নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ বজালীৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক অনুষ্ঠান সৃষ্টি, পাঠশালাৰ উদ্যোগত বজালী অঞ্চলত শিক্ষাৰ প্ৰসাৰ, বৌদ্ধিক বিকাশ আৰু গ্ৰন্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰি অহা “বজালী গ্ৰন্থ উৎসৱ” ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ পাঠশালা হৰিমন্দিৰ প্রাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হব৷ গ্ৰন্থ উৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে শিক্ষাবিদ মুৰাৰি মোহন দত্তক সভাপতি, ড° নীলমজ্যোতি দত্ত মুখ্য সম্পাদক, বিপুল দাসক কাৰ্যকৰী সভাপতি হিচাপে এখন সমিতি গঠন কৰা হৈছে৷ আজি পাঠশালাত অনুষ্ঠিত সংবাদ মেল সম্বোধন কৰি গ্ৰন্থ উৎসৱৰ বিষয়ববীয়া গৌতম তালুকদাৰ, মৃনাল কলিতাই চতুৰ্থবাৰৰ বাবে পাঠশালাত আয়োজন কৰা বজালী গ্ৰন্থ উৎসৱ, ২০২২ৰ মুকলি সভাত মানৱসেৱা, শৈক্ষিক ক্ষেত্ৰত বিশেষভাবে জড়িত হৈ অহা তপোবনৰ সঞ্চালক কুমুদ কলিতালৈ সৃষ্টি বঁটা প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে৷ বজালী গ্ৰন্থ উৎসৱৰ কাৰ্যসূচী অনুসৰি ২৭ অক্টোবৰৰ পুৱা সৃষ্টিৰ পতাকা উত্তোলন কৰিব গ্ৰন্থ উৎসৱ পৰিচালনা সমিতিৰ সভাপতি মুৰাৰি মোহন দত্তই, গছপুলি ৰোপণ কৰিব গ্ৰীণ মিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰে আৰু পৰিবেশ কৰ্মী নগেন চৌধুৰীয়ে৷ চিত্রাংকন প্রতিযোগিতাৰ পাছতে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীয়ে সভাৰ মুখ্য দ্বাৰ আৰু সভা উন্মোচন কৰিবলগীয়া অনুষ্ঠানত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ক্ৰমে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা ধীৰেন শৰ্মাই৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে৷ ইয়াৰ পাছতে শিক্ষাবিদ জীৱনকৃষ্ণ পাত্ৰ সোঁৱৰণী বিষ্ণু ৰাভা সংগীত আৰু জ্যোতি সংগীত প্রতিযোগিতা উদ্বোধন কৰিব কামৰূপীয়া লোকগীতৰ সাধক বসন্ত পাটগিৰিয়ে৷ ২৮ অক্টোবৰৰ বিয়লি পাঠশালা লেখিকা চ’ৰাৰ উদ্যোগত আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সোঁৱৰণত বিশিষ্ট শিক্ষাবিদ ৰত্নেশ্বৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া আলোচনা চক্ৰ উদ্বোধন কৰিব বিধায়ক ফণীধৰ তালুকদাৰে৷ অনুষ্ঠানত মুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া বন্তি প্রজ্বলন অনুষ্ঠান মুকলি কৰিব জোনাকী মেল, বজালীৰ বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই৷ ইয়াৰ পাছতে বৰগীত, ভূপেন্দ্ৰ সংগীত প্রতিযোগিতা অনুষ্ঠিত হব৷ ২৯ অক্টোবৰৰ বিয়লি অধ্যাপক ড° বিনীতা বৰা দেৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি নীলিম কুমাৰে৷ ইয়াৰ পাছতে স্ব-নির্বাচিত কবিতা আবৃত্তি প্রতিযোগিতা উদ্বোধন কৰিব বজালী জিলা পৰিষদৰ সভাপতি ৰণজিৎ শালৈয়ে৷ ৩০ অক্টোবৰৰ পুৱা অনন্ত মোহন শর্মা সোঁৱৰণী কুইজ প্রতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই৷ বিয়লি মুখপত্র উন্মোচন আৰু গ্ৰন্থ সৌৰভ’ বঁটা প্ৰদান অনুষ্ঠান৷ গ্ৰন্থ উন্মোচন কৰিব অধিবক্তা গিৰিধৰ চৌধুৰীয়ে৷ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানত ৰাষ্ট্ৰীয় ‘কলাৰত্ন বঁটা’ প্রাপক বিশিষ্ট শিল্পী আৰু সাহিত্যিক পেঞ্চনাৰ লক্ষ্মী দাসক গ্ৰন্থ সৌৰভ বঁটা প্ৰদান কৰা হব৷ নিশা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ ৩১ অক্টোবৰৰ বিয়লি মুৰাৰী মোহন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভা, সৃষ্টি বঁটা’ প্ৰদান আৰু বঁটা বিতৰণী অনুষ্ঠানত বিশেষভাবে সক্ষম শিশুসকলৰ পীঠস্থান তপোবনৰ সঞ্চালক কুমুদ কলিতাক সৃষ্টি বঁটা প্ৰদান কৰা হব৷ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া বিচিত্রানুষ্ঠানৰে গ্ৰন্থ উৎসৱৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দি ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা