নিয়মীয়া বাৰ্তা, ১১ মেঃ কালিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ১২ আৰু ১৩ মে’ত অনুষ্ঠিত হ’ব “ব’হাগী উৎসৱ-২০২৩”। ধুবুৰীৰ “শ্ৰীমন্ত শংকৰদেৱ সংঘ”ৰ উদ্যোগত আয়োজিত সেই কাৰ্য্যসূচীৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ ঘটিব। পতাকা উত্তোলন কৰিব “ব’হাগী উৎসৱ উদযাপন সমিতি”ৰ সভাপতি দীপক কুমাৰ সাহাই। কাৰ্য্যসূচী অনুসৰি, কালিলৈ পুৱা শ্বহীদ তৰ্পণ, খেল-ধেমালী প্ৰতিযোগিতা আৰু দুপৰীয়া অনুষ্ঠিত হ’ব বিহু মাইনা, বিহু পৰী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা। কাইলৈ বিয়লি শংকৰদেৱ সংঘ, ধুবুৰীৰ বহাগী উৎসৱৰ মুখ্য আকৰ্ষণ নামনি অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। ধুবুৰীৰ উপায়ুক্ত দিবাকৰ নাথে সেই প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আনহাতে “বহাগী উৎসৱ-২০২৩”ৰ ১৩ মে’ৰ পুৱা ৰাজবংশী গীত প্ৰতিযোগিতা আৰু দুপৰীয়া ৰাজবংশী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া অনুষ্ঠিত হ’ব এখনি মুকলি সভা। উদ্যোক্তাসকলে সদৰী কৰা অনুসৰি, সেই মুকলি সভাখনতেই ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই “বহাগী উৎসৱ-২০২৩” ৰ স্মৃতিগ্ৰন্থ “গগনা” উন্মোচন কৰিব। সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন উদ্বোধন কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী সাৰদা হাজৰিকা আৰু অভিৰাজৰ উপৰি বলীউড সংগীত জগতৰ খ্যাতনামা শিল্পী বিনোদ ৰাথোড়েও গীত পৰিৱেশন কৰিব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী