নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পাঠশালাতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ বজালী উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত লেখক তথা প্ৰাক্তন সাংবাদিক পুলু কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই জিলাখনৰ সাংবাদিকসকলক আদৰণি জনায়৷ অনুষ্ঠানত মূল উপজীব্য “ৰাষ্ট্ৰ গঠনত গণমাধ্যমৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি পুলু কুমাৰ শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ কাউঞ্চিলৰ ভুমিকা আৰু সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, কাৰ্যবাহী দণ্ডাধীশ মিথিংগা দৈমাৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে ধ্ৰুৱজ্যোতি দেৱ, মনোজ্যোতি কুটুম আৰু প্ৰাঞ্জল প্ৰতীম কোৱৰ, বিশিষ্ট সমাজকৰ্মী ৰোহিনী শৰ্মা দলৈ সমন্বিতে বিশিষ্টসকল উপস্থিত থকা অনুষ্ঠানত বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰি ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ তালুকদাৰে ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে বুলি মন্তব্য কৰি কয় যে গণতন্ত্ৰৰ আবেষ্টনীৰ মাজত থাকি সাংবাদিকে সাংবাদ পৰিৱেশন কৰিব লাগে৷ পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সভাপতি নৱকান্ত কলিতাই আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত সংবাদমাধ্যমে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভুমিকা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ পাঠশালা প্ৰেছ ক্লাৱৰ উপদেষ্টা কৈলাস চৌধুৰীয়ে আলোচনাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যম গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ বাবেই অন্ধকাৰত লুকাই থকা বহুতো ঘটনা পৰিঘটনাৰ বিষয়ে প্ৰশাসন আৰু ৰাইজ অৱগত হয় বুলি উল্লেখ কৰে৷ আন এগৰাকী সাংবাদিক তথা বজালী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক কল্যাণ কলিতাই মূল উপজীব্যৰ ওপৰত বক্তব্য প্ৰদান কৰি কয় যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোনস্বৰূপ৷ আজি সংবাদ মাধ্যমে যি চিত্ৰিত কৰে সেয়া কাইলৈ জনমত হৈ পৰে। আধুনিক যুগত বিশেষকৈ আধুনিক গণতান্ত্ৰিক চৰকাৰৰ প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ এনে এক প্ৰেক্ষাপটতে সংবাদ মাধ্যমৰ দায়বদ্ধতা অতি জৰুৰী আৰু হয়তো সেইবাবেই ভাৰতত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। জেষ্ঠ্য সাংবাদিক হীৰেণ কলিতা, আমিনুল ইছলাম, ৰঞ্জিত দাস, ৰোহিনী শৰ্মা দলেৰ লগতে বিশ্বজিৎ গাংগুলী, সঞ্জীৱ সাগৰ দাস, ৰূপম মেধি সমন্বিতে সাংবাদিকসকল উপস্থিত থকা অনুষ্ঠানত বজালী জিলা প্ৰশাসনৰ ফালৰ পৰা এটিকে উপহাৰ প্ৰদান কৰে জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই৷ অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে৷
প্ৰেৰক কল্যাণ কলিতা