নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ অংশ হিছাপে বজালীৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে ভাৰতৰ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভনিতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি লৌহ মানৱক স্মৰণ কৰি আজি পূৱাই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু আৰু বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰীৰ সৈতে পাঠশালাৰ মাজেৰে এই একতাৰ দৌৰত অংশ গ্ৰহণ কৰে জিলা উপায়ুক্ত শৰ্মাৰ লগতে বিষয়ববীয়া সকল৷ তাৰোপৰি বজালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সহযোগত বিদ্যাভবন নিত্যানন্দৰ পৰাও একতাৰ দৌৰ অনুষ্ঠিত কৰে। বজালীৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই অংশগ্ৰহণ কৰা আৰু বিদ্যালয়ৰখনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে এই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত বজালী জিলা আৰক্ষীৰ উদ্যোগত তথা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত জিলাখনৰ সকলো আৰক্ষী বিষয়া কনিষ্টবলসকলে অংশগ্ৰহণ কৰে এই একতাৰ দৌৰত। লৌহমানৱ গৰাকীক শ্ৰদ্বা জনোৱাৰ উদ্দেশ্যে বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বান শৰ্মা, উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈ, ৰস্মিৰেখা শৰ্মা সমন্বিতে বজালী আৰক্ষীয়ে প্ৰখৰ ৰ’দকো নেওচা দি পাঠশালা নগৰৰ মাজেৰে এই একতাৰ দৌৰ অনুষ্ঠিত কৰে। ইয়াৰোপৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানেও একতাৰ দৌৰ অনুষ্ঠিত কৰি লৌহমানৱগৰাকীৰ স্মৃতিচাৰণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা