নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআই কেলেংকাৰিৰ ২২ অভিযুক্তৰ জামিন মঞ্জুৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) নিযুক্তি কেলেংকাৰিৰ ২২ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অৱশ্যে এই গোচৰটোৰ অন্যতম মূল অভিযুক্ত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তৰ জামিন নাকচ কৰিছে ন্যায়ালয়ে৷

উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাসকলৰ ভিতৰত আছে হীৰকজ্যোতি বৰুৱা, বিমল থাপা, কুমুদ কলিতা, তাৰিণীকান্ত বণিক্যকে ধৰি ২২ অভিযুক্ত৷ উল্লেখ্য যে উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিয়ে ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল৷ এছআই নিযুক্তি পৰীক্ষাৰ তদন্তৰ সময়ত পোহৰলৈ আহিছিল এই কেলেংকাৰিত জড়িত থকা এটা বৃহৎ চক্র৷

You might also like