নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ চৌখুটী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সমিতি গঠন

নিয়মীয়া বাৰ্তা, পাঠশালা, ৭ এপ্ৰিলঃ বজালীৰ শিক্ষাখণ্ডৰ অন্যতম বাটকটীয়া শিক্ষানুষ্ঠান হৈছে চৌখুটী হাইস্কুল।এসময়ত বজালীৰ নালন্দা হিচাপে পৰিচিত৷এই শিক্ষানুষ্ঠানখনে বহুতো মানৱ সম্পদ সৃষ্টি কৰি আহিছে৷ শিক্ষানুষ্ঠানখনৰ পৰা সুখ্যাতিৰে শিক্ষা লাভ কৰি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও বিদেশতো বিশেষ বিশেষ পদবীত সেৱা আগবঢ়াই আছে বহু প্ৰাক্তন শিক্ষাৰ্থী৷ এনেকুৱা এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ “প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন” অনুষ্ঠিত কৰাৰ বাবে আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ চৌখুটী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ সমুদ্ৰ পাটগিৰিয়ে৷ চৌখুটী হাইস্কুল চৌহদত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে বিশদভাৱে আলোচনা কৰা হয়। সভাত উপস্থিত সদস্যসকলে বৰ্তমান দুৰ্বল হৈ পৰা বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়ন সম্পৰ্কত বিশদভাৱে আলোচনা আগবঢ়ায়৷ দুৰ্গত ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে কল্যাণ নিধি এটা গঠন কৰিবলৈও প্ৰাক্তন ছাত্ৰ মৃদুল তালুকদাৰে মত পোষণ কৰে। আজিৰ সভাই ইতিমধ্যে ১৯৭৫, ১৯৭৭, ১৯৮৪, ২০০০, ২০০২ আৰু ২০১৯ বৰ্ষৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ত সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে শলাগ লোৱাৰ লগতে ১৯৭৫ বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে “সতীৰ্থ” নামেৰে এখন স্মৰণিকা প্ৰকাশ কৰাৰ বাবেও বিশেষভাৱে শলাগ লয়। আজিৰ সভাত গুৱাহাটীৰ পৰা আহি উপস্থিত হোৱা প্ৰক্তন ছাত্ৰ দেবেন্দ্ৰ নাথ পাটগিৰিয়ে সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিবলৈ সহমত পোষণ কৰে আৰু ইয়াৰ গুৱাহাটীৰ কমিটিখন গঠন কৰিবলৈ সভাই পাটগিৰিক দায়িত্ব অৰ্পন কৰে। এই সভাতে প্ৰাক্তন ছাত্ৰ মনোজ কুমাৰ পাটগিৰি, পৰেশ তালুকদাৰ, গণেশ চৌধুৰী, সতীশ তালুকদাৰ, দুলু পাটগিৰি, নিপন তালুকদাৰ, হেমন্ত চৌধুৰী, ৰতন চৌধুৰী, অলকেশ তালুকদাৰ আদিয়ে বক্তব্য ৰাখি বিদ্যালয়খনৰ আন্তঃগাঠনি আৰু শৈক্ষিক দিশত উন্নয়নৰ বাবে মত পোষণ কৰে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰা উৎপল চৌধুৰী, ৰূপজ্যোতি কলিতা, শশাংক পাটগিৰি, মৃন্ময় তালুকদাৰ, ৰূপম কাকতি, জিতু কাকতি, উদীপ্ত খাটনিয়াৰ আদিকে ধৰি কেবাগৰাকী প্ৰাক্তন ছাত্ৰৰ শলাগ লয়। আজিৰ সভাই গিৰিধৰ চৌধুৰীক সভাপতি আৰু সমুদ্ৰ পাটগিৰিক সাধাৰণ সম্পাদক হিচাবে লৈ সতীৰ্থ সন্মিলনৰ ১০১ জনীয়া স্থায়ী কমিটিখন গঠন কৰে৷ সভাৰ অন্তত সভাপতিয়ে সতীৰ্থ সন্মিলনৰ সফল কামনা কৰি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহায়-সহযোগ আৰু দিহা পৰামৰ্শ আশা কৰি আগন্তুক দিনত সুবিধাজনজক সময়ত অনুষ্ঠিত কৰিবলৈ মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like