নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএছএল-ৰ মেচ আয়োজন কৰিবলৈ অস্বীকাৰ ইউএইৰ

🔹 মুখথেকেচা খালে পাকিস্তান ক্রিকেট ব’র্ডে

নিউজ ডেস্ক, ১০ মে’ : ভাৰতৰ আইপিএলৰ দৰে বর্তমান পাকিস্তানতো চলি আছিল পাকিস্তান ছুপাৰ লীগ ( পিএছএল )৷ কিন্তু ভাৰত–পাক সংঘাতৰ আঁচোৰ পৰিল পিএছএলতো৷ যাৰ বাবে পিএছএলৰ বাকী থকা মেচবোৰ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিল পাকিস্তান ক্রিকেট ব’র্ড৷ পিচিবিয়ে চলিত পাকিস্তান ছুপাৰ লীগৰ বাকী থকা মেচসমূহ সংযুক্ত আৰব এমিৰেটছলৈ (ইউএই) স্থানান্তৰ কৰা হৈছে বুলি ঘোষণা কৰিছিল যদিও এমিৰেটছ ক্রিকেট ব’র্ডে পিএছএলৰ বাকী মেচসমূহ আয়োজন কৰিবলৈ অস্বীকাৰ কৰে৷ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্রেক্ষিতত ইউএইয়ে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ প্রস্তাৱটো প্রত্যাখ্যান কৰে৷ উল্লেখ্য যে পিচিবিয়ে কালি পুৱা সূচী অনুসৰি ৰাৱালপিণ্ডি, মুলতান আৰু লাহোৰত অনুষ্ঠিত হ’ব লগা পিএছএলৰ অন্তিম আঠখন মেচ ইউএইত অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছিল৷ পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে দুখ প্রকাশ কৰি কয় যে পাকিস্তানী অনুৰাগীসকলে এতিয়া তেওঁলোকৰ নিজৰ ষ্টেডিয়ামত এই মেচবোৰ উপভোগ কৰিব নোৱাৰিব৷ তেওঁ লগতে কয়– ‘ৰাজনীতি আৰু ক্রীড়াক পৃথক কৰি ৰখাৰ প্রয়োজনীয়তাৰ স্থিতিত পিচিবি সদায় অটল হৈ আহিছে৷ ৰাৱালপিণ্ডি ক্রিকেট ষ্টেডিয়ামত ড্রোন আক্রমণৰ পাছত পিচিবিয়ে বাকী মেচবোৰ ইউএইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল৷’

You might also like