নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“হোলী গীতত উজ্জীৱিত হৈছে সাংস্কৃতিক সত্তা”

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ “হোলী গীতত উজ্জীৱিত হৈছে আমাৰ সাংস্কৃতিক সত্ত্বা ৷ অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ক্ষেত্ৰখনক মহীয়ান কৰা হোলী গীতসমূহে কৃষ্ণ ভক্তি, প্ৰেম আৰু জাতীয় পৰম্পৰাৰ লগতে আমাৰ ঐতিহ্যমণ্ডিত কৃষ্টি সংস্কৃতিও যথাৰ্থ ৰূপত প্ৰাসংগিক আৰু বিকশাই তুলিছে৷” এই মন্তব্য বজালী জিলাধিপতি ভাৰত ভূষণ দেৱ চৌধুৰীৰ৷ বজালী জিলাৰ ভৱানীপুৰৰ গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠীয়ে দুয়োজনা গুৰুৰ সেৱাৰ বস্তু হোলী গীতৰ শুদ্ধ পৰিৱেশন আৰু প্ৰসাৰৰ গুৰুত্বাৰোপ কৰি আজিৰেপৰা বজালী জিলাত ভ্ৰাম্যমাণ ৰূপত হোলী গীতৰ শুদ্ধ প্ৰচাৰৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে৷ পাঠশালাৰ হৰিমন্দিৰত আজি পুৱা শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যক্ৰম উদ্বোধন কৰি বজালীৰ উপায়ুক্তগৰাকীয়ে কয় যে এক সবল প্ৰেক্ষাপট থকা হোলী গীতসমূহৰ শুদ্ধ প্ৰচাৰৰ বাবে আজি যি অভিযান আৰম্ভ কৰা হৈছে সেয়া অকল মহত্ত্বপূৰ্ণ পদক্ষেপেই নহয়; যথাৰ্থ ৰূপত সময়োপযোগী এক সাহসী কাৰ্য বুলিও উপায়ুক্ত দেৱ চৌধুৰীয়ে অভিমত ব্যক্ত কৰে৷ অনুষ্ঠানত বজালীৰ বিশিষ্ট সমাজকৰ্মী নগেন চৌধুৰী, অধিবক্তা গিৰিধৰ চৌধুৰীও উপস্থিত, অপূৰ্ব কলিতা ৰাজৰ্ষি চৌধুৰী সমন্বিতে ভালেসংখ্যক লোক উপস্থিত থাকে৷ উল্লেখ্য যে গোপাল আতা সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অপূর্ব কলিতা আৰু সম্পাদক ৰাজর্ষি চৌধুৰীৰ নেতৃত্বত “আহাঁ আমি খেলো হোলী” শীৰ্ষক হোলী গীতৰ এই ভ্ৰাম্যমান কাৰ্যসূচী পাঠশালা হৰিমন্দিৰত উদ্বোধন কৰাৰ পিছতে ক্ৰমে কেন্দুগুৰি, সাদেৰী, নিত্যানন্দ, পুঠিমাৰী, আনন্দবজাৰ, সাউদৰ ভিঠা, গণক পাৰা আৰু কৰ্দৈগুৰিত সামৰণি পৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like