নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন আক্ৰমণকাৰী ৪ অভিযুক্তৰ জামিন লাভ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ জুবিন গাৰ্গক অপদস্থ কৰা চাৰি অভিযুক্ত হীৰক ৰাজবংশী, দিশান্ত ভাগৱতী, অৰূপজ্যোতি তালুকদাৰ আৰু গীতাৰ্থ ডেকাই জামিন লাভ কৰিছে। গুৱাহাটী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত এন এছ ইউ আইৰ নেতাকেইজনৰ জামিন মঞ্জুৰ কৰে।

আদালতে প্ৰতিজন অভিযুক্তক ১০,০০০ টকা জৰিমনা আদায়ৰ লগতে দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য, যোৱা ১৩ আগষ্টৰ নিশা ১২.৪৫ বজাত অভিযুক্তকেইগৰাকীয়ে জুবিন গাৰ্গক ৰাজপথত ডাবি-ধমকি দিয়াৰ লগতে অপদস্থ কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল।

You might also like