্তা, ৫ আগষ্ট : উত্তৰ–পূর্বাঞ্চলৰ প্রসিদ্ধ তথা খ্যাতনামা নর্থ–ইষ্ট ডিভা সৌন্দর্য প্রতিযোগিতাৰ বিজয়ী ঘোষণা কৰা হৈছে৷ তাজ ভিভাণ্টাত অনুষ্ঠিত সৌন্দর্য প্রতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত বিজয়ী হৈ মুকুট অর্জন কৰে বাগ্মিতা শইকীয়াই৷ এই প্রতিযোগিতাৰ প্রথম ৰানার্ছ আপৰ খিতাপ লাভ কৰে মীনাক্ষি ফুকনে৷ আনহাতে, দ্বিতীয় ৰানার্ছ আপৰ খিতাপ লাভ কৰে মেঘনা বৰদলৈয়ে৷ উল্লেখ্য যে দীর্ঘদিনীয়া অডিচনৰ অন্তত উত্তৰ–পূর্বাঞ্চলৰ মুঠ ২৪গৰাকী প্রতিযোগীয়ে নর্থ ইষ্ট ডিভাত অংশগ্রহণৰ সুযোগ লাভ কৰে৷ তাজ ভিভাণ্টাত চূড়ান্ত ৰাউণ্ডত ২৪গৰাকীৰ পৰা ৬গৰাকীয়ে শীর্ষ প্রতিযোগী হিচাপে স্থান লাভ কৰে৷ এই প্রতিযোগীসকলৰ মাজৰ পৰা বাগ্মিতা শইকীয়াই বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ জনপ্রিয় ঘোষক শচীন কুম্ভাৰে আঁত ধৰা এই সৌন্দর্য প্রতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত বিচাৰক হিচাপে উপস্থিত থাকে মিছ ইণ্ডিয়া অর্গেনাইজেচনৰ ব্রেণ্ড এণ্ড অপাৰেচন হেড নটাছা গ্রোভাৰ, মডেল তথা অভিনেত্রী ঋত্বিকা খাটৰাণী, মডেল জাণ্টি হাজৰিকা, জনপ্রিয় অভিনেতা কপিল বৰা আৰু জনপ্রিয় গায়ক জয় বৰুৱা৷ এই চূড়ান্ত প্রতিযোগিতাখন দবা–বৰতালৰ মংগলধ্বনিৰে আৰম্ভ হয়৷

প্রতিযোগিতাখনৰ মাজতে ভোৰতাল নৃত্য, পঞ্চকন্যা ব্রেণ্ড, মনোজ বৰুৱা আৰু পূৰবী শর্মাৰ ভায়োলিন বাদনৰ অনুষ্ঠানে সোণত সুৱগা চৰায়৷ অনুষ্ঠানটোত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, নিউজ লাইভৰ পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ লক্ষণীয় যে ২০১৪ বর্ষৰ পৰাই নর্থ ইষ্ট ডিভা সৌন্দর্য প্রতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে৷ উত্তৰ–পূর্বাঞ্চলৰ আটাইতকৈ সন্মানীয় এই প্রতিযোগিতাখনৰ জৰিয়তে যুৱ আৰু প্রতিভাৱান মডেলসকলক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়লৈ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাই অহা হৈছে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে আয়োজন কৰি আহিছে এই সৌন্দর্য প্রতিযোগিতাখন৷ নষ্ট ইষ্ট ডিভাৰ বিজয়ী প্রতিযোগীয়ে মিছ ইণ্ডিয়া প্রতিযোগিতাত পোনপটীয়াভাৱে অংশগ্রহণৰ সুযোগ লাভ কৰে৷

You might also like